নিউজ ডেস্ক, ১৫ জুলাইঃ ঔষধ নিৰ্মাণ কোম্পানী Zydus Cadila য়ে মানৱ দেহত প্ৰয়োগ কৰিবৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে মহামাৰী COVID-19ৰ ভেকচিন । ZyCoV-D নামৰ এবিধ ভেকচিন উলিয়াইছে কোম্পানীটোৱে । দেশৰ ভিন্ন প্ৰান্তৰ ১,০০০ জন ব্যক্তিৰ দেহত এই ভেকচিন পৰীক্ষণ কৰিব বুলি জানিবলৈ দিয়ে কোম্পানীটোৱে ।
কোম্পানীটোৱে সদৰি কৰা অনুসৰি, ভেকচিনটো পৰীক্ষাৰ বাবে ইতিমধ্যে প্ৰথম পৰ্যায় আৰম্ভ কৰিছে কোম্পানীটোৱে । তাৰোপৰি কোম্পানীটোৱে লাহে লাহে ভেকচিনৰ পালি বঢ়োৱাৰ লগতে অধ্যয়নৰ জৰিয়তে ভেকচিনটোৰ সুৰক্ষা আৰু সহন যোগ্যতা অনুসন্ধান কৰিব বুলি সদৰি কৰে ।
চলিত মাহৰ আৰম্ভণিতে Zydus Cadila মানৱ দেহত প্ৰয়োগৰ বাবে অনুমতি লাভ কৰে । উল্লেখ্য যে, কৰ'ণা ভেকচিন মানৱ দেহত প্ৰয়োগ কৰাৰ বাবে অনুমতি লাভ কৰা এইটো হৈছে ভাৰতৰ দ্বিতীয়টো কোম্পানী ।
লগতে চাওকঃ বানাক্ৰান্তৰ মাজত আছুৰ সাহাৰ্য বিতৰণ