ETV Bharat / bharat

ক'ভিডত আক্ৰান্ত বলিউড তাৰকা ভূমি পেডনেকাৰ - বলিউডৰ তাৰকা ভূমি পেডনেকাৰ

বলিউডৰ তাৰকা ভূমি পেডনেকাৰ আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ সোমবাৰে ছ'চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে 31 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৷ অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে, কিছুদিনৰ পৰা সামান্য লক্ষণ দেখা দিছিল ৷ লগে লগে কোৱাৰিন্টিনত থকাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলো প্ৰট'কল মানি চলিছিল তেওঁ ৷

ক'ভিডত আক্ৰান্ত বলিউড তাৰকা ভূমি পেডনেকাৰ

author img

By

Published : Apr 5, 2021, 1:33 PM IST

চিটাৰা ডেস্ক, 5 এপ্ৰিল: বলিউডৰ তাৰকা ভূমি পেডনেকাৰ আক্ৰান্ত হৈছে ক'ভিড-19ত ৷ সোমবাৰে ছ'চিয়েল মিডিয়া যোগে এই কথা প্ৰকাশ কৰে 31 বছৰীয়া অভিনেত্ৰী গৰাকীয়ে ৷ অভিনেত্ৰী গৰাকীয়ে জনোৱা মতে, কিছুদিনৰ পৰা সামান্য লক্ষণ দেখা দিছিল ৷ লগে লগে আছুতীয়াকৈ থকাৰ ব্যৱস্থা কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলো প্ৰট'কল মানি চলিছিল ৷

অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে অনুৰাগীসকলক অৱগত কৰি এক পোষ্ট শ্বেয়াৰ কৰিছিল। য'ত লিখিছিল, "মই ক'ভিড-19ত আক্ৰান্ত হৈছো । বৰ্তমানেও মোৰ দেহত কিছু লক্ষণ আছে ৷ গতিকে মোৰ সংস্পৰ্শলৈ অহা আটাইয়ে যাতে আছুতীয়াকৈ থাকি স্বাস্থ্য পৰীক্ষা কৰায় ৷

সতৰ্কতা অনুশীলন কৰিবলৈ অনুৰোধ জনাই অভিনেত্ৰী গৰাকীয়ে কয় যে, সুষম আহাৰ, যথেষ্ট পৰিমানৰ চি ভিটামিন খোৱাৰ লগতে সময় মতে মাস্ক পৰিধান কৰি, হাত ধুই থকাৰ লগতে, সামাজিক দূৰত্ব বজাই ৰাখক ৷

ইফালে ইনষ্টাগ্ৰামত ভূমিৰ আশু আৰোগ্য কামনা কৰিছে অনুৰাগীয়ে ৷

লগতে পঢ়ক: ড্ৰাগছ গোচৰত আটক হোৱা অভিনেতা এজাজ খান ক'ভিড-19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.