ETV Bharat / bharat

ভূমি বিবাদ নিষ্পত্তিৰ বাবে যোগী চৰকাৰে আনিছে "বিৰাচট "যোজনা

author img

By

Published : Dec 20, 2020, 8:55 PM IST

উত্তৰ প্ৰদেশত আদিত্য় নাথৰ চৰকাৰে গ্ৰামাঞ্চলৰ উত্তৰাধিকাৰৰ অধিকাৰৰ বাবে ভূমি বিবাদক শেষ কৰিবলৈ "বিৰাচট "( প্ৰাকৃতিক উত্তৰাধিকাৰ) অভিযানৰ আৰম্ভ কৰিছে । মাটি অথবা সম্পত্তিৰ দীৰ্ঘ দিনীয়া বিবাদৰ নিষ্পত্তি কৰা হ'ব ।

ভূমি বিবাদ নিস্পত্তিৰ বাবে যোগী চৰকাৰৰ "বিৰাট"যোজনা

নেশ্য়নেল ডেস্ক , ২০ ডিচেম্বৰ : উত্তৰ প্ৰদেশত আদিত্য় নাথৰ চৰকাৰে গ্ৰামাঞ্চলৰ উত্তৰাধিকাৰৰ অধিকাৰৰ বাবে ভূমি বিবাদক শেষ কৰিবলৈ আৰু সম্পত্তিৰ বিৰোধিতাক নাকী লগাবলৈ ৰাজ্য়ৰ জিলা আৰু সদৰ ঠাই সমূহত দুই মাহৰ বিশেষ "বিৰাচট "(প্ৰাকৃতিক উত্তৰাধিকাৰ) অভিযানৰ আৰম্ভ কৰিছে । মাটি অথবা সম্পত্তিৰ দীৰ্ঘ দিনীয়া বিবাদৰ নিষ্পত্তি কৰা হ'ব । আৰু বিবাদিত সম্পত্তিৰ ক্ষেত্ৰত ভূ মাফিয়াৰ গ্ৰামাঞ্চলৰ ৰাইজক কৰা শোষণ বন্ধ কৰা হ’ব । ৰাজ্য়ত এয়া প্ৰথমটো অভিযান । চৰকাৰৰ মুখপাত্ৰৰ মতে বছৰ বছৰ ধৰি সমাধান নোহোৱা ৰাজ্য়ৰ প্ৰায় ১,০৮,০০০ ৰাজহ গাঁৱৰ ঘটনা নিষ্পত্তি কৰা হ'ব । অভিযানৰ সময়চোৱাত

সকলো তথ্য় ৰাজহ ব’ৰ্ডৰ ৱেব ছাইটত আপলোড কৰা হ’ব যাৰ দ্বাৰা অভিযানৰ প্ৰগতি গম পোৱা যাব । এই দুমাহৰ শেষত জিলা দণ্ডাধীশ আৰু জিলা পৰ্যায়ত ৰাজহ গাঁৱৰ প্ৰায় ১০ শতাংশ সুন্দৰকৈ জানিব পাৰিব আৰু উপ দণ্ডাধীশৰ মাধ্য়মেৰে লেখপালত দিয়া তথ্য় পৰীক্ষা কৰিব অতিৰিক্ত জিলা দণ্ডাধীশ আৰু জিলা পৰ্যায়ৰ বিষয়াই । চৰকাৰৰ মুখপাত্ৰৰ মতে গাঁওবাসীয়ে অনলাইন বা অফলাইনৰ জৰিয়তে ভূমিৰ ৰেকৰ্ডত নিজৰ নাম সোমাব পাৰিব । সেইসকল লোকৰ বাবে যিসকলে নিজৰ পৈতৃক সম্পত্তি থকাৰ পিছতো আন ঠাইত থাকে তেওঁলোকৰ বাবে পৃথক কাউন্টাৰৰ ব্য়ৱস্থা কৰা হ'ব ।

এই প্ৰক্ৰিয়াৰে বছৰ বছৰ ধৰি সমাধান নোহোৱা ৰাজ্য়ৰ প্ৰায় ১,০৮ ৰাজহ গাঁৱৰ ঘটনা নিষ্পত্তি কৰাৰ লক্ষ্য় আছে । ইয়াৰ জৰিয়তে লেখপালৰ দায়িত্বহীন ব্য়ৱহাৰটো নাকী লাগিব, সচৰাচৰ এই কামত তেওঁলোকে গুৰুত্ব নিদিয়ে আৰু জমা কৰিবলৈ বাধ্য় পৰিকৰ বুলিও চৰকাৰৰ মুখপাত্ৰই জনালে । এই প্ৰক্ৰিয়াত উত্তৰাধিকাৰীসকলে অনলাইন আবেদন কৰিবলৈ গাঁৱলৈ যাব লাগিব । আবেদনৰ সময়ত তেওঁলোকে সমস্যাৰ সন্মুখীন নহ’বলৈ সমুদায়িক সুবিধা কেন্দ্ৰৰ পৰা দাখিল কৰিব পাৰিব আৰু প্ৰয়োজনত হেল্পলাইনৰো ব্য়ৱস্থা কৰা হ’ব । বহু বছৰলৈকে পৰিয়াল আৰু আত্মীয়ৰ মাজত বিবাদৰো অন্য়তম কাৰণ এই ভূমি বিবাদ । এই পদ্ধতিৰে গাঁওবাসী শোষণৰ বলি নোহোৱাকৈ ভূমিৰ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ।

লগতে পঢ়ক : হাৰিয়ানাৰ মুখ্য়মন্ত্ৰী মনোহৰ লাল খট্টৰক ক'লা পতাকা প্ৰদৰ্শন প্ৰতিবাদী কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.