নিউজ ডেস্ক,2 নৱেম্বৰ : 2021ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত পুনৰ প্ৰতিদ্বন্দিতা নকৰে বাৰাক্পুৰৰ তৃণমূল কংগ্ৰেছৰ বিধায়ক শিলভদ্ৰ দত্তই ৷ কিন্তু এতিয়াই দলৰ পৰা অব্যাহতি লোৱাৰ ক্ষেত্ৰত কোনো পৰিকল্পনা নাই ৷ দেওবাৰে সংবাদ মাধ্যমযোগে এই কথা জনায় বিধায়ক দত্তই ৷
লগতে তেওঁ কয় যে,অন্য ৰাজনৈতিক দলত যোগদান কৰাৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৷ তৃণমূল কংগ্ৰেছতে থাকি তেওঁ সাধাৰণ কৰ্মকৰ্তা হিচাপে কাম কৰি যাব ৷
ৰাজনীতিবিদ প্ৰশান্ত কিশোৰ আৰু তেওঁৰ সংগঠন I-PACৰ নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত মন্তব্য নকৰি তেওঁ কয় যে,‘‘মই যিমান দূৰ জানো পশ্চিমবংগত ডিজিটেল প্ৰক্ৰিয়াই কাম নকৰে ৷ ইয়াৰ ভূমি পৰিস্থিতি পৃথক ৷ কিন্তু এই সন্দৰ্ভত মন্তব্য কৰিবলৈ আমাৰ দলৰ শীৰ্ষ নেতাসকল আছে’’ ৷
উল্লেখ্য যে,2011 চনত দত্ত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷
লগতে পঢ়ক : খেৰৰ জুইৰ পৰাই দিল্লীত সংঘটিত 40 শতাংশ প্ৰদূষণ