নিউজ ডেস্ক,12 নৱেম্বৰঃ ক’ভিড ১৯ মহামাৰীৰ প্ৰকোপৰ বাবে হঠাতে বিদ্যালয়বোৰ বন্ধ কৰি দিয়াৰ ফলত অকল শিশুসকলক শিক্ষা দান কৰাৰ ক্ষেত্ৰতেই প্ৰভাৱ পৰা নাই,বৰঞ্চ শিশুসকলক পুষ্টিকৰ আহাৰ যোগান ধৰাতো প্ৰভাৱ পৰিছে ৷ ৰাষ্ট্ৰীয় মধ্যাহ্ন ভোজন যোজনা (এম ডি এম বুলি পৰিচিত) হৈছে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ বিদ্যালয় ভোজন কাৰ্যসূচী ৷ বিদ্যালয়ত শিশুসকলৰ উপস্থিতি বৃদ্ধি কৰা আৰু চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা ১১.৫৯ কোটি শিশুক এক ‘পুষ্টিকৰ’ আহাৰৰ যোগান ধৰাৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্রহণ কৰা হৈছিল ৷ যি সময়ত ৰাজ্যবোৰে পৰিয়ালসমূহক পত্যক্ষভাৱে শস্য বা খাদ্য সুৰক্ষা ভাত্তা (এফ এছ এ) প্ৰদান কৰা আঁচনি গ্ৰহণ কৰাত তৎপৰতা প্ৰদৰ্শন কৰিছিল; সাম্প্ৰতিক অধ্যয়নবোৰত দেখা পোৱা গৈছে যে এই আঁচনিৰ জৰিয়তে পুষ্টিকৰ আহাৰ যোগানৰ বাবে নিৰ্দ্ধাৰিত কৰি দিয়া প্ৰকৃত প্ৰণিধানৰ পৰা বহু যোজন দূৰৈত ৷

সমস্যাটোৰ কিছু অংশ,যোজনাখন পৰিকল্পনা আৰু কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰসমুহৰ অৰ্থৰ যোগান ধৰা ব্যৱস্থাৰ লগত জৰিত জটিলতাত আছে ৷ আনকি এই প্ৰত্যাহ্বানসমূহ মহামাৰীৰ পূৰ্ৱেও বিদ্যমান আছিল আৰু এতিয়া ই বৃদ্ধিহে পাইছে ৷ এইসমূহ অতি শীঘ্ৰে সমাধান নকৰিলে আমি সংকটৰ মাজতে নতুন সংকটত সোমাই পৰিব লাগিব ৷ কাৰণবোৰ তলত দিয়া ধৰণেৰে বৰ্ণাব পাৰি ৷
২০২০ চনৰ মাৰ্ছ মাহৰ আৰম্ভণিতেই উচ্চতম ন্যায়ালয়ে বিদ্যালয় সমূহ বন্ধ হৈ পৰাৰ বাবে এম ডি এমৰ যোগান ব্যাহত হোৱাৰ ফলত সৃষ্টি হ’ব পৰা জটিলতাৰ কথা ঘোষণা কৰিছিল আৰু ৰাজ্য সমূহক শিশুবোৰকে ধৰি দূৰ্বল শ্ৰেণীৰ নাগৰিকৰ বাবে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিবলৈ নিৰ্দেশনা দিছিল ৷ ব্যাপক হাৰত হ'ব পৰা এক পুষ্টিহীনতাজনিত সংকটৰ সম্ভাৱনীয়তাক প্ৰতিহত কৰিবলৈকে এই বিষয়টো উত্থাপন কৰা হৈছিল ৷ ইয়াৰ পাচতেই শিক্ষা মন্ত্ৰালয়ে ৰাজ্যসমূহলৈ নিৰ্দেশনা জাৰি কৰি কৈছিল যে শিশুসকলৰ ঘৰলৈ “ৰন্ধা, গৰম হৈ থকা মধ্যাহ্ন ভোজন”ৰ যোগান ধৰিব লাগিব নাইবা “খাদ্য সুৰক্ষা ভাত্তা” প্ৰদান কৰিব লাগিব ৷
ৰাজ্যবোৰ সন্মত হয় ৷ প্ৰত্যক্ষ লাভ স্থানান্তৰ কৰা (একান্টত নগদ ধন জমা দিয়া) যেনেকৈ বিহাৰত কৰা হৈছে; খাদ্য শস্যৰ যোগান দিয়া (যেনেকৈ ৰাজস্থান বা তেলেংগানাত কৰা হৈছে) বা এফ এছ এত খাদ্য শস্য,কণী,দালী,তেল (ৰান্ধিবলৈ প্ৰয়োজন হোৱা খৰছৰ সমপৰিমাণৰ) ইত্যাদিৰ যোগান ধৰাৰ কথা ঘোষণা কৰে ৷
আনকি গাখীৰ,কণী ইত্যাদিকে ধৰি বিভিন্ন পুষ্টিকৰ খাদ্যসমূহ কেৰালাৰ দৰে ৰাজ্যত যোগান ধৰা হৈছিল ৷ এই প্ৰচেষ্টাবোৰক সম্পূৰ্ণ কৰি তুলিবলৈ,এম ডি এম যাতে গ্ৰীষ্মৰ মাহ কেইটাতো সুনিশ্চিতভাৱে যোগান ধৰি থাকিব পৰা যায় তাৰ বাবে অতিৰিক্তভাৱে অনুমোদন বিচৰা হৈছিল ৷ উল্লেখ্য যে সাধাৰণতে কোনো মহামাৰীৰ প্ৰকোপ নথকাৰ সময়বোৰত গ্ৰীষ্মৰ মাহকেইটাত বিদ্যালয়বোৰে গ্ৰীষ্মকালিন বন্ধ পালন কৰাৰ ফলত এই মাহকেইটাক এম ডি এমৰ আওতাত ধৰা নহয় ৷

তথাপি,ইমানবোৰ উপায় লোৱাৰ পাচতো,অলপতে কৰা অধ্যয়ন কিছুমানত প্ৰকাশ পাইছে যে বহু শিশুক এতিয়াও প্ৰতিশ্ৰুতিমতে পুষ্টিকৰ আহাৰৰ যোগান ধৰা হোৱা নাই ৷ মে’-জুন মাহত অক্সফামে চাৰিখন ৰাজ্যৰ (উৰিষ্যা,বিহাৰ,ঝাৰখণ্ড আৰু ছত্তিশগড়) ১,১৫৮ জন অভিভাৱকৰ মাজত চলোৱা এক সমীক্ষাত পোৱা গৈছে যে প্ৰায় এক তৃতীয়াংশ শিশুৱেই এম ডি এম পোৱা নাই ৷ উত্তৰ প্ৰদেশত ইয়াৰ অনুপাত ৯২ শতাংশ ৷ আনকি আন কিছুমান অধ্যয়নত এম ডি এম পোৱা শিশুৰ সংখ্যা ইয়াতকৈও কম পোৱা গৈছে ৷
কিয় ? সম্ভাৱ্য কাৰণৰ বিষয়ে জানিবলৈ হ’লে আমি এই যোজনাই সন্মুখীন হৈ থকা কঠিনতাবোৰলৈ লক্ষ্য কৰিব লাগিব ৷ বাজেট, ফাণ্ড ফ্ল’ তথা কোনে এই যোজনাৰ সুবিধাবোৰ গ্ৰহণ কৰি আছে তাৰ তথ্য বিশ্লেষণ কৰাও দৰকাৰী ৷ এম ডি এম হৈছে কেন্দ্ৰই স্পঞ্চৰ কৰা যোজনা ৷ যাৰ অৰ্থ হৈছে কেন্দ্ৰ আৰু ৰাজ্যই ধন জমা কৰিব পাৰে ৷
এম ডি এমৰ অধীনত (যোজনাটোৰ বিষয়ে জানিবলৈ সংক্ষিপ্তভাৱে ডাউনল’ড কৰক) কেন্দ্ৰই যোজনাটো চলোৱাৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন কাৰ্যকলাপবোৰ যেনে ৰন্ধা-বঢ়াৰ খৰছ,ৰান্ধনি তথা সহায়কসকল আৰু আন্তঃগাঠনিৰ (পাকঘৰ, ৰন্ধাৰ বাবে প্ৰয়োজন হোৱা সজুলি ইত্যাদি) বাবদ ৬০% ধনৰ যোগান ধৰে ৷ কেন্দ্ৰ চৰকাৰেই খাদ্য শস্যৰ বাবে প্ৰয়োজন হোৱা সমগ্ৰ খৰছ বহন কৰে ৷
বিত্তীয় বৰ্ষ ২০২০-২১ অৰ আৰম্ভণিতে কেন্দ্ৰীয় চৰকাৰে ১১ হাজাৰ কোটি টকাৰ আৱন্টন দিছিল ৷ যি পাচলৈ ১২ হাজাৰ ছশ কোটিলৈ বৃদ্ধি কৰা হয় ৷ এই অতিৰিক্ত এহাজাৰ ছশ কোটি টকা গ্ৰীষ্মৰ মাহকেইটাত এম ডি এম যোগান ধৰিবৰ বাবে আৱন্টন দিয়া হৈছিল ৷
যি নহওক কেন্দ্ৰৰ পৰা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা এই ধন প্ৰয়োজনীয় ধনৰ তুলনাত কম আৰু লগতে মুকলি কৰাত বিলম্বিতও হৈছিল ৷ আমি বিত্তীয় বৰ্ষৰ প্ৰথম তিনি মাহত (২০২০ চনৰ এপ্ৰিলৰ পৰা জুনলৈকে) ৰন্ধাৰ বাবে প্ৰয়োজন হোৱা খৰছৰ সৈতে (প্ৰতি ইউনিট ৰন্ধাৰ খৰছৰ লগত দিনৰ সংখ্যা পূৰণ কৰি চোৱা হৈছে) কেন্দ্ৰই সেই তিনি মাহৰ বাবে আৱন্টন কৰা প্ৰকৃত খৰছ তুলনা কৰিছিলো ৷ এই অনুমানে আৱন্টন কৰি থকা প্ৰয়োজনীয় ধনৰ খুবেই কম স্তৰৰ বিষয়েহে ইংগিত দিয়ে ৷ উদাহৰণ স্বৰূপে,ৰাজস্থানত যিসময়ত প্ৰথম তিনি মাহৰ বাবে ৰন্ধা-বঢ়াৰ খৰছ ১৭৩ কোটি টকা হ’ব বুলি ঠাৱৰ কৰা হৈছিল; কেন্দ্ৰ চৰকাৰৰ দাৰা মাত্ৰ ৯০ কোটি টকাৰহে আৱন্টন দিয়া হৈছিল ৷ ঠিক একেদৰেই,অন্ধ্ৰ প্ৰদেশ,দিল্লী আৰু উত্তৰ প্ৰদেশত ৬০ শতাংশতকৈও কম ধনহে মুকলি কৰি দিয়া হৈছিল ৷
আনকি গ্ৰীষ্মকালীন মাহকেইটাৰ কাৰণে অতিৰিক্তভাৱে আৱন্টিত কৰা ধনখিনিও মুকলি কৰা হোৱা নাই ৷ উদাহৰণ স্বৰূপে,উত্তৰাখণ্ডত কেন্দ্ৰীয় চৰকাৰৰ দাৰা মুঠ অনুমোদিত এফ এছ এৰ (১২.৫৪ কোটি) মাত্ৰ ৪৩ শতাংশহে (৫.৩৯ কোটি) মুকলি কৰি দিয়া হৈছিল ৷ কৰ্ণাটক আৰু তামিলনাডুত এই অনুপাত ক্ৰমান্বয়ে ৭৩% আৰু ৭৯% ৷ আনকি ২০২০ চনৰ ২৯ অক্টোবৰলৈকে মাত্ৰ বিশখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলেহে গ্ৰীষ্মকালিন বন্ধত এম ডি এম যোগান ধৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ধন লাভ কৰিবলৈ সক্ষম হৈছে ৷
যিবোৰ ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন লাভ কৰিছিল,সেইয়াও মুকলি কৰাত পলম কৰা হৈছিল ৷ বিত্তীয় বৰ্ষৰ দ্বিতীয় ত্ৰিমাহীৰ শেষৰ ফালে বা তৃতীয় ত্ৰিমাহীৰ আৰম্ভণিৰ ফাললৈহে এই ধন মুকলি কৰা হৈছিল ৷ যিকোনো চৰকাৰী যোজনাৰ ধনসমূহ কাম কাজৰ বাবে ব্যৱহাৰ কৰিবলৈ যথেষ্ট কঠিন ৷ আনকি এম ডি এম সেৱা প্ৰদান কৰাৰ ক্ষেত্ৰত ক’ভিড ১৯ মহামাৰীৰ দৰে অতিকৈ জৰুৰী সময়তো অতি মন্থৰ গতিৰে সেৱা আগবঢ়াইছে ৷
ধনৰ উপলব্ধতা বাদ দিও সকলো ছাত্ৰ-ছাত্ৰীক সামৰি লোৱাৰ ক্ষেত্ৰতো এই যোজনা অসফল ৷ এই যোজনাৰ নক্সা অনুযায়ী ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক পূৰ্ৱৰ বৰ্ষৰ প্ৰৱণতাৰ ভিত্তিত কোনবোৰ শিশুৱে এম ডি এমৰ সুবিধা লাভ কৰিব তাৰ আনুমানিক সংখ্যা যোগান ধৰিব ৷ ইয়াৰ পাচত এই অনুমানবোৰক পুনঃমূল্যায়ন কৰা হয় আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুমোদন কৰা হয় ৷
তথাপি বহু ৰাজ্যত এফ এছ এ প্ৰাপ্ত শিশুৰ সংখ্যা ৰাজ্যবোৰে যুগুতাই দিয়া আনুমানিক সংখ্যাতকৈ বহু কম আছিল ৷ এই প্ৰৱণতাটো গৰমৰ মাহকেইটাত যোগান ধৰিবলগীয়া এফ এছ এৰ কাৰণেও লোৱা হৈছিল ৷
প্ৰকৃততে শিশুসকলৰ মাজত থকা ব্যৱধানৰ বাবে এফ এছ এ যোগান ধৰা হয় আৰু প্ৰাৰম্ভিক অৱস্থাত অনুমোদিত বোৰৰ ভিতৰত বিহাৰ, মহাৰাষ্ট্ৰ, তামিলনাডু আৰু হাৰিয়ানাত সৰ্বোচ্চ আছিল ৷
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ক'ব পাৰি যে মহামাৰীৰ ফলতহে এম ডি এমৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে ৷ জীৱিকা হেৰুৱাৰ ফলত আৰু উপাৰ্জন হ্ৰাস পোৱাৰ ফলত পৰিয়ালবোৰৰ বাবে পৰ্যাপ্ত পৰিমাণৰ পুষ্টিকৰ খাদ্য যোগুতাই থাকিবলৈ কঠিন হৈ পৰিছে ৷ এই সময় চোৱাত এম ডি এমৰ সুবিধা গ্ৰহণ কৰিবলৈ বিচৰা শিশুৰ সংখ্যা ৰাজ্যবোৰে বিত্তীয় বৰ্ষৰ আৰম্ভণিতে অনুমান কৰা সংখ্যাতকৈ কিছু পৰিমাণে বেছি হ’ব ৷ ইয়াৰ অৰ্থ হ’ল যে সকলোকে সামৰি লোৱাৰ ক্ষেত্ৰত থকা এই ব্যৱধানতো সম্ভৱত আৰু বেছি হ’ব ৷
কিন্তু যি ধৰণেৰে কভাৰেজ অনুমান কৰা হয় তাৰ ওপৰত প্ৰশ্ন উত্থাপিত হ’ব পাৰে আৰু সংখ্যাৰ সঠিকতা কোনো নতুন কথা নহয় ৷ উদাহৰণ স্বৰূপে,এম ডি এম ৱেবছাইটত উপলব্ধ তথ্য অনুযায়ী ২০১৮-১৯ বৰ্ষত নামভৰ্তিকৰণ কৰা শিশুৰ সংখ্যা শিক্ষা মন্ত্ৰালয়ে বাজেট নিৰ্দ্ধাৰণৰ বাবে ব্যৱহাৰ কৰা বিদ্যালয়সমূহৰ অধিকাৰিক তথ্য ভাণ্ডাৰ “ইউনাইটেড ডিষ্ট্ৰিক ইনফৰ্মেশ্বন ছিষ্টেম”ৰ (ইউ ডই আই এছ ই) প্ৰতিবেদনবোৰৰ তুলনাত গড় হিচাপত উচ্চ আছিল ৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পৰিকল্পনাৰ বাবে ব্যৱহাৰ কৰা ডাটাবেছ বোৰৰ মাজত বিহাৰৰ বাবে ১৮ লাখতকৈও অধিক আৰু পশ্চিমবংগৰ বাবে ১৪ লাখতকৈও অধিক পাৰ্থক্য আছিল ৷
ইয়াত কোনো সন্দেহ নাই যে মহামাৰীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওপৰত প্ৰচুৰ বিত্তীয় চাপৰ সৃষ্টি কৰিছে ৷ যাৰ অৰ্থ হ’ল ধনৰ প্ৰবাহ কঠোৰভাৱে নিয়ন্ত্ৰিত কৰা হৈছে ৷ কিন্তু আমাৰ পৰিকল্পনা,বাজেটিং আৰু ধনৰ প্ৰৱাহ প্ৰণালীক শক্তিশালী কৰি তুলাটো গুৰুত্বপূৰ্ণ হ’ব ৷ ইয়াকে কৰাত ব্যৰ্থ হ’লে ইতিমধ্যেই উচ্চতম ন্যায়ালয়ে সকিয়াই দিয়াৰ দৰেই হয়তো এক ব্যাপক পুষ্টিহীনতাৰ সংকটে দেখা দিব ৷
অৱনি কুমাৰ, ডাইৰেক্টৰ একান্টেবিলিটি ইনিছিয়েটিৱ এণ্ড ফেল’,চি পি আৰ
শৰদ পাণ্ডে, ৰিছাৰ্ছ এছ’ছিয়েট, একান্টেবিলিটি ইনিছিয়েটিৱ এণ্ড ফেল’, চি পি আৰ
লগতে চাওকঃ চৰকাৰী পক্ষৰ অৱহেলাত উপেক্ষিত শিলচাং প্ৰত্নতাত্বিক স্থান