নিউজ ডেস্ক, 7 জুনঃ কৰ'ণাক প্ৰতিহত কৰাৰ উদ্দেশ্য কলিকতাত তৈয়াৰ কৰা হৈছে ৰোগ-প্ৰতিৰোধী সন্দেশ ৷ ইতিমধ্যে চাহিদা বৃদ্ধি পাইছে এই বিশেষ সন্দেশৰ ৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কৰ'ণাৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ মূলমন্ত্ৰ হৈছে মাস্ক, সামাজিক দূৰত্ব আৰু প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা৷ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা সকলো খাদ্যকে সংস্থাটোৱে উৎসাহিত কৰি আহিছে ৷ চিকিৎসকৰ পৰামৰ্শ অনুসৰি, তুলসি, হালধি, ইলাচি, ডালচেনি, আদা, নহৰু ইত্যাদি এই সময়ত ব্যৱহাৰ কৰা উচিত ৷ উল্লেখিত প্ৰতিটো সামগ্ৰীয়ে মানুহৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে ৷ দেশৰ আয়ুস মন্ত্ৰণালয়েও এই বিষয়ত ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে ৷ ইয়াৰোপৰি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত বিশেষ হোমিওপেথিক ঔষধৰ লগতে কেবাটাও প্ৰসিদ্ধ আয়ুৰ্বেদিক ঔষধ কোম্পানীয়ে বনোৱা প্ৰতিৰক্ষা কেপ্সুল উপলদ্ধ ৷ এই সকলো কথাৰ প্ৰতি লক্ষ্য ৰাখি মিঠা প্ৰিয় বাঙালীসকলক ৰাধাৰাম মল্লিক আৰু বলৰাম মল্লিকে সন্দেশ উপহাৰ হিচাপে দিয়ে ৷
কোম্পানীটোৰ বিশেষ সূত্ৰই প্ৰদান কৰা তথ্য অনুসৰি, এই সন্দেশবিধ 15 বিধ বনৌষধিৰে বনোৱা হৈছে ৷ তুলসি, হালধি, ইলাচি, যষ্টিমধু, জায়ফল, আদা, কালজীৰা, পিপুল, তেজপাত ইত্যাদিৰে বনোৱা এই সন্দেশবিধত চেনিৰ সলনি হিমালয়ৰ এবিধ মৌজোলৰ ব্যৱহাৰ কৰা হৈছে ৷ এই সংস্থাটোৰ স্বত্বাধিকাৰ সুদীপ মল্লিকে কয় যে এই সময়ত সকলোৱে নিজৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা উচিত ৷ কলিকতাবাসীৰ অত্যন্ত প্ৰিয় মিঠাইৰ জৰিয়তে যদি ৰোগ-প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰি তেন্তে ইয়াত ক্ষতি কি বুলি মন্তব্য কৰে সুদীপ মল্লিকে ৷ ইয়াৰোপৰি এই মিঠাই বিধৰ চাহিদা বৃদ্ধি পোৱা বুলিও জানিব দিয়ে সুদীপ মল্লিকে ৷
লগতে পঢ়কঃ দুদিনত ৪ টা কৃত্ৰিম উপগ্ৰহ মুকলি চীনৰ