ETV Bharat / bharat

COVID-19 ৰ সময়ত কিয় সাৱধানেৰে AC ব্য়ৱহাৰ কৰা উচিত

কৰ'ণা ভাইৰাছ আতংকৰ সময়ত AC ৰ ব্যৱহাৰ -

কৰ'ণা ভাইৰাছ আতংক
COVID-19 ৰ সময়ত কিয় সাৱধানেৰে AC ব্য়ৱহাৰ কৰা উচিত
author img

By

Published : Apr 19, 2020, 11:17 PM IST

নেশ্যনেল ডেস্ক, 19 এপ্ৰিল : ইন্টাৰনেটৰ জৰিয়তে এই কথা ভাইৰেল হৈ পৰিছে যে, এইবাৰৰ গ্ৰীষ্মকালত এয়াৰ কণ্ডিচনাৰৰ ব্যৱহাৰ কৰাটো সুৰক্ষিত নহয় যিহেতু ইয়াৰ পৰা কৰ'ণা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি হ'ব পাৰে ৷

Press Information Bureau (PIB) য়ে এই সম্পৰ্কত এক অনুসন্ধান চলোৱাৰ পাচতে এই কথা পোহৰলৈ আহিছে যে, সঁচা এয়া নহয় ৷ বিভিন্ন চিকিৎসকৰ পৰা সংগৃহিত তথ্যৰ পৰা PIB য়ে টুইটাৰৰ জৰিয়তে কয় যে, কৰ'ণা ভাইৰাছ ৰোগী নথকা কোঠাত AC ব্য়ৱহাৰ কৰিলে কোনো অপকাৰ নহয় ৷

টুইটৰ সৈতে সংলগ্ন এক ভিডিঅ'ত চিকিৎসকসকলে মন্তব্য কৰে যে, কৰ'ণা ভাইৰাছ ৰোগী থকা কোঠাত central AC য়ে কিছু অপকাৰ কৰিব পাৰে ৷

Indian Society of Heating, Refrigerating & Air Conditioning Engineers (ISHRAE) য়ে এক ডকুমেন্টৰ জৰিয়তে প্ৰকাশ কৰিছিল যে, স্বাস্থ্য সম্পৰ্কত সকলোৱে সজাগ হ'বৰ বাবে এই মহামাৰীৰ সময়ছোৱাত সাৱধানতাৰে এয়াৰ কণ্ডিছনাৰৰ ব্যৱহাৰ কৰা উচিত ৷ সাৱধানতা অৱলম্বন কৰিলে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নোহোৱাৰ লগতে স্বাস্থ্যকৰ্মীসকলো সুৰক্ষিত হৈ থাকিব ৷

ইয়াৰোপৰি, AC সমূহ পৃথক পৃথক পৰিৱেশ যেনে- ঘৰ, ব্যৱসায়িক স্থান আৰু হাস্পতালসমূহত কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কতো অভিযন্তাসকলে পৰামৰ্শ আগবঢ়াইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.