নেশ্যনেল ডেস্ক, ২৯ মে': কলকাতা আৰক্ষীৰ বিশেষ বাহিনীয়ে শুকুৰবাৰে মুৰ্শ্বিদাবাদৰ সুতি থানা এলেকাৰ পৰা জামাত-উল-মুজাহিদীন বাংলাদেশৰ এজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী আব্দুল কৰিমক গ্ৰেপ্তাৰ কৰে ।
গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনক শুকুৰবাৰে আদালতত হাজিৰ কৰোৱা হ'ব । জানিব পৰা মতে, এই সন্ত্ৰাসবাদীজন দেশত সংঘটিত কেইবাটাও সন্ত্ৰাস সম্বন্ধিত ঘটনাৰ লগত জড়িত হৈ আছে । ইয়াৰ ভিতৰত বিহাৰৰ গয়া আৰু পশ্চিম বংগৰ বৰ্ধমানত সংঘটিত বিস্ফোৰক ঘটনাও অন্যতম ।