নিউজ ডেস্ক, ১৭ জুনঃ পূৰ্ব লাদাখৰ গালৱান উপত্যকাত মঙলবাৰে শ্বহীদ হোৱা ভাৰতীয় সেনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে । মঙলবাৰে পূৰ্ব লাদাখৰ গালৱানত ভাৰতীয় আৰু চীনৰ সেনা মাজত হোৱা সংঘৰ্ষত শ্বহীদ হয় ভাৰতীয় সেনাৰ ২০ গৰাকীকৈ জোৱান ।
মঙলবাৰে টুইটাৰযোগে ৰাহুল গান্ধীয়ে উল্লেখ কৰে যে, যিসকল সেনাই সদাই দেশৰ বাবে নিজৰ জীৱন দান দিবলৈ সাজু থাকে, তেওঁলোকৰ মৃত্যুৰ দুখ কোনো শব্দৰে বৰ্ণনা কৰিব নোৱাৰি ৷ শ্বহীদ হোৱা প্ৰতিগৰাকী জোৱানলৈ মই সমবেদনা তথা শ্ৰদ্ধাঞ্জলি জনাইছো । আমি এই কঠিন সময়ত আপোনালৰ লগত আছো ।
আনহাতে, বৰ্তমানৰ কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীয়েও লাদাখত শ্বহীদ হোৱা সেনা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবোদনা জ্ঞাপন কৰে ।