ETV Bharat / bharat

কিয় ব্যাপক হাৰত বৃদ্ধি পাইছে পিয়াজৰ মূল্য?

author img

By

Published : Oct 23, 2020, 9:01 AM IST

নেৰা-নেপেৰা বৰষুণৰ ফলত শস্য নষ্ট হোৱাৰ লেখীয়াকৈ পিয়াজৰো ব্যাপক হাৰত মূল্যবৃদ্ধি হৈছে ৷ দেশত পুনৰবাৰ অধিক হাৰত বৃদ্ধি পোৱা পিয়াজে প্ৰতিঘৰ মানুহৰ বাজেটত প্ৰভাৱ পেলাইছে ৷ জবলপুৰত প্ৰতিকিলো পিয়াজৰ মূল্য 80-90 টকা ৷ আনহাতে অন্য কিছু স্থানত প্ৰতিকিলো পিয়াজৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷

Onion price hike
পিয়াজৰ মূল্যবৃদ্ধি

নিউজ ডেস্ক,23 অক্টোবৰ : উৎসৱ পাৰ্বনৰ এই সময়ছোৱাত পুনৰ এবাৰ পিয়াজে সৰ্বসাধাৰণ ৰাইজক কন্দুৱাবলৈ সক্ষম হৈছে ৷ দেশত পুনৰবাৰ অধিক হাৰত বৃদ্ধি পোৱা পিয়াজে প্ৰতিঘৰ মানুহৰ বাজেটত প্ৰভাৱ পেলাইছে ৷ জবলপুৰত বৰ্তমান প্ৰতিকিলো পিয়াজৰ মূল্য 80-90 টকা বুলি জানিব পৰা গৈছে ৷ আনহাতে অন্য কিছু স্থানত প্ৰতি কিলো পিয়াজৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে ৷

বৰষুণৰ বাবে সৰবৰাহ ব্যাহত :

পিয়াজ উৎপাদনকাৰী ৰাজ্য অন্ধ্ৰ প্ৰদেশ,তেলেংগানা আৰু মহাৰাষ্ট্ৰত শেহতীয়াকৈ হোৱা মুষলধাৰ বৰষুণৰ ফলত দেশৰ অন্য ৰাজ্য়সমূহত পিয়াজৰ সৰবৰাহ ব্যাহত হোৱা পৰিলক্ষিত হৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অন্য ৰাজ্যসমূহত প্ৰতিকিলো পিয়াজৰ মূল্য 80-90 টা পৰ্যন্ত হৈছে ৷ আনহাতে খুচুৰা হাৰতো কিছু কিছু ৰাজ্যত পিয়াজৰ মূল্যই শতকৰ ঘৰ চুইছে ৷ দশমীৰ পাচত পিয়াজৰ মূল্যৰ পুনৰ আগৰ স্থিতি ঘূৰি আহিব বুলি ব্যৱসায়ীসকল এতিয়া আশাবাদী ৷

পিয়াজৰ মূল্য়বৃদ্ধিৰ ফলত পাকঘৰৰ বাজেট বৃদ্ধি :

পিয়াজৰ মূল্য়বৃদ্ধি হোৱাৰ ফলত সম্প্ৰতি মানুহৰ পাকঘৰৰ বাজেট বৃদ্ধি পাবলৈ ধৰিছে ৷ সেয়েহে মানুহে পাকঘৰত পিয়াজৰ পৰিমাণ কম কৰিবলৈ বাধ্য হৈছে ৷ যেতিয়ালৈকে পিয়াজৰ উচিত মূল্য নহয় তেতিয়ালৈকে পিয়াজ খোৱা কম কৰিব বুলি গৃহিনীসকলে মন্তব্য কৰে ৷

লাভালাভো এক অন্যতম কাৰণ :

Bulk Potato-Onion Business Associationৰ অধ্যক্ষ Ajay Aggarwalয়ে জনোৱা মতে,বজাৰত পিয়াজৰ দাম যথেষ্ট বৃদ্ধি পাইছে ৷ ৰাজধানী ভূপালতো ইয়াৰ মূল্য বৃদ্ধি পাইছে ৷ ষ্টক সীমাক পুনৰ ঘূৰাই লোৱাৰ বাবে জমাকৃতসকলক এক অনুপযুক্ত প্ৰেৰণা দিয়া হৈছে ৷

দুগুণ হাৰত গ্ৰাহকে পিয়াজ লাভ কৰে :

ব্যৱসায় সূত্ৰই সদৰি কৰা অনুসৰি,পিয়াজৰ দাম বৃদ্ধি পোৱাৰ আন এক ডাঙৰ কাৰণ হৈছে হোৰ্ডিং ৷ কেন্দ্ৰীয় চৰকাৰে বৰ্তমান আলু আৰু পিয়াজৰ সৈতে অন্য কিছুমান সামগ্ৰীৰ পৰা ষ্টক সীমা আঁতৰাই দিয়ে ৷ ইয়াৰ কাৰণ হৈছে হোৰ্ডিঙে যিকোনো মাত্ৰাতে সামগ্ৰীসমূহ জমা ৰাখিব পাৰে ৷ জবলপুৰ ডিপোত প্ৰতিকিলো পিয়াজৰ মূল্য 40-50 টকা ৷ যেতিয়াই ডিপোৰ পৰা পিয়াজৰ ৰপ্তানি হয় ইয়াৰ মূল্য 60-70 টকা হয়গৈ ৷ পিয়াজত লাভৰ পৰিমাণ অধিক ৷ এতিয়াও ডিপোত 40-50 টকাত পিয়াজ বিক্ৰী কৰা হয় ৷

নাচিকৰ পৰা ৰপ্তানি পিয়াজ :

কেৱল জবলপুৰেই পিয়াজৰ উপভোক্তা নহয় ৷ জবলপুৰৰ আশে-পাশে থকা জিলাসমূহলৈও পিয়াজৰ ৰপ্তানি হয় ৷ জবলপুৰত পিয়াজৰ উৎপাদন নগণ্যহে ৷ নৰসিংপুৰ আৰু চাগৰৰ ওচৰৰ জবলপুৰত পিয়াজৰ খেতি কৰা হয় ৷ কিন্তু বাৰিষা সময়ত উৎপাদন কৰিব পৰা নাযায় ৷ সেয়েহে কম মাত্ৰাত ভঁৰালত থকা পিয়াজ ৰপ্তানি কৰা হয় ৷ ইয়াৰোপৰি,খণ্ডৱাৰ পৰা জবলপুৰলৈ বৃহৎ হাৰত পিয়াজৰ ৰপ্তানি হয় ৷ এই সময়ছোৱাত নাচিকৰ পৰা প্ৰচুৰ পৰিমাণে পিয়াজৰ ৰপ্তানি হয় যদিও চলিত বৰ্ষত হোৱা প্ৰৱল বৃষ্টিপাতৰ ফলত সৰবৰাহৰ ক্ষেত্ৰত যথেষ্ট ক্ষতি হৈছে ৷

ৰাজধানী ভূপালত পিয়াজৰ দাম প্ৰতি কেজিত 60-70 টকা :

মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালত বিগত দহ দিনৰ পৰা 30-40 টকাত বিক্ৰী হোৱা পিয়াজৰ মূল্য দ্ৰুতগতিত প্ৰতি কিলোত 60-70 টকালৈ বৃদ্ধি পাইছে ৷ যদিও সৰু আকাৰৰ পিয়াজ এতিয়াও 30-40 টকাত বিক্ৰী হৈ আছে,কিছুদিন আগলৈকে এই পিয়াজৰ দাম 15-25 টকাত আছিল ৷

ৰতলামত পিয়াজৰ ব্যাপক সৰবৰাহ :

ৰতলামত পিয়াজৰ ক্ৰমবৰ্ধমান দামৰ প্ৰতিপ্ৰেক্ষিতত বজাৰৰ এটক ব্যাপক ৰপ্তানি আৰম্ভ হৈছে ৷ পৰিস্থিতি অনুযায়ী পিয়াজৰ ট্ৰেক্টৰ ট্ৰলীৰ বাবে ডিপোত ঠাইৰ অভাৱ ৷ একেদিনাই পিয়াজ ভৰ্তি এহাজাৰৰো অধিক ট্ৰলী আহি পাইছে ৷

কিয় বৃদ্ধি পাইছে পিয়াজৰ মূল্য?

বিগত কিছুদিনৰ পৰা দক্ষিণ ভাৰত আৰু মহাৰাষ্ট্ৰৰ কিছুসংখ্যক এলেকাত হোৱা প্ৰৱল বৃষ্টিপাতৰ বাবে পিয়াজৰ খেতি নষ্ট হৈছে ৷ সেয়েহে পিয়াজৰ দামে এতিয়া আকাশ চুইছে ৷ মহাৰাষ্ট্ৰ,গুজৰাট,ৰাজস্থান আৰু কৰ্ণাটকত পিয়াজৰ খেতি নষ্ট হৈছে ৷ সাধাৰণতে এই সময়ছোৱাত পিয়াজ উৎপাদনকাৰী ৰাজ্যসমূহৰ পৰা উচ্চ হাৰত পিয়াজৰ ৰপ্তানি হয় ৷ কিন্তু বৰষুণে সকলো খেতি নষ্ট কৰাৰ ফলত পিয়াজ সৰবৰাহত বিস্তৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : ফেচবুক ইণ্ডিয়ালৈ চমন জাৰি জম্বু-কাশ্মীৰ চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.