ETV Bharat / bharat

ভিলাইত আইটিআইৰ ছাত্ৰৰ চিপ লৈ আত্মহত্যা

author img

By ETV Bharat Assamese Team

Published : Nov 25, 2023, 1:37 PM IST

ভিলাইত ১৯ বছৰীয়া এগৰাকী ছাত্ৰই আত্মহত্যা কৰে । ৰুংটা মহাবিদ্যালয়ত আইটিআইৰ প্ৰথমবৰ্ষৰ ছাত্ৰ আছিল নিখিল বাৰ্মা । ছাত্ৰজনৰ পৰিয়ালত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

Students suicide
ভিলাইত আইটিআইৰ ছাত্ৰৰ আত্মহত্যা

নেশ্যনেল ডেস্ক,২৫ নৱেম্বৰ : ছত্তীশগড়ৰ ভিলাইত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ৰুংটা মহাবিদ্যালয়ৰ এগৰাকী আইটিআই শিক্ষাৰ্থীয়ে হোষ্টেলৰ কোঠাতে চিপ লৈ আত্মহত্যা কৰে । আৰক্ষীয়ে ছাত্ৰজনৰ ওচৰৰ পৰা এখন চুইচাইড নোট উদ্ধাৰ কৰিছে । চুইচাইড নোটখন তেওঁ পিতৃ-মাতৃক সম্বোধন কৰি লিখিছিল । য'ত তেওঁ পিতৃ-মাতৃক ক্ষমা বিচাৰিছে ।

মৃত ছাত্ৰজনৰ নাম নিখিল বাৰ্মা বুলি জানিব পৰা গৈছে । লিটিয়া চকীৰ অন্তৰ্গত দৰ্কি গাঁৱৰ বাসিন্দা আছিল নিখিল । ১৯ বছৰীয়া নিখিলে ভিলাইৰ ৰুংটা মহাবিদ্যালয়ত আইটিআইৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰি আছিল । কিন্তু হঠাৎ ছাত্ৰজনৰ আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকসকলৰ মাজত অভাৱনীয় পৰিৱেশৰ সৃষ্টি হৈছে । শোকত ভাগি পৰিছে সকলো । নিখিলৰ মৃত্যুক এতিয়াও সহজভাৱে ল'ব পৰা নাই পৰিয়ালটোৱে । পৰিয়ালৰ সদস্যৰ মতে নিখিল মেধাৱী ছাত্ৰ আছিল । কোনো লোকৰ সৈতে তেওঁৰ শত্ৰুতাও নাছিল ।

পিতৃৰ মতে নিখিলে কমকৈ কথা পাতিছিল । বেছিখিনি সময় নিজৰ পঢ়া-শুনাৰ সৈতে তেওঁ ব্যস্ত আছিল । দীপাৱলীৰ বন্ধৰ সময়ত তেওঁ ঘৰলৈও আহিছিল । তেওঁ মাতৃৰ পৰা ধন লৈ নতুন কাপোৰো ক্ৰয় কৰিছিল । পিতৃৰ মতে সেই সময়ছোৱাত ঘৰত কোনো ধৰণৰ বিবাদ হোৱা নাছিল । দীপাৱলীৰ পাছত তেওঁ ১৮ নৱেম্বৰত হোষ্টেললৈ উভতি গৈছিল ।

জানিব পৰা মতে দুদিন হোষ্টেলত থকাৰ পাছত তেওঁ ৰামনগৰত বাস কৰা তেওঁৰ ভাতৃৰ ঘৰলৈ গৈছিল । তাৰ পৰা তেওঁ পুনৰ হোষ্টেললৈ উভতি আহিছিল । কিন্তু শুকুৰবাৰে সন্ধিয়া হোষ্টেলৰ কোঠাত চিপ লোৱা অৱস্থাত নিখিলৰ মৃতদেহ উদ্ধাৰ হয় । আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লাল বাহাদুৰ শাস্ত্ৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল । অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰাৰম্ভিক প্ৰতিবেদন অহাৰ পাছত হে সকলো কথা স্পষ্ট হ'ব ।

লগতে পঢ়ক :4 ধৰ্ষণকাৰীক চূড়ান্ত শাস্তি প্ৰদানৰ লগতে নগদ ধনৰ জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.