ETV Bharat / bharat

পাঞ্জাৱত আৰম্ভ ঘেঁহু চপোৱা কাৰ্য !

author img

By

Published : Apr 16, 2020, 3:42 PM IST

কৰ'ণা ভাইৰাছৰ সংকটৰ মাজতেই পাঞ্জাৱত আৰম্ভ হৈছে ঘেঁহু চপোৱা সময় । চৰকাৰী সংস্থাৰ দ্বাৰা এদিনিত উৎপাদিত হৈছে ৩১১৯ মেট্ৰিক টন ঘেঁহু ।

পাঞ্জাৱত আৰম্ভ ঘেঁহু চপোৱা কাম !
পাঞ্জাৱত আৰম্ভ ঘেঁহু চপোৱা কাম !

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃ পাঞ্জাৱত আৰম্ভ হ'ল ঘেঁহু চপোৱা সময়ৰ । লক ডাউন তথা COVID-১৯ৰ সংকটৰ সময়তে বিশেষ সাৱধানতা অৱলম্বন কৰি পাঞ্জাৱত আৰম্ভ কৰা হৈছে ঘেঁহু চপোৱা কাৰ্য । কৃষকৰ সুৰক্ষা,সামাজিক দুৰত্ব বজাই ৰাখি এই কাৰ্য অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে ।

এদিনীত চৰকাৰী সংস্থা সমূহে পাঞ্জাৱত ৩১১৯ মেট্ৰিক টন ঘেঁহু উৎপাদন কৰিবলৈ সক্ষম হৈছে । ১৮৬৭ টা সংগ্ৰহকাৰী চেন্টাৰ আৰু ১৮২৪ টা মণ্ডী ইয়াৰ্ডছৰ পৰা সংগ্ৰহ কৰা হৈছে ঘেঁহু সমূহ ।

পাঞ্জাৱত আৰম্ভ ঘেঁহু চপোৱা কাম !পাঞ্জাৱত আৰম্ভ ঘেঁহু চপোৱা কাম !

পাঞ্জাৱ গ্ৰেইনছ প্ৰকিয়ৰমেন্ট কৰ্পোৰেশ্যন লিমিটেডে (PUNGRAIN) ৮৬০ মেট্ৰিক টন,পাঞ্জাৱ ষ্টেট ক-অপাৰেটিভ চাপ্লাই এণ্ড মাৰ্কেটিন ফেডাৰেশ্যন লিমিটেডে (MARKFED) ৭৬৩ টন, পাঞ্জাৱ ষ্টেট চিভিল চাপ্লিছ কৰ্পোৰেশ্যন লিমিটেডে (PUNSUP) ৩০১ টন আৰু পাঞ্জাৱ ষ্টেট ৱেৰহাউছিং কৰ্পোৰেশ্যনে ৫০১ মেট্ৰিক টন ঘেঁহু উৎপাদন কৰিবলৈ সক্ষম হৈছে ।

আনহাতে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা FCI য়ে ৫৬ মেট্ৰিক টন ঘেঁহু উৎপাদন কৰিছে । ইয়াৰ ওপৰি PUNGRAIN য়ে পাঞ্জাৱত ৫৭৪ মেট্ৰিক টন ঘেঁহু ৰাজহুৱা বিতৰণৰ বাবে সংগ্ৰহ কৰা হৈছে ।

এই সকলোবোৰৰ ক্ৰয়ৰ ৪৮ ঘণ্টাৰ ভিতৰতে পেমেণ্ট সমূহ কৰা হ'ব বুলি জানিব পৰা গৈছে । পাঞ্জাৱ চৰকাৰে শস্যৰ বজাৰত ভিৰ কমোৱাৰ বাবে কুপনৰ ব্যৱস্থা আৰম্ভ কৰিছে । লগতে সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক,চেনিটাইজাৰ,চাবোন উপলব্ধ কৰিছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.