নিউজ ডেস্ক, ২৮ এপ্ৰিলঃ মঙলবাৰে তিহাৰ কাৰাগাৰত আত্মহত্য়া কৰে এজন মহিলা কাৰাবন্দীয়ে । চিপলৈ আত্মহত্যা কৰে ২৫ বছৰীয়া মহিলাগৰাকীয়ে ।
আৰক্ষীয়ে জনোৱা মতে, আত্মহত্যা কৰা মহিলাগৰাকী হৈছে পাৰবীনা । কাৰাবন্দী হৈ থকা নিজৰ ৬ নং কক্ষত চূৰ্ণীৰ জৰিয়তে চিপ লয় মহিলাগৰাকীয়ে । দেওবাৰ অথবা সোমবাৰৰ নিশা এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে । মহিলাগৰাকীক ততাতৈয়াকৈ দিন দয়াল উপ্যাধায় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
দিল্লীৰ নিৱাসী পাৰৱীনাৰ ওপৰত চাৱালা আৰক্ষী থানাত স্বামীৰ সৈতে, তাইৰ শাহু আৰু শহুৰেকৰ হত্যাৰ অভিযোগ আছিল । মহিলাগৰাকীও আত্মহত্যাৰ চেষ্টা চলাইছিল যদিও তেতিয়া বিফল হৈছিল । পিচত হত্যাৰ অভিযোগত ২৫ এপ্ৰিলৰ পৰা তিহাৰ জেলৰ ৬ নং কোঠাত কাৰাবন্দী হৈ আছিল মহিলাগৰাকী । অভিযুক্তৰ আত্মহত্য়াৰ অভিযোগত ফৌজদাৰী কাৰ্যবিধিৰ ধাৰা ১৭৬ অধীনত তদন্ত পৰিচালনা কৰা হৈছে ।