কৃষকসকলৰ জীৱনৰ সুৰক্ষা আৰু মানৱ সভ্যতাৰ খাদ্য সুৰক্ষাৰ বিষয়ে বহল অৰ্থত চাবলৈ গ’লে এক অ-বিচ্ছিন যোগসূত্ৰ দেখা পোৱা যায় ৷ এই মৌলিক সত্যটোকে নেতাসকলে অনুধাৱন কৰিব পৰা নাই ৷ আজি বিশ্বৰ দেশসমূহৰ কৃষকসকলৰ কাৰণে এক ৰাষ্ট্ৰীয় স্তৰৰ পৰিকল্পনাৰ গুৰুত্ব কিমান সেই বিষয়ে বৰ্ণনা কৰা ডঃ স্বামীনাথনৰ মূল্যৱান পৰামৰ্শমূলক প্ৰতিবেদনখনক আওকাণ কৰি নেতাসকলে সুবিধাজনকভাৱে ৰাষ্ট্ৰীয় কৃষিক্ষেত্ৰৰ বাবে পিছহুহকা মনোভাৱ পোষণ কৰিছে ৷ মোডী চৰকাৰে অলপতে সামূহিকভাৱে কৃষিক্ষেত্ৰৰ আন্তঃগাঁথনি বিকাশৰ হেতুকে এক লাখ কোটি টকাৰ এক পুঁজিৰ ঘোষণা কৰি কয় যে,যেতিয়ালৈকে কৃষকসকলৰ স্বাৰ্থবোৰক, কৃষি ক্ষেত্ৰৰ উন্নয়ন আৰু গ্ৰামাঞ্চলৰ বিকাশৰ কাম একেলগে সম্পন্ন কৰা নাযাব তেতিয়ালৈকে ৰাষ্ট্ৰৰ সামগ্ৰিক প্ৰগতি এক মৰিচিকা যেন হৈয়ে ৰ’ব ৷ ভাৰতবৰ্ষক কৃষি ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আৰম্ভ কৰা প্ৰকল্পটো, যাৰ অধীনত এক বহল পৰিসৰত আন্তঃগাঁথনিসমূহৰ যোগান ধৰা হ’ব, যেনে সৰবৰাহ শৃংখলাৰ সেৱাসমূহ, বুনিয়াদী প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ, সাৰজাতীয় সামগ্ৰীৰ গুদামঘৰ, গুণাগুণ পৰীক্ষণ গোট, ক’ল্ড ষ্ট’ৰেজৰ ব্যৱস্থা, মূল্য সংযোজন গোট আৰু শস্যৰোপণৰ স্তৰৰ পৰা আৰম্ভ কৰি কৃষকৰ উৎপাদিত সামগ্ৰী বজাৰলৈ লৈ যোৱালৈকে বিভিন্ন ধৰণৰ সুবিধাসমূহ উপলব্ধ থাকিব ৷ কৃষকসকল, তেওঁলোকৰ উৎপাদনৰ সহযোগীসকল, প্ৰাথমিক কৃষি সমবায়বোৰ, প্ৰতিশ্ৰুতিসম্পন্ন কৃষি উদ্যোগীসকল, ষ্টাৰ্ট-আপ আৰু বিপণন সমবায়বোৰ যি সকলৰ লগত কৃষকসকলৰ নিয়মীয়া যোগাযোগ থাকে তেওঁলোকলৈ সূদ মুক্ত ঋণ বিতৰণৰ যোগেদি এই গুৰুত্বপূৰ্ণ পৰিকাঠামোৰ বিকাশ সাধন কৰাটো হৈছে কেন্দ্ৰীয় চৰকাৰৰ মূল অভিপ্ৰায় ৷ এক যথোপযুক্ত বজাৰ মূল্য নোপোৱালৈকে শস্যবোৰক সংৰক্ষণ কৰি ৰাখিব পৰা নমনীয়তা আৰু তেনেধৰণৰ আন আন সুবিধাসমূহত মূল্য সংযোজনে কৃষকসকলক এক বহনক্ষম বিনিয়োগ কৰিবলৈ সক্ষম কৰি তুলিব বুলি চৰকাৰ আশাবাদী ৷ তদুপৰি এই প্ৰচেষ্টাই কৃষি ভিত্তিক উদ্যোগত এক বৃহৎ সংস্থাপনৰ বাট মুকলি কৰিব বুলি ধাৰণা কৰা হৈছে ৷ লগতে ই খাদ্য সামগ্ৰী নষ্ট হোৱাতো বাধা প্ৰদান কৰিব ৷ সংশ্লিষ্ট ৰাজ্যসমূহৰ মুঠ কৃষি ক্ষেত্ৰ আৰু আনুষংগিক ক্ষেত্ৰৰ মূল্যৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰে ঋণ বিতৰণৰ অংশীদাৰিত্ব থিৰাং কৰি দেশৰ কৃষি ক্ষেত্ৰখন উদ্ধাৰৰ দিশত এখোজ আগবঢ়াইছে বুলি ক’ব পাৰি ৷ কৃষকসকলৰ কল্যাণ সাধনত কিমান দূৰলৈকে এই বৃহৎ প্ৰকল্পটোৱে অৰিহণা যোগাব পাৰিব, সি নিজেই এক এই প্ৰকল্পটোৰ সফলতাক জুখিব পৰা এক মাপকাঠি হ’ব ৷ আন্তঃগাঁথনিৰ সুবিধাবোৰৰ অভাৱ, কৃষকসকলৰ উৎপাদনক যথেষ্টভাৱে বহন কৰিব নোৱাৰা কৰি তোলাৰ ক্ষেত্ৰত খলনায়কৰ ভূমিকা লোৱা কাৰকবোৰৰ ভিতৰত ই অন্যতম ৷ কৃষকসকলৰ বাবে আন্তঃগাঁথনিৰ অভাৱৰ বিষয়ে ক’বলৈ যাওঁতে দিব পৰা আটাইতকৈ উল্লেখযোগ্য উদাহৰণটো হ’ল, যেতিয়া খেতি কৰা মূল্যতকৈও বিলাহীৰ মূল্য তললৈ নামি যোৱাৰ বাবে কৃষকসকলে খঙতে ৰাস্তাত বিলাহীবোৰ দলিয়াই দিছিল ৷ আনহাতে প্ৰত্যেকবছৰে বজাৰত বিলাহীৰ মূল্য বাঢ়ি বাঢ়ি আকাশলংঘী হোৱাৰ বাবে গ্ৰাহকসকলৰ মাজত সৃষ্টি হোৱা হতাশাৰ যি অভিজ্ঞতা, সি দেশৰ কৃষি ক্ষেত্ৰত থকা আন্তঃগাঁথনিৰ অভাৱৰ কথাকে ব্যক্ত কৰে ৷ এনে এক প্ৰেক্ষাপটত দেশে, প্ৰতি বছৰে সৰ্বমুঠ ৪৪ হাজাৰ কোটি টকাৰ ৰাষ্ট্ৰীয় লোকচানৰ সন্মুখীন হৈ থাকিবলগা হৈছে ৷
এপ্ৰিল মাহত ‘দ্য নেশ্বনেল ইনফ্ৰাষ্ট্ৰাকচাৰ পাইপলাইন’ (NIP)এ কয় যে কৃষি ক্ষেত্ৰত অনাগত পাঁচ বছৰৰ ভিতৰত মূলতঃ ই-মাৰ্কেটিং, গুদামঘৰৰ সুবিধা আৰু গৱেষণা উন্নয়নৰ ওপৰত ধ্যান দি ৬৮ লাখ কোটি টকা বিনিয়োগ কৰাৰ প্ৰয়োজনীয়তা আছে ৷ আনকি শস্যবোৰ বজাৰলৈ স্থানান্তৰিত যদি কৰিও দিয়া যায়, আৰু বজাৰত যদি কোনো ত্ৰিপালৰ সুবিধা নাথাকে, তেতিয়া এইটো লক্ষণীয় হ’ব যে আন্তঃগাঁথনি পুঁজিৰ আৱন্তনে সেই নিৰাশ কৃষকসকল, যি সকল ইতিমধ্যে এক বৃহৎ লোকচানত ভূগি আছে, তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিব পাৰিব ? সেই কৃষকে নষ্ট হ’বলৈ ধৰা শস্যৰ পৰা লাভ আদায় কৰিব পাৰিব নে ? ৰাষ্ট্ৰীয় নমুনা অধ্যয়নে এইটো সু-নিশ্চিত কৰিছে যে ক্ষেত্ৰীয় স্তৰত সম্পূৰ্ণ অ-যৌতিকভাৱে নিৰূপিত কৰা নূন্যতম সমৰ্থন মূল্যই কৃষকসকলৰ জীৱিকা সমূলাঞ্চে ধ্বংস কৰি দিছে৷ যদিও এই তথ্য পোহৰলৈ আহিছে যে এজন সাধাৰণ কৃষক পৰিয়ালৰ মাহিলী গড় আয় 6000 টকাতকৈও কম ৷ ডঃ স্বামীনাথনৰ প্ৰতিবেদনে পৰামৰ্শ দিছে যে এজন সাধাৰণ কৃষকৰ গড় সমৰ্থনযোগ্য মূল্য, ব্যয় কৰা প্ৰকৃত মূল্য, মাটিৰ বন্ধকী মূল্য আৰু তাৰপিছত মুঠ ব্যয়ৰ লগত এনে এক মূল্যৰ ৫০% যোগ দিয়াৰ পিছতহে নিৰ্ধাৰণ কৰা উচিত ৷ যি নহওঁক, এই পৰামৰ্শৰ ওপৰত ধ্যান দিয়া হোৱা নাই আৰু যাৰ পৰিণতিত একোজন সাধাৰণ কৃষকৰ আৰ্থিক অৱস্থা আৰু অধিক শোচনীয় হৈ গৈ আছে ৷ আন্তঃগাঁথনি পূঁজি বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল, কৃষি ক্ষেত্ৰৰ প্ৰতি নেতৃত্ববৰ্গৰ মৌলিক ধাৰণা সলনি হ’ব লাগিব ৷ সুৰক্ষিত কৃষিৰ কৌশলৰ অন্তৰ্গত হ’ল, প্ৰাকৃতিক দুৰ্যোগ আৰু কীট-পতংগৰ আক্ৰমণৰ বিৰুদ্ধে এক শক্তিশালী ঢালৰ সৃষ্টি কৰাৰ লগতে এজন সাধাৰণ কৃষকক নিশ্চিত লাভৰ মুখ দেখুৱাব পৰা আৰু বহন কৰিব পৰা সফল সঞ্চালনৰ কৌশলবোৰ আদি ৷ তেতিয়াহে এজন সাধাৰণ কৃষকে তেওঁৰ কৃষি উৎপাদনক লৈ আনন্দোৎসৱ পালন কৰিব পাৰিব যেতিয়া তেওঁ উৎপাদিত শস্যৰ পৰা লাভান্বিত হ’ব ৷
লগতে চাওকঃ সন্মুখত স্বাধীনতা দিৱসঃকটকটীয়া কৰি তোলা হৈছে ৰাজধানী দিল্লীৰ নিৰাপত্তা ব্যৱস্থা