নিউজ ডেস্ক, 8 এপ্ৰিলঃ উত্তৰ প্ৰদেশত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 348 গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰে 193 গৰাকীৰ তবলিগী জামাতৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক আছে ৷ 31 টা নতুন ঘটনাৰ ভিতৰত 25টাই তবলিগী জামাতৰ সৈতে জড়িত আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে ৷
চৰকাৰী সূত্ৰক প্ৰকাশ কৰা তথ্য অনুসৰি, আগ্ৰাত সৰ্বাধিক সংখ্যক 10গৰাকী কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে, যাৰ ছয়গৰাকী তবলিগী জামাতৰ সৈতে আৰু আন দুগৰাকী কোভিড-19 আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ আহিছিল ৷ আগ্ৰাত এতিয়ালৈকে সৰ্বাধিক 63 গৰাকী লোক আক্ৰান্ত হৈছে ৷ আগ্ৰাস্থিত কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ত এইসকল ৰোগীৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল ৷ আগ্ৰাৰ চীফ মেডিকেল অফিচাৰ মুকেশ ভটছে এই কথা প্ৰকাশ কৰিছে ৷
আনহাতে, লক্ষ্নৌত এতিয়ালৈকে 24 গৰাকী কৰ‘ণা ভাইৰাছত আক্ৰান্ত হৈছে যাৰ ভিতৰত 13 গৰাকী তবলিগী জামাতত অংশগ্ৰহণ কৰিছিল ৷ লক্ষ্নৌৰ চীফ মেডিকেল অফিচাৰ নৰেন্দ্ৰ আগৰৱালে এই কথা প্ৰকাশ কৰিছে ৷