ETV Bharat / bharat

লকডাউন বৃদ্ধিৰ ভাৰতৰ সিদ্ধান্তক শলাগ ল'লে WHO য়ে

author img

By

Published : Apr 14, 2020, 10:36 PM IST

ভাৰতৰ প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ ৷ প্ৰধানমন্ত্ৰী মোডীয়ে লকডাউনৰ সময়সীমা বৃদ্ধিৰ কথা ঘোষণা কৰাৰ পাচতে শলাগ ল'লে পুনম খেত্ৰাপাল সিঙে ৷

লকডাউনৰ সময়সীমা বৃদ্ধি
ভাৰতৰ প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ

নেশ্যনেল ডেস্ক, 14 এপ্ৰিল : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে লকডাউনৰ সময়সীমা বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাচতে প্ৰশংসা আগবঢ়াইছে বিশ্ব স্বাস্থ্য সংস্থাই (WHO) ৷ উল্লেখ্য যে, কৰ'ণা ভাইৰাছ আতংকৰ বাবে ৰাষ্ট্ৰজোৰা লকডাউনৰ সময়সীমা 3 মে'লৈ বৃদ্ধি কৰিলে ভাৰতে ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূৱ এছিয়াৰ আঞ্চলিক প্ৰৱন্ধক ড0 পুনম খেত্ৰাপাল সিঙে কয় যে, সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত 6 সপ্তাহজোৰা লকডাউন আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ ফলত ভাৰতক উপকৃত কৰিব ৷

ড0 খেত্ৰপালে কয়, "COVID-19 ৰ বিৰুদ্ধে যুঁজিবৰ বাবে ভাৰতৰ সময়োপযোগী আৰু কঠোৰ সিদ্ধান্তক WHO য়ে প্ৰশংসা আগবঢ়াইছে ৷ সংখ্যাৰ ওপৰত ভিত্তি কৰি কোনো বিষয়ত মন্তব্য কৰিবলৈ বহু সোনকাল হৈ আছে ৷ সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত 6 সপ্তাহজোৰা লকডাউন আৰু জনস্বাস্থ্যৰ সুৰক্ষাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ন কৰাৰ ফলত ভাৰতক উপকৃত কৰিব ৷"

তেওঁ লগতে কয়, "বহু প্ৰত্যাহ্বান থকাৰ পাচতো ভাৰতে কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ বাবে অদম্য সাহস আৰু দায়বদ্ধতা দেখুৱাইছে ৷ এই সময়ছোৱাত প্ৰতিটো সমূদায়, কৰ্তৃপক্ষ আৰু স্বাস্থ্যকৰ্মীৰ ওপৰতে এখন দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব ৷ এই ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলোৱে নিজৰ শ্ৰেষ্ঠত্ব উজাৰি দিয়া উচিত ৷"

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতবৰ্ষত 10,363 লোক COVID-19 ত আক্ৰান্ত হৈছে ৷ আনহাতে, যোৱা 24 ঘন্টাত 1,211 জন লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে 31 জনৰ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.