ETV Bharat / bharat

কৰ্ণাটক ৰাজ্যোৎসৱ উদযাপনত অংশ গ্ৰহণ য়েডুৰাপ্পাৰ - লোক শিক্ষা বিভাগৰ দ্বাৰা উক্ত উদযাপন উদ্বোধন

65 সংখ্যক কৰ্ণাটক ৰাজ্যোৎসৱত কৰ্ণাটকৰ মুখ্যামন্ত্ৰী বি এচ য়েডুৰাপ্পাৰ অংশ গ্ৰহণ ৷ বাংগালুৰুৰ শ্ৰী কান্তিৰাৱা ষ্টেডিয়ামত লোক শিক্ষা বিভাগে এই উৎসৱৰ উদ্বোধন কৰে ৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী , ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ , উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু , কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰৰ কৰ্ণাটকলৈ শুভেচ্ছা বাণী ৷

কৰ্ণাটক ৰাজ্যোৎসৱ উদযাপনত অংশগ্ৰহন য়েডুৰাপ্পাৰ

author img

By

Published : Nov 1, 2020, 8:13 PM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : মুখত মাস্কেৰে সৈতে দেওবাৰে 65 সংখ্যক ৰাজ্যোৎসৱত অংশ গ্ৰহণ কৰাৰ বাবে বাংগালুৰুৰ শ্ৰী কান্তিৰাৱা ষ্টেডিয়ামত উপস্থিত হ'ল কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএচ য়েডুৰাপ্পা ৷ মন্ত্ৰী সকলৰ লগতে অন্যান্য বিষয়াসকলো উক্ত অনুষ্ঠানত উপস্থিত থাকে ৷ ক'ৰণা ভাইৰাছ সম্পৰ্কীয় সকলো নীতি নিৰ্দেশনা মানি চলি প্ৰত্যেকেই মুখত মাস্ক পৰিধান কৰা পৰিলক্ষিত হ'ল ৷ লোক শিক্ষা বিভাগৰ দ্বাৰা উক্ত উদযাপন উদ্বোধন কৰা হয় বুলি য়েডুৰাপ্পাই এক টুইটযোগে জানিবলৈ দিয়ে ৷

65 সংখ্যক কৰ্ণাটক ৰাজ্যোৎসৱ
65 সংখ্যক কৰ্ণাটক ৰাজ্যোৎসৱ

অন্য এটা টুইটৰ যোগেদি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ শুভেচছা জনোৱাৰ লগতে কানাড়া ভাষাৰ তাৎপৰ্যক লৈ নিজৰ অনুভৱ ব্যক্ত কৰে ৷ সকলো 65 সংখ্যক কানাডা ৰাজ্যোৎসৱৰ শুভেচ্ছা জনোৱাৰ লগতে কানাড়া ভাষা আৰু সংস্কৃতিৰ ৰক্ষাৰ্থে একেলগ হ'বলৈ আহ্বান জনাই তেওঁ টুইটাৰত এইবুলি লিখে, "Happy 65th Kannada Rajyotsavam to all the people of the country. Let us unite with the protection of Kannada language and culture and for the creation of a prosperous, healthy, coexistent, developing Karnataka. Karnataka to breathe!,"

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও কৰ্ণাটকৰ লোকসকলক শুভেচ্ছা জনায় ৷ টুইটাৰযোগে তেওঁ লিখে, ""Karnataka Rajyotsava greetings to my sisters and brothers of Karnataka. Powered by the strength and skills of the people of the state, Karnataka is scaling new heights of progress. I pray for the happiness and good health of the people of Karnataka,"

এই বিশেষ দিনটোত কৰ্ণাটকৰ লোকসকলক শুভেচ্ছা জনোৱা লোকসকলৰ ভিতৰত ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ, উপ ৰাষ্ট্ৰপতি ভেংকয়া নাইডু, কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাৱেদকাৰ অন্যতম ৷

লগতে পঢ়ক: পলুৱামা আক্ৰমণ সন্দৰ্ভত মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.