নিউজ ডেস্ক, 6 আগষ্ট: ভাৰতীয় ফাৰ্মাচিউটিকেল কোম্পানী Zydus Cadilaই বুধবাৰে ঘোষণা কৰা মতে, ক’ভিড-19 মহামাৰীক ৰোধ কৰিবলৈ Plasmid DNA ভেকচিনৰ প্ৰথম ক্লিনিকেল পৰীক্ষাত ZyCoV-Dক সুৰক্ষিত আৰু উন্নত ধৰণে পোৱা গৈছে ৷ আনহাতে, কোম্পানীটোৱে বৃহস্পতিবাৰে দ্বিতীয় স্তৰৰ ক্লিনিকেল পৰীক্ষা সম্পন্ন কৰিব ৷ এই কোম্পানীটোৱে প্ৰতিবেদন জনোৱা মতে, চলিত বৰ্ষৰ 15 জুলাইত আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ ক্লিনিকেল পৰীক্ষাত সুস্থ স্বয়মসেৱকসকলক ভেকচিন প্ৰদান কৰা হয় আৰু তেওঁলোকে ভালদৰে ইয়াৰ ব্যৱহাৰ কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ পূৰ্বে প্ৰথম পৰ্যায়ৰ পৰীক্ষাত এই ভেকচিনৰ 7 দিনীয়া সুৰক্ষাক Data Safety Monitoring Board (DSMB)য়ে সমৰ্থন কৰিছিল ৷ ZyCoV-Dৰ দ্বিতীয় স্তৰৰ অধ্যয়ণত 1000 গৰাকীৰো অধিক সুস্থ জ্যেষ্ঠ স্বয়মসেৱকক প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ডোজ বৃদ্ধি, বহুস্তৰীয়, ডাবল ব্লাইণ্ড, প্লেচেবো নিয়ন্ত্ৰিত অধ্যয়ণৰ অংশ হিচাপে ভাগ ল’বলৈ দিয়া হ’ব ৷
ZyCoV-Dৰ সৈতে কোম্পানীয়ে অপ্ৰতিলিপি আৰু অসংহতকৰণ প্লাস্মিডৰ প্ৰয়োগ কৰি দেশত DNA ভেকচিন প্লেটফ’ৰ্মক সফলভাৱে স্থাপন কৰিছে ৷
Zydusৰ ZyCoV-Dৰ বিকাশৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ National Biopharma Mission, BIRAC আৰু Department of Biotechnologyয়ে সমৰ্থন আগবঢ়াইছে ৷ Zydusৰ ভেকচিন গৱেষণা কাৰ্যসূচী Zydus Cadilaৰ ভেকচিন প্ৰায়োগিক কেন্দ্ৰত অনুষ্ঠিত হয়, য’ত viral, toxoid, polysaccharide, conjugate আৰু অন্য ভেকচিনৰ বিকাশ আৰু নিৰ্মাণৰ ক্ষমতাৰ বিস্তৃত শৃংখলা আগবঢ়োৱা হয় ৷ বাস্তৱকিতে Zydus 2010ত ছোৱেইন ফ্লুক ৰোধ কৰিবলৈ ভেকচিনৰ বিকাশ আৰু স্বদেশী ভেকচিন নিৰ্মাণ কৰা এই কোম্পানীটো ভাৰতবৰ্ষৰ প্ৰথম কোম্পানী আছিল ৷
ইয়াৰোপৰি এই কোম্পানীটোৱে Measles-Mumps-Rubella-Varicella (MMRV), Human papillomavirus vaccine, Hepatitis A, Hepatitis E vaccinesৰ নিচিনা শক্তিশালী ভেকচিন উৎপাদন কৰে ৷
লগতে পঢ়ক: আগন্তুক বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ ৰাহুল গান্ধীৰ