ETV Bharat / bharat

বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ, থাকিব ৱাৰেন্ট অবিহনেই গ্ৰেপ্তাৰৰ ক্ষমতা

author img

By

Published : Sep 14, 2020, 4:20 PM IST

Updated : Sep 14, 2020, 4:32 PM IST

স্পেচিয়েল চিকিউৰিটী ফৰ্চ নামে ঘোষণা কৰা এই বাহিনীটোৰ হাতত অতিৰিক্ত ক্ষমতা ন্যস্ত কৰা থাকিব যাৰ দ্বাৰা বাহিনীটোৰ প্ৰতিগৰাকী জোৱানে কোনো ধৰণৰ জাননী অথবা ৱাৰেন্ট অবিহনেই অপৰাধৰ সৈতে জড়িত থকা যিকোনো লোকক তালাচী তথা গ্ৰেপ্তাৰ কৰিব পাৰিব ৷ ইতিমধ্যে ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে 1747.06 কোটি টকা আৱণ্টন দিছে আৰু এই টকাৰে বাহিনীটোৰ আঠটা বেটালিয়ন সাজু কৰি তোলা হ'ব ৷

বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ
বিশেষ চিকিউৰিটী ফৰ্চ গঠন যোগী চৰকাৰৰ

নিউজ ডেস্ক, 14 ছেপ্তেম্বৰ : দেওবাৰে উত্তৰ প্ৰদেশ চৰকাৰে এক বিশেষ নিৰাপত্তা বাহিনীৰ নাম ঘোষণা কৰে ৷ স্পেচিয়েল চিকিউৰিটী ফৰ্চ নামে ঘোষণা কৰা এই বাহিনীটোৰ হাতত অতিৰিক্ত ক্ষমতা ন্যস্ত কৰা থাকিব যাৰ দ্বাৰা বাহিনীটোৰ প্ৰতিগৰাকী জোৱানে কোনো ধৰণৰ জাননী অথবা ৱাৰেন্ট অবিহনেই অপৰাধৰ সৈতে জড়িত থকা যিকোনো লোকক তালাচী তথা গ্ৰেপ্তাৰ কৰিব পাৰিব ৷ ইতিমধ্যে ইয়াৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰে 1747.06 কোটি টকা আৱণ্টন দিছে আৰু এই টকাৰে বাহিনীটোৰ আঠটা বেটালিয়ন সাজু কৰি তোলা হ'ব ৷ বাহিনীটোৰ ওপৰত আদালতৰ নিৰ্দেশনাৰ কোনো প্ৰভাৱ নাথাকিব কিয়নো ইয়াৰ কাৰ্যনীতিত প্ৰত্যক্ষভাৱে চৰকাৰে অনুমতি প্ৰদান কৰিব ৷

লগতে পঢ়ক : ভাৰত-আমেৰিকা অসামৰিক পাৰমানৱিক চুক্তিৰ অন্তৰালত থকা ব্যক্তিগৰাকী

এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ পিচতেই এই বাহিনীটো গঠনৰ সকলো দিশ থিৰাং কৰা হয় ৷ উত্তৰ প্ৰদেশৰ অসামৰিক আদালতসমূহৰ নিৰাপত্তা ব্যৱস্থাৰ প্ৰতি চিন্তিত হৈ এইটো বাহিনী গঠন কৰাৰ বাবে উচ্চ ন্যায়ালয়ে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতে এই নিৰ্দেশনা প্ৰদান কৰিছিল আৰু দেওবাৰে উত্তৰ প্ৰদেশ আৰক্ষী বিশেষ নিৰাপত্তা বাহিনীক আনুষ্ঠানিকভাৱে গঠনৰ কথা ঘোষণা কৰে যোগী আদিত্যনাথৰ চৰকাৰে ৷ ইতিমধ্যেই আদিত্যনাথ চৰকাৰে এই বিশেষ বাহিনীটোৰ গঠনৰ বাবে অধিসূচনা জাৰী কৰিছে ৷ এই অধিসূচনা অনুসৰি, বিশেষ নিৰাপত্তা বাহিনীটোৱে ৱাৰেন্ট অবিহনেই গ্ৰেপ্তাৰ কৰিব পাৰিব, তালাচীৰ সময়টো তেওঁলোকক কোনোধৰণৰ ৱাৰেন্টৰ প্ৰয়োজন নাথাকিব তথা অন্যান্য বহুত এনেকুৱা সুবিধা প্ৰদান কৰা হৈছে ৷ বিগত 26 জুনত ইয়াক গঠনৰ বাবে যোগী আদিত্যনাথৰ চৰকাৰে কেবিনেটৰ বাই-চাৰ্কুলেশ্বনৰ মাধ্যমেৰে মঞ্জুৰী প্ৰদান কৰিছিল আৰু এই সিদ্ধান্তৰ বাবে দেওবাৰে অধিসূচনা জাৰী কৰা হয় ৷

কেন্দ্ৰীয় চৰকাৰৰ দৰেই উত্তৰ প্ৰদেশ চৰকাৰে এই বিশেষ বাহিনী গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উত্তৰ প্ৰদেশ চৰকাৰে বাহিনীটোক প্ৰদান কৰা ক্ষমতাৰ ভিতৰত এই বিশেষ বাহিনীটোৱে ৰাজ্যখনৰ ধাৰ্মিকস্থান, আদালত পৰিসৰ তথা ঔদ্যোগিক স্থানসমূহৰ নিৰাপত্তাত নিয়োজিত থাকিব ৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনস্থ তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ অন্যতম কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বল চমুকৈ চিআইএছএফৰ দৰেই এই বাহিনীটোক গঠন কৰা হৈছে ৷ বাহিনীটোৰ বাবে জাৰী কৰা অধিসূচনাত এগৰাকী জ্যেষ্ঠ অতিৰিক্ত মহানিৰ্দেশকৰ তত্বাৱধানত এই বাহিনীটোৱে কাম সম্পাদন কৰিব ৷

অধিসূচনাটোৰ দ্বাৰা বাহিনীটোৰ জোৱানসকলৰ নিযুক্তি তথা তেওঁলোকৰ প্ৰশিক্ষণ বিশেষভাৱে সম্পন্ন কৰা হ'ব আৰু ইয়াক সম্পূৰ্ণ গোপনীয়ভাৱে ৰখা হ'ব বুলি জানিব পৰা গৈছে ৷ চিআইএছএফ অথবা এনএছজিৰ দৰেই এইটো বিশেষ বাহিনীয়েও অত্যাধুনিক সমৰসজ্জাৰে সংগঠিত হৈ থাকিব ৷ উত্তৰ প্ৰদেশৰ গৃহ বিভাগৰ মুখ্য সচিব অৱনীশ কুমাৰ অৱস্থীয়ে এই কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে ৷ মুখ্য সচিবগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, ইতিমধ্যে এই বিশেষ বাহিনীটো গঠনৰ অধিনিয়ম সদনত গৃহীত হৈছে আৰু এতিয়াৰে পৰা ই কাৰ্যকৰী হ'ব ৷ বাহিনীটোৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে উত্তৰ প্ৰদেশ আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্ধাৰিত সকলো নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ প্ৰথম অৱস্থাত বাহিনীটোৰ পাঁচটা বেটালিয়ন গঠন কৰা হ'ব আৰু ইয়াক এগৰাকী অতিৰিক্ত মহানিৰ্দেশকৰ দ্বাৰা পৰিচালনা কৰা হ'ব বুলি অৱস্থীয়ে উল্লেখ কৰে ৷

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এইটো এটা "ড্ৰীম-প্ৰজেক্ট" আছিল ৷ এই প্ৰকল্পৰ বিষয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ে অসামৰিক আদালতৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইয়াক গঠনৰ বাবে অনুমতি প্ৰদান কৰে ৷ ইয়াৰ উপৰিও নতুন বিমানবন্দৰ, ভিআইপি সুৰক্ষা, শিক্ষানুষ্ঠান, মেট্ৰো, বিত্তীয় প্ৰতিষ্ঠানকে ধৰি অন্যান্য নিৰাপত্তামুলক কামটো এওঁলোকক নিয়োগ কৰা হ'ব ৷ গঠন হ'বলগীয়া বাহিনীটোত অতিৰিক্তভাৱে নতুন নিয়োগৰ দ্বাৰা মুঠ 9919 গৰাকী জোৱান অন্তৰ্ভুক্ত কৰা হ'ব ৷

উল্লেখ্য যে, 2019ৰ 17 ডিচেম্বৰত উত্তৰ প্ৰদেশৰ বিজানোৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত তিনিগৰাকীকৈ বন্দুকধাৰীয়ে নিৰ্বিচাৰে গুলীচালনা কৰিছিল আৰু ইয়াৰ ফলত হত্যাকাণ্ডৰ সৈতে জড়িত থকা এগৰাকী অপৰাধীৰ মৃত্যুৰ লগতে দুগৰাকী আৰক্ষী আৰু এগৰাকী আদালতৰ কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ৷ একেটা বৰ্ষৰে 13 জুনত উত্তৰ প্ৰদেশ বাৰ কাউন্সিলৰ চেয়াৰমেন ডাৰ্ভেশ কুমাৰী যাদৱক তেওঁৰে এগৰাকী সহকৰ্মীয়ে আগ্ৰাস্থিত আদালতৰ পৰিসৰৰ ভিতৰত গুলীয়াই হত্যা কৰিছিল ৷ একেদৰে 2015টো মুজাফৰনগৰ আদালত পৰিসৰৰ ভিতৰত প্ৰৱেশ কৰি বিকী ত্যাগী নামৰ এটা গেংষ্টাৰক গুলীয়াই হত্যা কৰা হৈছিল ৷

এইসমূহ ঘটনাৰ পিচতেই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠৰ দ্বাৰা গঠিত এখন খণ্ড বিচাৰপীঠে আদালত পৰিসৰৰ ভিতৰত আৰক্ষী বাহিনীৰ সংখ্যা কম বুলি ৰাজ্য চৰকাৰক প্ৰয়োজনত কেন্দ্ৰীয় বাহিনীৰ লোক নিয়োজিত কৰিবলৈ কৈছিল ৷ ইয়াৰ পিচতেই উত্তৰ প্ৰদেশ চৰকাৰে এইদৰে আদালতৰ নিৰ্দেশনা অনুসৰি, এই বিশেষ বাহিনীটো গঠনৰ সিদ্ধান্ত লোৱাৰ লগতে দেওবাৰে ইয়াক আনুষ্ঠানিক ৰূপ প্ৰদান কৰে ৷

লগতে পঢ়ক : চীনৰ উত্থানে চিন্তাত পেলাইছে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰক !

Last Updated : Sep 14, 2020, 4:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.