নিউজ ডেস্ক, 3 আগষ্টঃ বিখ্যাত পশমিনা উণৰ উদ্যোগৰ ওপৰত ভাবুকি কঢ়িয়াই আনিছে ভাৰত-চীন সীমান্তৰ বিবাদে ৷ অত্যন্ত মূল্যবান তথা অতি কোমল কাশ্মীৰৰ পশমিনা উলসূতা বিশ্বৰ অন্যতম কাপোৰসমূহৰ ভিতৰৰ এবিধ ৷ কিন্তু ভাৰত চীনৰ লাডাখ সীমান্তত হোৱা বিবাদৰ বাবে এই শিল্পটোলৈও মাৰাত্মক ভাবুকি আহি পৰিছে ৷
16,400 ফুট উচ্চতাত থকা লডাখৰ বিশাল চংথং মালভূমিত প্ৰায় 1,000 টা অঘৰী পালকৰ পৰিয়ালে বিচৰণ কৰে ৷ আনহাতে, জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱৰ ফলত 3,00,000 তকৈ অধিক পশমিনা ছাগলীয়ে বিচৰণ কৰাৰ ক্ষেত্ৰত সংঘৰ্ষ কৰি আছে ৷ শীত অতি কঠোৰ হোৱাৰ লগতে গ্ৰীষ্ম কালতো শুকান হৈ গৈছে ৷
লগতে পঢ়কঃ কংগ্ৰেছৰ প্ৰতাৰণা দিৱসৰ বিৰুদ্ধে সৰৱ সাংসদ দিলীপ শইকীয়া
কেবাসংখ্যকে ইতিমধ্যে অন্য জীৱিকাৰ সন্ধানত লাডাখৰ চহৰ অঞ্চললৈ স্থানান্তৰ হৈছে ৷ কিন্তু যিসকল ৰৈ গ'ল সেইসকল বৰ্তমান ভাৰত আৰু চীনৰ সংঘৰ্ষৰ ফলত অনিশ্চিত ভৱিষ্যতৰ দিশে আগবাঢ়িছে ৷
তিনি বছৰত যেতিয়া নৱজাতক ছাগলীয়ে পষমিনা উৎপাদন কৰিবলৈ সক্ষম হ'ব উৎপাদনত কিন্তু বহু পৰিমাণে হ্ৰাস পোৱা পৰিলক্ষিত হ'ব ৷ All Changtang Pashmina Growers Cooperative Marketing Society ৰ Sonam Tsering য়ে কয় যে, চীনে প্ৰতিবছৰে কিছু পৰিমাণৰ চৰণীয়া পথাৰ হেৰুৱায় ৷
ইয়াৰোপৰি তেওঁ কয় যে, চলিত বৰ্ষতো KakJung, Tum Tselay, Chumar, Damchok and Korzok ৰ শীতকালীন চৰণীয়া পথাৰসমূহ সীমাৰ পৰা বাহিৰ হৈ গৈছে ৷ এয়া বিনাশকাৰী , The People's Liberation Army য়ে প্ৰথমে মিটাৰ হিচাপত আমাৰ সীমা দখল কৰিছিল যদিও এইবেলি কিল'মিটাৰ হিচাপত সীমা উলংঘন কৰিছে বুলি Sonam Tsering য়ে জানিবলৈ দিয়ে ৷
এয়া ছাগলীৰ প্ৰজননৰ সময় ৷ এইবেলি ছাগলীৰ 85% পোৱালীৰ মৃত্যু হৈছে ৷ কাৰণ ফেব্ৰুৱাৰী মাহত চৰণীয়া পথাৰসমূহৰ পৰা ছাগলীৰ পোৱালীবোৰক জ্বাৰৰ মাজলৈ ঠেলি দিয়া হৈছিল ৷ Tsering য়ে কয় যে, ভাৰতীয় সৈন্যসকলে জীৱকূলক সংবেদনশীল অঞ্চলসমূহত প্ৰৱেশত বাধা দিছিল কিন্তু চীনা আৰ্মীয়ে তিব্বতৰ পালকসকলক শীতকালীন চৰণীয়া অঞ্চলসমূহত প্ৰৱেশ কৰিবলৈ ঠেলি দিছিল ৷
ছাগলী পালনৰ সৈতে জড়িত আধা ডজন বাসিন্দাই দাবী কৰিছে যে, কিছু বছৰ পূৰ্বলৈ তেওঁলোকে শীতকালৰ সময়ছোৱাত চৰণীয়াৰ বাবে হিমশীতল সিন্ধু নদী পাৰ কৰিছিল কিন্তু এতিয়া সেই অঞ্চল চীনে দখল কৰিছে ৷
ইয়াৰ মাজতে, পালকসকলৰ সৈতে সংযোগ স্থাপন কৰাটো (ভাৰতীয় কৰ্মকৰ্তাসকলৰ দ্বাৰা প্ৰদান কৰা চেটেলাইত ফোন সম্প্ৰতি উভতাই লোৱা হৈছে) অধিক টান হৈ পৰিছে ৷