ETV Bharat / bharat

কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত 39,300 কোটিৰ আঁচনি গ্ৰহণ য়েডিউৰাপ্পা চৰকাৰৰ - য়েডিউৰাপ্পা চৰকাৰ

কৃষি খণ্ডত বিকাশ সাধন কৰাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত প্ৰায় 39,300 কোটি টকাৰ পাম্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে কৰ্ণাটক চৰকাৰে ৷ বুধবাৰে এই বিষয়ে ঘোষণা কৰে মুখ্যমন্ত্ৰী বি.এছ য়েডিউৰাপ্পাই ৷

য়েডিউৰাপ্পা চৰকাৰ
য়েডিউৰাপ্পা চৰকাৰ
author img

By

Published : Sep 17, 2020, 10:18 AM IST

নেশ্যনেল ডেস্ক, 17 ছেপ্তেম্বৰ: গ্ৰাম্য অৰ্থনীতি আৰু কৃষিখণ্ডৰ উন্নয়নৰ স্বাৰ্থত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি.এছ য়েডিউৰাপ্পাই বুধবাৰে বিশেষ আঁচনি ঘোষণা কৰে ৷ ৰাজ্য চৰকাৰে কৃষি খণ্ডত বিকাশ সাধন কৰাৰ অৰ্থে চলিত বিত্তীয় বৰ্ষত প্ৰায় 39,300 কোটি টকাৰ পাম্প নিৰ্মাণৰ আঁচনি গ্ৰহণ কৰিছে ৷

কৰ্ণাটকৰ সমবায় বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত "ফাইনেন্স ৰেচপ'ন্স" শীৰ্ষক আঁচনি মুকলি কৰাৰ পাচত প্ৰদান কৰা ভাষণত তেওঁ কয়, 39,300 কোটি টকাৰ প্ৰস্তাবিত অনুদানটো সমবায় প্ৰতিষ্ঠানৰ মাধ্যমেৰে বিতৰণ কৰা হ'ব ৷

COVID-19 মহামাৰীৰে যুঁজ দি থকা অন্যতম ৰাজ্য কৰ্ণাটকৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, তেওঁলোকৰ চৰকাৰেই দেশৰ অন্যান্য় ৰাজ্য সমূহৰ পূৰ্বে COVID সাহায্য় পেকেজ ঘোষণা কৰিছিল ৷

ইয়াৰোপৰি তেওঁ কয় যে, তেওঁলোকৰ চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সহায়ত ৰাজ্যত 2020-21 বৰ্ষৰ বাবে 11.88 লক্ষাধিক কৃষকক 7741 কোটি টকাৰ কৃষি ঋণ ৰেহাই দিয়ে ৷

লগতে পঢ়ক: তামিলনাডুত প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে মন্দিৰত 70 কেজিৰ লাডু অৰ্পন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.