ETV Bharat / bharat

কেন্দ্ৰই পশ্চিমবংগলৈ দল পঠিওৱাৰ যুক্তি যুক্ততা নাইঃ পশ্চিমবংগৰ মুখ্য সচিব

author img

By

Published : Apr 21, 2020, 10:36 AM IST

ৰাজ্যত লক ডাউনৰ মানদণ্ড নিৰ্ণয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৬ টা আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দলৰ গঠন কৰি পশ্চিমবংগলৈ দুটা দল পঠিওৱাৰ পাচতেই দল সমূহৰ ঘূৰি ফূৰাত বাধা প্ৰদান কৰিছে পশ্চিমবংগ চৰকাৰে ।

Won't allow IMCTs to move around unless we're clear about their needs: Bengal govt
Won't allow IMCTs to move around unless we're clear about their needs: Bengal govtWon't allow IMCTs to move around unless we're clear about their needs: Bengal govt

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ কেন্দ্ৰৰ দ্বাৰা গঠন কৰা হৈছে ৬ টাকৈ আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দল ((IMCTs) । ৰাজ্যত লক ডাউনৰ মানদণ্ড নিৰ্ণয়ৰ বাবেই কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এই দলৰ । কিন্তু সোমবাৰে আন্তঃমন্ত্ৰণালয় কেন্দ্ৰীয় দল (IMCTs) ক ৰাজ্যত ঘূৰি ফূৰাৰ অনুমতি নিদিয়াৰ ধমকি প্ৰদান কৰি পশ্চিমবংগ চৰকাৰৰ পৰা কোৱা হয় যেতিয়ালৈ তেওঁলোকৰ প্ৰয়োজনীয়তাৰ বিষয়ে স্পষ্ট হৈ নাযায় তেতিয়াই ঘূৰি ফূূৰাৰ অনুমতি প্ৰদান কৰা নহ'ব ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পূৰ্বতে উল্লেখ কৰিছিল যে, IMCTs গঠনৰ যোগেদি কোভিড-১৯ বিভিন্ন জিলা সমূহৰ অন-স্পট সকলো দিশৰ পৰিমাপ কৰা হ'ব । ইয়াৰ ভিতৰত পশ্চিমবংগৰ বহু জিলা সাঙুৰি লোৱা হৈছিল ।

কেন্দ্ৰৰ দ্বাৰা দল গঠনৰ ঘোষণা কৰাৰ লগে-লগে পশ্চিমবংগৰ মুখ্য়মন্ত্ৰী মমতা বেনাৰ্জীয়ে প্ৰথমে চালভো বৰ্খাস্ত কৰি প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তেওঁলোকক প্ৰেৰণৰ মানদণ্ড ভাগ কৰাৰ কথা উল্লেখ কৰে ।

টুইটাৰত মমতা বেনাৰ্জীয়ে টুইট কৰি কয়,বৈধ কাৰণ অবিহনে IMCTs দল পঠিওৱা পদক্ষেপটো যুক্তৰাষ্ট্ৰীয়বাদৰ পৰিপন্থী । এই সন্দৰ্ভত পশ্চিমবংগৰ মুখ্য সচিব ৰাজিৱা সিনহাই কয়, যেতিয়ালৈ আমি স্পষ্ট হৈ নাযাও এই দলৰ প্ৰয়োজনীয়তাক লৈ তেতিয়ালৈ তেওঁলোকক ঘূৰি ফূৰাৰ অনুমতি দিয়া নহ'ব। কিয় তেওঁলোক ফিল্ডলৈ যাবলৈ বিচাৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে ।

সিনহাই ইয়াৰ পাছত অধিক আক্ৰমণাত্মকভাৱে কয় যে,কেন্দ্ৰৰ দ্বাৰা গঠন কৰা দুটি দল কলকাতা আৰু বাগদোগ্ৰাত অৱতৰণ কৰিয়ে এছএছবি আৰু বিএছএফৰ সৈতে কেন্দ্ৰীয় অৰ্ধসৈনিক বলৰ দৰে বিমানবন্দৰৰ পৰাই ফিল্ড পৰিদৰ্শনৰ বাবে ৰাওনা হয় । তেওঁ কয়,কেন্দ্ৰৰ যোগাযোগ অনুযায়ী এই দল সমূহে ৰাজ্য চৰকাৰৰ সৈতে প্ৰথমে যোগাযোগ কৰি আমাৰ পৰা মতামত লোৱাৰ দৰকাৰ আছিল। প্ৰয়োজন হ'লে ফিল্ড পৰিদৰ্শন কৰিবলৈ যাব পাৰিলে হয় ।

কিন্তু এই ক্ষেত্ৰত এনে দেখা পোৱা নগ'ল । দলকেইটাই এছএছবি আৰু বিএছএফৰ সৈতে বিমানবন্দৰৰ পৰাই পৰিদৰ্শনৰ বাবে ৰাওনা হ'ল। এইটো গৃহ মন্ত্ৰণালয়ৰ আভ্যন্তৰীণ বিজ্ঞপ্তিৰ উলংঘণ । তেওঁলোকে এনে কৰিছে যেন ৰাজ্য চৰকাৰে কিবা গোপন কৰি ৰাখিছে ।

ইয়াৰ লগতে অভিযোগ উত্থাপন কৰিছে দিল্লীৰ পৰা দল অহাৰ কথা জনোৱাৰ ১৫ মিনিটৰ পাচতেই কলকাতাত আহি উপস্থিত হৈছে দলটো । ইয়াকে প্ৰমাণ কৰিছে যে,কেৱল আনুষ্ঠানিকতাৰ বাবেই কেন্দ্ৰৰ তৰফৰ পৰা জনোৱা হৈছে ৰাজ্য চৰকাৰক ।

সিনহাই কয়,মোৰ মতে এই ক্ষেত্ৰত কেন্দ্ৰই প্ৰথমে ৰাজ্য় চৰকাৰৰ সৈতে যোগাযোগ কৰিব লাগিছিল । যদি দলটো অভিজ্ঞ,আমাক পৰামৰ্শ দিবলৈ সক্ষম,যদি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ মাজত সমন্বয় গঢ়িবলৈ সক্ষম,পিপিই কীট ইত্য়াদি যোগান দিয়াত আমাক সহায় কৰিব পাৰে তেন্তে আমি স্বাগতম জনাবলৈ আগ্ৰহী । কিন্তু অৱতৰণৰ পাচতেই যি ধৰণে দল কেইটাই কাম কৰিছে সেইয়া গ্ৰহণযোগ্য নহয় । কেন্দ্ৰই পশ্চিমবংগলৈ দল পঠিওৱাৰ যুক্তিযুক্ততা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.