ETV Bharat / bharat

বৃহস্পতিবাৰে পদত্যাগ পত্ৰ দাখিল কৰিব পাৰে নেপালৰ প্ৰধানমন্ত্ৰীয়ে ! - ৰাষ্ট্ৰপ্ৰতি

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে বৃহস্পতিবাৰে নেপালবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে কিয়নো প্ৰধানমন্ত্ৰী আৰু চৰকাৰী পক্ষৰ সহ অধ্যক্ষই পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে । সময় বৰ্তমানলৈ নিৰ্ধাৰিত হোৱা নাই যদিও প্ৰস্তুতি চলাই থকা হৈছে বুলি উল্লেখ কৰে । কেবিনেটৰ বৈঠকৰ পিচত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে ।

will-nepal-pm-oli-resign-today
will-nepal-pm-oli-resign-today
author img

By

Published : Jul 2, 2020, 4:54 PM IST

নিউজ ডেস্ক, ২ জুলাই : নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে বৃহস্পতিবাৰে নেপালবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে কিয়নো প্ৰধানমন্ত্ৰী আৰু চৰকাৰী পক্ষৰ সহ অধ্যক্ষই পদত্যাগ পত্ৰ দাখিল কৰাৰ সম্ভাৱনা আছে ।

সচিবালয়ৰ ফালৰ পৰা জনোৱা অনুসৰি, প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি দেশবাসীক সম্বোধন কৰাৰ সম্ভাৱনা আছে । সময় বৰ্তমানলৈ নিৰ্ধাৰিত হোৱা নাই যদিও প্ৰস্তুতি চলাই থকা হৈছে বুলি উল্লেখ কৰে । কেবিনেটৰ বৈঠকৰ পিচত চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব বুলি উল্লেখ কৰে । লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে আজি ৰাষ্ট্ৰপ্ৰতি বিদ্যা দেবী ভণ্ডাৰীৰ সাক্ষাৎকাৰ কৰিবলৈ শীতল নিৱাসলৈ যোৱা বুলি জানিব দিয়ে ।

জানিব পৰা অনুসৰি, ক্ষমতাশীল কমিউনিষ্ট পাৰ্টীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীয়ে কে পি শৰ্মাৰ বিৰুদ্ধে বহুতো অভিযোগ প্ৰদান কৰা বুলি জানিব পৰা গৈছে ।

কাঠমাণ্ডু পোষ্ট নামৰ বাতৰি কাকতখনৰ এক বাতৰি অনুসৰি, দলীয় নেতৃ বৰ্গই বুধবাৰে এখন বৈঠকৰ আয়োজন কৰিছিল যত নেতৃবৰ্গই জনাই যে প্ৰধানমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এক বৃহৎ ষড়যন্ত ৰচনা কৰা হৈছে । এয়াই প্ৰথমবাৰৰ বাবে ৪৪ জন স্থায়ী সদস্যৰ ৩১ জনেই প্ৰধানমন্ত্ৰীৰ বিপক্ষত থিয় হৈছে ।

সহ অধ্যক্ষ পুস্প কমল দহল, মাধৱ নেপাল, ঝালনাথ খনাল আৰু ৰামদেব গৌতমৰ নিচিনা জেষ্ঠ নেতাই প্ৰধানমন্ত্ৰীক পদত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে ।

হিমালয়া টাইমছৰ বাতৰি অনুসৰি, মংগলবাৰে আয়োজন কৰা এনচিপিৰ স্থায়ী কমিটিৰ বৈঠকত ভাৰতৰ লগত সম্পৰ্কৰ ব্যক্তব্য ৰখাৰ সময়ত পৰিস্থিতি উত্তপ্ত হৈছিল ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.