ETV Bharat / bharat

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

'হাথৰসৰ পীড়িতাৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতে আৰক্ষীয়ে মোৰ সৈতে থেলা-হেঁচা কৰাতো একো ডাঙৰ কথা নহয়': ৰাহুল গান্ধী। পঞ্জাৱৰ পাটিয়ালাত সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কংগ্ৰেছ নেতাগৰাকীৰ। কৃষি আইন, বিমুদ্ৰাকৰণ, জি এছ টি, COVID-19ৰ বাবে সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ নিয়ন্ত্ৰণ আৰু পূৱ লাডাখত চীনৰ আগ্ৰাসনক লৈ কটাক্ষ কৰে ৰাহুলে।

কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Oct 6, 2020, 5:51 PM IST

নেশ্যনেল ডেস্ক, ৬ অক্টোবৰ: সমগ্ৰ দেশতে কৃষি আইনৰ বিৰোধিতাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে পুনৰ বি জে পি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। মঙলবাৰে পঞ্জাৱৰ পাটিয়ালাত সংবাদমেলযোগে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সংবাদমেলত তেওঁ কয় যে, 'যেতিয়া সমগ্ৰ দেশকে অৱনতিৰ দিশে থেলি দিয়া হৈছে, সেই সময়ত মোৰ সৈতে আৰক্ষীয়ে থেলা-হেঁচা কৰাতো কোনো ডাঙৰ কথা নহয়।

হাথৰসৰ নিৰ্যাতিতাৰ পৰিয়ালক লগ কৰিবলৈ যাওঁতে এইখিনি কষ্ট পোৱাতো সাধাৰণ কথা। ই একো প্ৰভাৱ পেলাব নোৱাৰে।' লগতে জনতা আৰু কৃষকৰ ৰক্ষা কৰাতো কৰ্তব্য বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি তেওঁ কয় যে, এই চৰকাৰ খন এনেকুৱা এখন চৰকাৰ যে, যদি চৰকাৰৰ বিৰুদ্ধে থিয় দিব বিচাৰে তেন্তে আপোনাক গতিয়াই দিব, আপোনাৰ ওপৰত লাঠিচালনা কৰিব। কিন্তু এই সকলোবোৰৰ বাবে কংগ্ৰেছ সাজু আছে বুলি মন্তব্য কৰে। আটাইতকৈ ডাঙৰ আঘাত হাথৰসৰ পীড়িতাৰ পৰিয়ালক দিয়া হৈছে।

সেয়ে দুৰ্ভগীয়া পৰিয়ালটোৰে সাক্ষাত্ কৰা প্ৰয়োজনীয় আছিল। নিৰ্যাতিতাৰ পৰিয়ালে অকলশৰীয়া অনুভৱ নকৰিবলৈও আহ্বান জনাইছিল বুলি প্ৰকাশ কৰে ৰাহুলে। প্ৰতিদিনে লাখ লাখ মহিলাৰ সৈতে দুৰ্ব্যৱহাৰ, ধৰ্ষণৰ দৰে জঘন্য কাণ্ড সংঘটিত হয়। হাথৰসৰ ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মৌনতাক লৈও প্ৰশ্ন উত্থাপন কৰে। হাথৰসলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ সৈতে আৰক্ষীয়ে কৰা ব্যৱহাৰকো সমালোচনা কৰে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰিছিল।

পঞ্জাৱত কংগ্ৰেছে আয়োজন কৰা 'খেত বচাঅ' যাত্ৰা'ৰ সময়ত এই কথা প্ৰকাশ কৰে। 'খেত বচাঅ' যাত্ৰা' শীৰ্ষক ট্ৰেক্টৰ ৰেলীত পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ লগতে হৰিশ ৰাৱতেও অংশগ্ৰহণ কৰে। কৃষি আইনে কৃষকলৈ বিপদ মাতি আনিছে বুলিও মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। আনহাতে, চীনে ভাৰতৰ ১,২০০বৰ্গ কিলোমিটাৰ ভূমি দখল কৰাক লৈও কেন্দ্ৰক সমালোচনা কৰে।

লগতে পঢ়ক : পোষ্টেল বেলটক লৈ নতুন নিৰ্দেশনা জাৰি নিৰ্বাচনী আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.