উত্তৰ প্ৰদেশ, ১৪ জুন : উত্তৰ প্ৰদেশৰ চিত্রকূট জিলাত এগৰাকী ১২ বছৰীয়া কিশোৰীক ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে । কিশোৰীগৰাকীয়ে ঘৰচীয়া পশু চৰাবলৈ যাওতেই ধৰ্ষণ কৰে ২০ বছৰীয়া যুৱকজনে ।
চিত্রকূট জিলাৰ মাউ আৰক্ষী চকীৰ বিষয়া সুভাষ চন্দ্র চৌৰাচিয়াই প্ৰকাশ কৰা অনুসৰি , যুৱকজনে ধৰ্ষণৰ পাছত কিশোৰীক ঘটনাৰ বিষয়ে কাৰোবাক ক'লে হত্যা কৰাৰ ভাবুকি দিয়ে । কিন্তু কিশোৰীগৰাকীয়ে ঘৰত আহি পৰিয়ালৰ আগত সকলো কথা বৰ্ণনা কৰে ।

মাউ আৰক্ষীয়ে ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে । আনহাতে বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত যুৱকজন ।
লগতে পঢ়ক : অস্বাস্থ্যকৰ পানী সেৱন কৰি জীৱন নিৰ্বাহ দাৰাগাঁৱৰ প্ৰায় শতাধিক পৰিয়ালৰ