ETV Bharat / bharat

বিশ্ব পৰিবেশ দিৱস : এইবৰ্ষৰ বিষয়বস্তু "TIME OF NATURE" !

আজি বিশ্ব পৰিৱেশ দিৱস ৷ 2020 বৰ্ষত বিশ্ব পৰিবেশ দিৱসৰ মূল বিষয় হৈছে "TIME OF NATURE" ৷ মানৱ জাতিক পৰিবেশ তথা প্ৰকৃতি সংৰক্ষণৰ বিষয়ে সজাগ কৰাৰ বাবেই উদযাপন কৰা হয় এই দিৱস ৷

author img

By

Published : Jun 5, 2020, 4:28 AM IST

world enivronment day
world enivronment day

নিউজ ডেস্ক, 5 জুন : প্ৰতি বছৰে 5 জুন তাৰিখটো বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় ৷ সমগ্ৰ বিশ্বতে এই বিশেষ দিনটো উদযাপনৰ একমাত্ৰ কাৰণ হৈছে বিশ্ববাসীক পৰিৱেশ সম্বন্ধে সজাগ কৰি তোলা ৷

world enivronment day
সেউজী ধৰণী ধুনীয়া

ক্ৰমবৰ্ধমান পৰিবেশ প্ৰদূষণ, গোলকীয় উত্তাপ বৃদ্ধি আদিৰ ফলত জীৱকূলৰ বাসোপযোগী পৃথিৱীখন এক বিপদৰ দিশলৈ গতি কৰিছে ৷ সঠিক সময়ত যদি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নহয়, এই সেউজীয়া পৃথিৱীখনতে এদিন জীৱকূলৰ আয়ুস বিপন্ন হৈ পৰিব ৷

world enivronment day
সেউজী ধৰণী আমাৰ কাম্য

পোন প্ৰথমবাৰৰ বাবে বিশ্ব পৰিবেশ দিৱস পালন কৰা হৈছিল 1973 চনত ৷ তেতিয়াৰে পৰা প্ৰতিবছৰে 5 জুন তাৰিখটো বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি অহা হৈছে সমগ্ৰ বিশ্বত ৷

world enivronment day
সেউজ পৃথিৱী গঢ়াৰ অংশীদ্বাৰ হওক

আশ্চৰ্যজনক কথা যে, প্ৰতিবছৰে বিশ্বত প্ৰায় 15 নিযুত মানুহ খাদ্যৰ অভাৱত মৃত্যু মুখত পৰে ৷ কিন্তু 108 কোটি মানুহ মৰে বায়ু প্ৰদূষণৰ ফলত ৷ বিশ্বৰ 1.2 কোটি মানুহে বছৰি মৃত্যুক আঁকোৱালি লয় কেৱল বিশুদ্ধ পানীৰ অভাৱত ৷

world enivronment day
পৰিবেশ সুৰক্ষাৰ বাবে এটা খোজ

প্ৰতি বছৰে এটি বিশেষ বিষয় বস্তুলৈ এই দিৱস পালন কৰা হয় ৷ এইবৰ্ষৰ বিষয় হৈছে "TIME OF NATURE" অৰ্থাৎ 'প্ৰকৃতিৰ সময়' ৷ বৰ্তমান সমগ্ৰ বিশ্বত যিহেতু কৰ'ণা মহামাৰীয়ে প্ৰভাৱ বিস্তাৰ কৰিছে, তাৰ ফলত প্ৰায়বোৰ দেশতেই দীৰ্ঘসময়ৰ বাবে লক্ ডাউন ঘোষণা কৰা হৈছিল ৷

world enivronment day
জৈৱ্য বৈচিত্ৰক জীয়াই ৰাখক

লক্ ডাউনৰ ফলত যান-বাহন চলাচল, কাৰখানা আদি বন্ধ হৈ পৰাত প্ৰদূষণৰ মাত্ৰা যথেষ্ট হ্ৰাস পোৱা বুলি ধাৰণা কৰা হৈছে ৷ লক্ ডাউনৰ বাবে যেন দীঘলীয়াকৈ উশাহ লোৱা অৱকাশ পালে প্ৰদূষণে এফালৰ পৰা চেপি অনা প্ৰকৃতিয়ে ৷

world enivronment day
জন্ম দিয়ক সুস্থ পৰিবেশ

লক্ ডাউনৰ সময়চোৱাত যঠেষ্ট সতেজ দেখা গৈছে আমাৰ চৌপাশৰ প্ৰকৃতি ৷ জীৱ-জন্তু সমূহেও মুক্ত মনেৰে বিচৰণ কৰিছে জনসমূদ্ৰৰ মাজত ৷ জৈব্যবৈচিত্ৰই যেন এক নতুন মাত্ৰা লাভ কৰিছে এই সময়ত ৷

world enivronment day
গছ থাকিলেহে মানুহ থাকিব

জাৰ্মানীৰ সহযোগত কলম্বিয়াত এইবৰ্ষত 'জৈৱ বৈচিত্ৰ উদযাপন কৰক' শীৰ্ষক বিষয়-বস্তৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হ'ব ৷ আমি প্ৰতিদিনে গ্ৰহণ কৰা উশাহৰ বায়ু,খাদ্য,পানী আদি সকলো প্ৰকৃতিৰ দান ৷ আমাক জীয়াই থকাৰ উপাদান দিয়াত প্ৰকৃতিয়ে কোনোদিন কৃপণালী কৰা নাই ৷ কিন্তু মানৱ সমাজে প্ৰতি নিয়ত নিজৰ উচ্চাভিলাস পূৰণৰ বাবে ক্ষতি কৰি আহিছে প্ৰকৃতিৰ ৷

world enivronment day
সেউজ পৃথিৱী সেউজ জীৱন

5 জুন বিশ্ব পৰিবেশ দিৱস হিচাপে পালন কৰি আমি কিঞ্চিৎ ভাৱে সন্মান জনাওঁ পৰিৱেশ তথা প্ৰকৃতিক ৷ নিজৰ আশা-আকাংক্ষাৰ মাজতে যদি মানৱ কূলে এখন্তেকৰ বাবেও পৰিবেশৰ হিতৰ কথা চিন্তা কৰে, তেন্তে নিশ্চয়কৈ মানুহৰ বাসোপযোগী এখন সেউজী ধুনীয়া ধৰণী হৈ থাকিব ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোকে বিশ্ব পৰিবেশ দিৱসৰ শুভেচ্ছা জনালোঁ ৷ আহক আমি গঢ় দিওঁ আমাৰ বাবে এখন সেউজ পৃথিৱী ৷

লগতে পঢ়ক : বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.