ETV Bharat / bharat

কৰ'না ভাইৰাছ সম্পৰ্কত চ'ছিয়েল মিডিয়াত সজাগতা WHOৰ - কৰ'না ভাইৰাছ সম্পৰ্কত চ'ছিয়েল মিডিয়াত সজাগতা WHOৰ

কৰ'না ভাইৰাছ সম্পৰ্কত আমি বহুত বেছি কথা নাজানো যদিও প্ৰতিদিনে আমি বহু কথা শিকিব পাৰিছো আৰু আমি চৌব্বিশ ঘন্টাই চেষ্টা কৰিছো এই সম্পৰ্কত তথ্য আহৰণ কৰিবলৈ ৷

কৰ'না ভাইৰাছ সম্পৰ্কত চ'ছিয়েল মিডিয়াত সজাগতা WHOৰ

author img

By

Published : Mar 6, 2020, 11:15 AM IST

জেনেভা, 6 মাৰ্চঃ কৰ'না ভাইৰাছৰ পৰা বাচি থাকিবলৈ আগতীয়া সতৰ্কতামূলক ব্যৱস্থা হিচাপে বৃহস্পতিবাৰে বিশ্ব স্বাস্থ্য সংস্থাই চ'ছিয়েল মিডিয়া যোগে এক নতুন সজাগতাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যাতে বিশ্বৰ লোকসকল মাৰাত্মক কৰ'না ভাইৰাছৰ পৰা আতৰত থাকিব পাৰে আৰু ইয়াৰ বিষয়ে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক টেড্ৰছ আদনম গেব্ৰীছাছে কয় যে, আমি জানো যে, বিশ্বৰ সকলো লোক কৰ'না ভাইৰাছক লৈ শংকিত আৰু তেওঁলোকক আমি এই সম্পৰ্কত প্ৰতিদিনেই সঠিক তথ্য প্ৰদান কৰিব লাগিব ৷ তেওঁলোক যাতে শংকিত নহয় ৷ সেইবাবে বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত সকলো লোককে কৰ'না ভাইৰাছ সম্পৰ্কত তথ্যৰ আদান প্ৰদান কৰিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ যদি বিতত হৈছে, আপোনাৰ আশে পাশে যদি কোনো জৰুৰীকালীন পৰিস্থিতিৰ সৃষ্টি হৈছে তেনেহ'লে আপুনি কি কৰিব প্ৰথমে ? কেনেকৈ সহায় কৰিব এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'লে সকলো খিনি বিশ্ব স্বাস্থ্য সংস্থাৰ চ'ছিয়েল মিডিয়া কোষৰ জৰীয়তে পৰামৰ্শ প্ৰদান কৰা হ'ব ৷ কৰ'না ভাইৰাছ সম্পৰ্কত আমি বহুত বেছি কথা নাজানো যদিও প্ৰতিদিনে আমি বহু কথা শিকিব পাৰিছো আৰি আমি চৌব্বিশ ঘন্টাই চেষ্টা কৰিছো এই সম্পৰ্কত তথ্য আহৰণ কৰিবলৈ ৷ সঞ্চালক টেড্ৰছে কয় যে, এই ভাইৰাছ বিধ কিমান মাৰাত্মক সেয়া ডাঙৰ কথা নহয়, আমি তাক কিমান গুৰুত্ব সহকাৰে লৈছো সেইটোহে গুৰুত্বপূৰ্ণ কথা ৷ এই মূহুৰ্তত বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কৰ'না ভাইৰাছক প্ৰতিহত কৰি বিশ্ব সম্প্ৰদায়ক ইয়াৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷

কৰ'না ভাইৰাছৰ পৰা মুক্ত হোৱাৰ ক্ষেত্ৰত আমি সকলোৱে এই ক্ষেত্ৰত দায়বদ্ধ হ'ব লাগিব আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব যদিও আমি আক্ৰান্ত হও ইয়াৰ দ্বাৰা ৷ আমি সকলো সচেতন আৰু দায়িত্বশীল হ'ব লাগিব যাতে আক্ৰান্ত ব্যক্তিৰ পৰা আন এজনলৈ যাতে এই ভাইৰাছ বিয়পিব নোৱাৰে ৷ এইদৰে কয় বিশ্ব স্বাস্থ্য সংস্থাৰ অধ্যক্ষ টেড্ৰছ আদনম গেব্ৰীছাছে ৷

লগতে চাওকঃ

20 মাৰ্চৰ পুৱা 5.30 বজাঃ নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীৰ ফাঁচিৰ বাবে নতুন সময় ঘোষণা আদালতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.