ETV Bharat / bharat

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ কিহে উচতালে ? - শ্বিলং চুক্তি

এনএছচিএনৰ ইছাক মুইভা গোটটো হৈছে নাগালেণ্ডৰ সৰ্ববৃহৎ সক্ৰিয় বিদ্ৰোহী সংগঠন যিয়ে উত্তৰ-পূৱৰ নগা অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ আছে,ইয়াৰ প্ৰত্যুত্তৰত কয় যে,এয়া ন্যায়সংগত কৰ ৷ অন্যান্য গোটবোৰে কেৱল মাত্ৰ অৰিহণাহে বিচাৰিছে বুলি প্ৰতিক্ৰিয়া কৰে ৷ ৰাজ্যপালে তেওঁৰ পত্ৰখনত আধা ডজন সশস্ত্ৰ গোটে পাহাৰীয়া ৰাজ্যখনত কৰ জাপি দিয়াৰ কথা উল্লেখ কৰে ৷ ইয়াৰ অধিকাংশই হৈছে 1975 চনত স্বাক্ষৰিত শ্বিলং চুক্তিৰ বিৰোধিতাৰে 1980 চনত গঠন কৰা এনএছচিএনৰ ভাগ ৷

নাগালেণ্ডৰ ৰাজ্যপাল আৰ এন ৰবিক মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিবলৈ কিহে উচতালে ?

author img

By

Published : Jul 1, 2020, 8:52 AM IST

Updated : Jul 1, 2020, 9:01 AM IST

নাগালেণ্ডৰ ৰাজ্যপাল আৰএন ৰবিয়ে মুখ্যমন্ত্ৰী নেফিউ ৰিঅলৈ লিখা পত্ৰখনত সীমান্তৱৰ্তী ৰাজ্যখনত শেহতীয়া পৰিস্থিতিক লৈ স্পষ্টভাৱে তেওঁৰ ওপৰত দায়িত্বৰত কিছুমান ক্ষমতা বলৱৎ কৰিবলৈ বিচৰাটোকে দেখুৱাইছে ৷

ৰাজ্যপালগৰাকীয়ে জ্যেষ্ঠ বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ ক্ষমতা বিচাৰিছে আৰু ৰাজ্যখনত কিছুমান সশস্ত্ৰ গোটৰ দ্বাৰা বৃহৎ হাৰত সংঘটিত ধনবাদী আৰু অনৈতিক কাৰ্যকলাপে নাগালেণ্ডৰ আইন-শৃংখলাজনিত পৰিস্থিতি দুৰ্বল কৰি তুলিছে বুলি উল্লেখ কৰে ৷ এই পত্ৰখনক লৈ সমাজৰ বিভিন্ন স্তৰৰ পৰা বিভিন্ন দললৈকে প্ৰতিক্ৰিয়া হৈছে ৷

What Provoked Nagaland Governor R N Ravi To Write Letter to Chief Minister ?
এন এছ চি এন (আই এম)ৰ দুই নেতা ক্ৰমে ইশ্বাক চি চি শ্বু আৰু প্ৰয়াত থুইংগালেং মুইভা

এনএছচিএনৰ ইছাক মুইভা গোটটো হৈছে নাগালেণ্ডৰ সৰ্ববৃহৎ সক্ৰিয় বিদ্ৰোহী সংগঠন যিয়ে উত্তৰ-পূৱৰ নগা অধ্যুষিত অঞ্চলত সক্ৰিয় হৈ আছে,ইয়াৰ প্ৰত্যুত্তৰত কয় যে,এয়া ন্যায়সংগত কৰ ৷ অন্যান্য গোটবোৰে কেৱল মাত্ৰ অৰিহণাহে বিচাৰিছে বুলি প্ৰতিক্ৰিয়া কৰে ৷ ৰাজ্যপালে তেওঁৰ পত্ৰখনত আধা ডজন সশস্ত্ৰ গোটে পাহাৰীয়া ৰাজ্যখনত কৰ জাপি দিয়াৰ কথা উল্লেখ কৰে ৷ ইয়াৰ অধিকাংশই হৈছে 1975 চনত স্বাক্ষৰিত শ্বিলং চুক্তিৰ বিৰোধিতাৰে 1980 চনত গঠন কৰা এনএছচিএনৰ ভাগ ৷

বিগত কিছু দশকৰ পৰা নাগালেণ্ড আৰু ম্যানমাৰৰ নগা অধ্যুষিত অঞ্চলত নগা বিদ্ৰোহী সংগঠনবোৰে এক সমান্তৰাল চৰকাৰ চলাই আহিছে ৷ বাণিজ্যিক প্ৰতিষ্ঠানবোৰক এওঁলোকে কৰ জাপি দিয়ে আৰু বিদ্ৰোহী সংগঠনটোৰ গোটবোৰে নাইবা মধ্যস্থ ব্যক্তিয়ে কৰসমূহ সংগ্ৰহ কৰি আহিছে ৷

নগালেণ্ডৰ ৰাজভৱনৰ এটা দৃশ্য

এনে এক সময়ত কিহৰ বাবে মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে গৱৰ্নৰ আৰএন ৰবিয়ে ?

কোভিড-19ৰ প্ৰভাৱ নেকি ?

ঘাইপথত চলাচল কৰা ট্ৰাকসমূহৰ পৰা এইসমূহ বিদ্ৰোহী সংগঠনে বিগত তিনি মাহত কৰ সংগ্ৰহ কৰা কাৰ্যটো অধিক বৃদ্ধি পোৱা বুলি নাগালেণ্ডৰ অধিকাংশ বাসিন্দাই অনুভৱ কৰিছে ৷ বিগত কিছু সপ্তাহত এই কাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত বহুকেইগৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছে ৷ বিগত বৰ্ষত চৰকাৰৰ সৈতে হ'বলগীয়া এক চুক্তিৰ অনুমানতে এইসমূহ গোটত অধিকসংখ্যক নিযুক্তি দিয়া হৈছিল আৰু ইয়াৰ ফলত তেওঁলোকৰ খৰচ যথেষ্ট বৃদ্ধি পাইছিল ৷ কেডাৰসকলে ভাবিছিল যে,তেওঁলোকক আৰক্ষী বাহিনীৰ নতুনকৈ গঠিত বেটেলিয়ন অথবা আৰ্মীৰ নগা ৰেজিমেন্টত চাকৰি দিয়া হ'ব ৷

চৰকাৰৰ পৰা অধিক সুবিধা লাভৰ বাবে বিদ্ৰোহী সংগঠনসমূহে তেওঁলোকৰ ৰেংকসমূহ বৃদ্ধি কৰিবলৈ লৈছিল ৷ এই প্ৰক্ৰিয়াটো অঞ্চলটোৰ এটা বিদ্ৰোহী সংগঠনৰ সৈতে হোৱা এক চুক্তিৰ পিচত লক্ষ্য কৰা হৈছিল ৷ 1992 চনত অসম চৰকাৰেও এখন ভুৱা সূচী জাৰী কৰিছিল য'ত আত্মসমৰ্পণকাৰী আলফা আৰু সংগঠনটোৰ সৈতে জড়িত নথকা লোকৰ নাম সংযোগ কৰা হৈছিল ৷

ইষ্টাৰ্ণ নাগালেণ্ডৰ গোপন শিবিৰত নগা বিদ্ৰোহীৰ একাংশ সদস্য

বিগত বৰ্ষৰ 25 নৱেম্বৰত আৰ্মী আৰু আছাম ৰাইফলছৰ এটা যুটীয়া দলে নাগালেণ্ডৰ মন জিলাত চলি থকা এনএছচিএন (আইএম)ৰ এক নিযুক্তি প্ৰক্ৰিয়া উৎখাত কৰিছিল ৷ এইটো এনেকুৱা এটা উদাহৰণহে যিটো অন্যান্য গোটসমূহৰ মাজটো পূৰ্বতে পৰিলক্ষিত হৈছিল আৰু এয়া এক অপেন ছিক্ৰেট হৈ পৰিছে ৷

দ্বিতীয়তে, এইসমূহ সংগঠনৰ অধিকাংশ ধনেই ডিমাপুৰকে ধৰি অন্যান্য অঞ্চলত থকা বাণিজ্যিক প্ৰতিষ্ঠানত তেওঁলোকে আৰোপ কৰা অবৈধ কৰৰ পৰা সংগ্ৰহ কৰে ৷ ডিমাপুৰত থকা হংকং মাৰ্কেট যিয়ে চীনৰ পৰা চোৰাংকৈ অহা অধিকাংশ সামগ্ৰী বিক্ৰী কৰে,মাৰ্চৰ পৰাই ই বন্ধ হৈ আছে ৷ সমগ্ৰ দেশতে এনেকুৱা হৈ আছে আৰু ইয়ে নাগালেণ্ডটো প্ৰভাৱ পেলাইছে আৰু যাৰ ফলত এইসমূহ সংগঠনৰ ধন সংগ্ৰহৰ পৰিমাণ কমি গৈছে ৷ যাৰ ফলত এইসমূহ গোটৰ বাবে নাগালেণ্ডৰ পথেৰে মণিপুৰ তথা অন্যান্য প্ৰান্তলৈ সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগহ কৰাটো এক উপায় হৈ দেখা দিছে ৷ আচৰিত হ'বলগীয়া নাই যে, নাগালেণ্ডত বিগত চাৰিমাহত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে ৷

ইয়াক ৰোধৰ বাবে কি উপায় আছে ?

নাগালেণ্ডৰ শতকযোৰা এই সমস্যাৰ সমাধান সামৰিক কেতিয়াও হ'ব নোৱাৰে ৷ বিজেপি চৰকাৰে বুজাটো উচিত যে,জম্মু-কাশ্মীৰত প্ৰয়োগ কৰা ৰণকৌশলে উত্তৰ-পূৰ্বাঞ্চলত কাম নকৰিব ৷

এন এছ চি এন(খাপলাং)ৰ প্ৰয়াত নেতা এছ এছ খাপলাং ওৰফে বাবা খাপলাং

বিগত বৰ্ষত এনএছচিএন (খাপলাং) গোটৰ দৰেই 1997 চনত এনএছচিএন (আইএম)ৰ সৈতে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হৈছিল আৰু ইয়াৰ দ্বাৰাই শান্তি প্ৰক্ৰিয়া আৰম্ভ হৈছিল ৷ পিচত, বাকীবোৰ গোটেও এই চুক্তিলৈ আহে আৰু শ্বিলং চুক্তিৰ দৰে সংঘটিত হোৱা ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ নিশ্চিতি বিচাৰিছিল ৷

একমাত্ৰ ফ্লেগ আৰু সংবিধানক বাদ দি এই আটাইবোৰ বিষয় চৰকাৰ আৰু বিদ্ৰোহী সংগঠন (যাক নাগা নেশ্বনেল পলিটিকেল গ্ৰুপ বুলিও জনা যায়)ৰ মাজত সমাধান হৈছে ৷ এনএছচিএন (আইএম)ৰ দ্বাৰা পৰিচালিত কিছুসংখ্যক গোটে অৱশ্যে এতিয়াও এই বিষয়ত অটল হৈ আছে যাক চৰকাৰে মুঠেও মানি ল'ব বিচৰা নাই ৷ যদিও নাগালেণ্ডৰ বহুসংখ্যক জ্যেষ্ঠ নাগৰিক আৰু নাগৰিক সমাজে এই বিষয়ে আপত্তি দৰ্শাইছে তথাপি বিদ্ৰোহী সংগঠনটোক এই বিষয়ত বহুতেই সমৰ্থনো জনাইছে ৷

নগা বিদ্ৰোহী সংগঠনৰ একাংশ সদস্য

নাগা মাতৃ সংগঠনৰ উপদেষ্টা ৰছমেৰী জুভিছুয়ে কয় যে, "যদিহে চুক্তি সম্পন্ন নহয় অথবা সমাধান নহয় তেতিয়াহ'লে এনেকুৱা ঘটনাবোৰ ঘটিয়েই থাকিব ৷ কেন্দ্ৰীয় চৰকাৰে দীঘলীয়া শান্তি প্ৰক্ৰিয়া সমাধান কৰাৰ ক্ষেত্ৰত সাৱধানতাৰে এক মীমাংসা কৰি নাগা ৰাজনৈতিক বিষয়টো সমাধান কৰিব লাগে ৷"

কেন্দ্ৰীয় চৰকাৰৰ এক্ট ইষ্ট পলিচীৰ দৰে নীতিৰ দ্বাৰা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নতি কৰিবলৈ বিচৰা কথাটোৰ যুক্তি আছে আৰু এইক্ষেত্ৰত নাগালেণ্ডৰ শান্তি প্ৰক্ৰিয়াৰ যথেষ্ট ভূমিকা আছে ৷ নাগালেণ্ডৰ গুৰুত্ব আছে এইকাৰণেই যে,ম্যানমাৰৰ সৈতে যোগাযোগ মণিপুৰ আৰু মিজোৰামৰ লগতে ইয়াৰ লগতে সংযোগ হৈ আছে ৷

লেখক- ৰাজীৱ ভট্টাচাৰ্য (জ্যেষ্ঠ সাংবাদিক)

লগতে চাওকঃ কাৰ্টাৰপুৰ কৰিড'ৰঃ মুকলিৰ বাবে সাজু নহয় ভাৰত

Last Updated : Jul 1, 2020, 9:01 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.