ETV Bharat / bharat

দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?

এই লেখাত মাতৃদুগ্ধপানে শিশুৰ স্বাস্থ্য আৰু বিকাশত কিদৰে সহায় কৰে আৰু মাতৃয়ে দুগ্ধপান কৰোৱা সময়চোৱাত কিদৰে নিজৰ যত্ন ল’ব লাগে সেই সম্পৰ্কে এটি আলোচনা আগবঢ়োৱা হৈছে ৷

author img

By

Published : Aug 8, 2020, 2:53 PM IST

দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে

ভাৰত এখন বহু-সাংস্কৃতিক দেশ । জীৱন ধাৰণৰ পৰা খাদ্যলৈকে দেশজুৰি বিভিন্নতা আছে । গতিকে এগৰাকী প্ৰসূতিয়ে কি কি খাব লাগে সেই বিষয়ে পৰামৰ্শ দিয়াৰ সময়ত আমাৰ মা-আইতাহঁতে দিয়া কথাবোৰৰ বিষয়ে মনলৈ আহে । পৰিপুষ্টি বিশেষজ্ঞ দিব্যা গুপ্তাই দুগ্ধদাত্ৰী মাতৃয়ে খাবলগীয়া খাদ্যৰ বিষয়ে কি কয় জানো আহক ।

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া পৰামৰ্শ অনুসৰি সন্তানটি জন্ম গ্ৰহণ কৰাৰ প্ৰথম ছমাহ সম্পূৰ্ণৰূপে মাতৃদুগ্ধ পান কৰাব লাগে । দুবছৰ বয়স বা তাৰ পাছলৈকে সঠিকভাৱে আন খাদ্য খুওৱাৰ লগতে শিশুটিক মাতৃদুগ্ধ নিয়মীয়াকৈ পান কৰাব লাগে ।

  • মাতৃদুগ্ধই শিশুটিৰ বিকাশ আৰু শ্ৰীবৃদ্ধি কৰে ।
  • সংক্ৰমণ আৰু বেমাৰৰ বিৰুদ্ধে শিশুটিক যুঁজিবলৈ ই সহায় কৰে ।
  • যিসকল লোকে শিশু অৱস্থাত দুগ্ধপান কৰিছিল তেওঁলোকে প্ৰাপ্তবয়স্ক হ’লে উচ্চ কলেষ্টেৰল আৰু এজমাৰ আশংকা কম থাকে ।
  • প্ৰটিন, লেকট’ছ আৰু চৰ্বিৰ সঠিক সংমিশ্ৰণৰ বাবে মাতৃদুগ্ধ সহজে শৰীৰৰ লগত মিলি যায় ।
  • যিহেতু মাতৃদুগ্ধ সহজে হজম হয় সেয়ে এই দুগ্ধ পান কৰা শিশু এটিয়ে সহজে কোষ্ঠকাঠিন্যৰ সমস্যাত নোভোগে ।
  • এছ আই ডি এছ বা হঠাতে নৱজাতকৰ মৃত্যু হোৱা লক্ষণ দুগ্ধ পান কৰা শিশুৰ ক্ষেত্ৰত কমকৈ দেখা পোৱা যায় ।
  • মাতৃদুগ্ধত প্ৰটিন, চৰ্বি, ভিটামিন, মিনাৰেল,এনজাইম, শৰ্কৰাৰ সঠিক পৰিমাণে সংমিশ্ৰণ থাকে। এইবোৰ শিশু এটিৰ বিভিন্ন স্তৰত বিকাশৰ বাবে প্ৰয়োজন হয় ।
  • দুগ্ধপান কৰাৰ ফলত শিশুটিৰ মুখ আৰু দাঁতৰ বিকাশ ঘটে । তদুপৰি শিশু আৰু মাতৃৰ মাজৰ সম্পৰ্ক অধিক গাঢ় হয় ।
  • মাকৰ গাখীৰ পান কৰা শিশুসকলৰ কৈশোৰ অৱস্থাত মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা কম থাকে ।
  • গৰ্ভাৱস্থাৰ পাছত জৰায়ুৰ পুনৰ অৱস্থা প্ৰাপ্তিত ই সহায় কৰে ।
  • মাতৃৰ স্তন কৰ্কট, জৰায়ুৰ কৰ্কট, টাইপ ২ মধুমেহ আৰু হৃদৰোগৰ আশংকা হ্ৰাস কৰে ।
    দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?
    দুগ্ধপান কৰোৱাৰ সময়ত মাতৃয়ে কি কি খাব লাগে?

পুষ্টিৰ প্ৰয়োজনীয়তাসমূহঃ

গৰ্ভাৱস্থাত আৰু প্ৰসৱ কৰাৰ পাছত মাতৃগৰাকীৰ খাদ্যাভাস বা লাভ কৰা পুষ্টিৰ ওপৰত মাতৃদুগ্ধৰ পৰিমাণ আৰু গুণ বহু পৰিমাণে নিৰ্ভৰ কৰে ।

  • দুগ্ধদাত্ৰী মাতৃৰ বাবে প্ৰতি দিনে ৫০০-৬০০ কে চি এ এল পুষ্টিৰ প্ৰয়োজন হয় । অৱশ্যে এই পৰিমাণ মেদবহুল আৰু কম ওজনৰ মহিলাৰ বাবে ভিন্ন ভিন্ন হ’ব পাৰে ।
  • আৰ ডি এৰ মতে ১৮-২০ গ্ৰামৰ পৰা প্ৰসৱৰ প্ৰথম ছমাহত মাতৃগৰাকীক প্ৰতিদিনে ৭৪ গ্ৰাম প্ৰটিনৰ প্ৰয়োজন হয় । শস্য, ময়দা, মাহজাতীয় খাদ্য, সতেজ ফলমূল, শাক-পাচলি, কণী, ছয়াবিন জাতীয় খাদ্য, কুকুৰাৰ মাংস আৰু দুগ্ধজাত সামগ্ৰীত যথেষ্ট পৰিমাণে প্ৰটিন থাকে ।
  • অধিক পৰিমাণে শৰ্কৰা আৰু চৰ্বি থকা খাদ্য যেনে চিপছ্, কেক, শীতল পানীয়ৰ পৰা দূৰত থাকক । সেইবোৰত নিচেই সামান্য পুষ্টি থাকে । তাৰ সলনি নাৰিকলৰ পানী, ফল বা পাচলিৰ ৰস, বাটাৰ মিল্ক, লাচী আদি খাওক ।
  • মাতৃগৰাকীয়ে দৈনিক ১০-১৫ গিলাচ জুলীয়া পদাৰ্থ পান কৰিব লাগে । কিয়নো ইয়াৰ ওপৰতে গাখীৰ উৎপন্ন হোৱা পৰিমাণ নিৰ্ভৰ কৰে ।
  • স্বাস্থ্যকৰ চৰ্বিযুক্ত খাদ্য যেনে, বাদাম, বিভিন্ন গুটি, মাখন আদি খাব পাৰে ।
  • মদ্যপান আৰু ধূম্ৰপানৰ পৰা দূৰত থাকক । ইয়াৰ ফলত শিশুটিৰ ক্ষতি হ’ব পাৰে ।
  • ডায়েটিং কৰাৰ পৰা বিৰত থাকক । কাৰণ ইয়াৰ ফলত গাখীৰৰ মান আৰু পৰিমাণ হ্ৰাস পাব পাৰে । খোজ কঢ়াৰ দৰে লঘু শাৰীৰিক অনুশীলন কৰিব পাৰে ।
  • আইৰন আৰু কেলচিয়াম যথেষ্ট পৰিমাণে থকা খাদ্য খাওক । দাইল, মাকৈজাতীয় খাদ্য, সেউজীয়া শাক-পাচলি, খিচমিচ আদিত আইৰন আৰু কেলচিয়াম থাকে । আইৰন ভালদৰে মিলি যোৱাৰ বাবে ইয়াৰ লগত চি ভিটামিন থকা খাদ্য খাওক । গাখীৰজাতীয় খাদ্য আৰু সেউজীয়া পাচলি কেলিচিয়ামৰ ভাল উৎস ।

আইৰন আৰু কেলচিয়ামৰ চাপ্লিমেণ্টৰ বাবে আপোনাৰ চিকিৎসকৰ সৈতে আলোচনা কৰক । জিংক আৰু ছেলেনিয়ামৰ ছাপ্লিমেণ্টৰ বাবেও চিকিৎসকৰ পৰামৰ্শ লওক ।

  • নিৰামিসহাৰী মাতৃৰ বাবে ভিটামিন বি১২ ছাপ্লিমেণ্ট । যদি ভিটামিন ডি থকা খাদ্য যেনে গৰুৰ গাখীৰ আদি যদি আপুনি যথেষ্ট পৰিমাণে নাখায় তেতিয়া আপোনাক ভিটামিন ডিৰ ছাপ্লিমেণ্টৰ প্ৰয়োজন হ’ব । ইয়াৰ বাবে আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক ।
  • গেলেক্টাগগিউছ অন্তৰ্ভুক্ত কৰক । গাখীৰৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা খাদ্য, শাক-পাচলি বা ঔষধ আদিক গেলেক্টাগগিউছ বুলি কোৱা হয় । ইয়াৰ কিছুমান উদাহৰণ হ’ল-
  • বাৰ্লি
  • গুল্মজাতীয় শাক
  • মেথী
  • বাদাম
  • গাখীৰ আৰু আন দুগ্ধজাত খাদ্য
  • ধনিয়া
  • অটছ
  • হালিম শাক আদি

লগতে পঢ়কঃ হস্ততাঁত শিল্পৰে জীৱন যুঁজত জয়ী হোৱা ৰেণু দাসৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.