নিউজ ডেস্ক, ২১ মে' : বিভিন্ন সময়ত বিভিন্ন ৰাজ্যত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ডই চৰ্চা লাভ কৰি আহিছে (strange case of Electricity Department) । বিশেষকৈ এক প্ৰকাৰ অসম্ভৱ বিদ্যুৎ বিলে গ্ৰাহকৰ নিদ্ৰাহৰণ কৰা ঘটনা প্ৰকাশ পাই আহিছে । বিদ্যুৎ বিভাগৰ পুনৰ তেনে এক কাণ্ডত চকু কপালত তুলিছে এগৰাকী বিদ্যুৎ গ্ৰাহকৰ (Shocking Electricity Bill received in Odisha) । ওড়িশাৰ ভুৱনেশ্বৰৰ এজন ব্যক্তিয়ে মে' মাহৰ বাবে লাভ কৰিছে ৭.৯ কোটি টকাৰ বিদ্যুতৰ বিল ।
এই বৃহৎ পৰিমাণৰ বিলখন পোৱাৰ পিছত উপভোক্তাজন হতবাক হৈ পৰে (Bhubaneswar man received 7 crore electricity bill) । ভুৱনেশ্বৰৰ বাসিন্দা দুৰ্গাপ্ৰসাদ পাটনায়ক নামৰ এই ব্যক্তিজনে নীলাদ্ৰী বিহাৰ অঞ্চলৰ এটা ভাড়াঘৰত বাস কৰে । পাটনায়কে অভিযোগ কৰে যে, মাৰ্চত এটা স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিচতে তেওঁ এই অসম্ভৱ পৰিমাণৰ বিদ্যুতৰ বিল লাভ কৰে ।
এই সন্দৰ্ভত দুৰ্গাপ্ৰসাদ পাটনায়কে কয়, ''সাধাৰণতে এমাহত ঘৰুৱা বিল 700 টকাৰ পৰা 1,500 টকাৰ ভিতৰত হয় । কিন্তু স্মাৰ্ট মিটাৰ এটা স্থাপন কৰাৰ পিছত মই এপ্ৰিল মাহত 6,000 টকাৰ বৃহৎ পৰিমাণৰ বিল পৰিশোধ কৰোঁ (smart metre of electricity) । প্ৰতিমাহৰ দৰে যেতিয়া মই মোৰ বিল অনলাইনত পৰিশোধ কৰিবলৈ যাওঁ, তেতিয়া মই মে' মাহৰ বাবে বিলখন চাই আচৰিত হৈ পৰোঁ ।"
পাটনায়কে লগতে জনায় যে কিবা কাৰিকৰী বিজুতিৰ সন্দেহ কৰি তেওঁ এক টুইটৰ জৰিয়তে বৈদ্যুৎ বিভাগক বিষয়টো সন্দৰ্ভত অৱগত কৰিছিল । কিন্তু তেওঁ এতিয়ালৈকে তাৰ কোনো সঁহাৰি লাভ কৰা নাই ।
"মোৰ আশংকা হয় যে যদি এই প্ৰখৰ গৰমৰ পৰিস্থিতিত মোৰ বিদ্যুৎ সংযোগ কৰ্তন কৰা হয় তেন্তে মই ভীষণ অসুবিধাৰ সন্মুখীন হ'ম । সেয়েহে মই এই সন্দৰ্ভত এটা অভিযোগ দাখিল কৰোঁ । কিন্তু সেয়াও বৃথা হৈছে ।" পাটনায়কে কয় ।
ইফালে স্মাৰ্ট মিটাৰ সন্দৰ্ভত তেওঁ কয়, "বিদ্যুৎ বিভাগে জনসাধাৰণক এই নতুন প্ৰযুক্তিৰ বিষয়ে অৱগত কৰা উচিত । লগতে ইয়াৰ ব্যৱহাৰৰ বিষয়ে কিছু ভিডিঅ' মুকলি কৰা উচিত যাতে উপভোক্তাসকল প্ৰতাৰিত হোৱাৰ পৰা ৰক্ষা পৰে । বিতৰক কোম্পানীয়ে এই দিশটোৰ প্ৰতি লক্ষ্য ৰখা উচিত আৰু সঠিক আৰু স্বচ্ছ সেৱা প্ৰদান কৰা উচিত ।"
লগতে পঢ়ক :SBI circular for 2000 notes exchange : ২০০০ টকীয়া নোট সলনি কৰিবলৈ কি নথি লাগিব ?