ETV Bharat / bharat

পত্নীৰ কথা নুশুনি বিপদত এইচ.ডি কুমাৰস্বামী - wife never wanted to involved kumarswami

"মোৰ পত্নীৰ কোনো দিন ৰাজনীতিবিদৰ সৈতে বিয়া হোৱাৰ ইচ্ছা নাছিল, কিন্তু তথাপিও তেওঁ মোৰ সৈতে বিয়া হৈছিল", হতাশ এইচ.ডি কুমাৰস্বামী

হতাশ এইচ.ডি কুমাৰস্বামী
author img

By

Published : Jul 24, 2019, 10:22 AM IST

কৰ্ণাটক, 24 জুলাইঃ পষেকযোৰা উত্তেজনা আৰু বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত মংগলবাৰে পতন ঘটিল এইচ.ডি কুমাৰস্বামী নেতৃত্বাধীন কৰ্ণাটক চৰকাৰৰ ৷ শেষলৈকে বহু চেষ্টা কৰিও নিজৰ চৰকাৰক পতন হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰি হতাশ হৈ পৰা প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ.ডি কুমাৰস্বামীয়ে কয় যে ৰাজনৈতিক পৰিয়ালত জন্ম হোৱাৰ পাছতো তেওঁ কোনোদিন ৰাজনীতিত অংশগ্ৰহণ কৰিব বিচৰা নাছিল ৷ অৱশ্যে এই ক্ষেত্ৰত তেওঁৰ পত্নীৰ বাধা থকাৰ কথাও স্বীকাৰ কৰে ৷ নিজৰ সততাক প্ৰকাশ কৰিবলৈ গৈ আৱেগিক ভাৱে তেওঁ কয় যে, " মোৰ পত্নীৰ কোনো দিন ৰাজনীতিবিদৰ সৈতে বিয়া হোৱাৰ ইচ্ছা নাছিল, কিন্তু তথাপিও তেওঁ মোৰ সৈতে বিয়া হৈছিল ৷ " ইয়াৰোপৰি ছোনিয়া গান্ধী আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই তেওঁক যথোপযুক্ত সমৰ্থন জনোৱাৰ লগতে চৰকাৰখন ৰক্ষা কৰিবলৈ যথেষ্ট সহায় কৰিছিল বুলি মন্তব্য কৰে ৷ একে সময়তে তেওঁ কোনো ধৰণৰ কেলেংকাৰীত জড়িত নাছিল বুলিও মত প্ৰকাশ কৰে ৷ উল্লেখযোগ্য যে, মংগলবাৰে বিধানসভাত আস্থা ভোট অনুষ্ঠিত হোৱাৰ পূৰ্ৱে বিধানসভাৰ অধ্যক্ষ কে.আৰ ৰামেশ কুমাৰকো যথেষ্ট আৱেগিক ৰূপত দেখা গৈছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.