যাদৱপুৰ, 16 আগষ্টঃ সাংসদ ৰূপা গাংগুলীৰ পুত্ৰ আকাশ মুখাৰ্জীৰ বিৰূদ্ধে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ৷ বৃহস্পতিবাৰে নিশা 9 মান বজাত নিজৰ চাৰি চকীয়া বাহন খনেৰে দ্ৰুত গতিত আহি ঘৰৰ কাষৰ গ'ল্ফ ক্লাৱৰ দেৱালত সজোৰে খুন্দা মাৰে ফলত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় আকাশ৷
পশ্চিমবঙ্গৰ বিজেপি সাংসদ ৰূপা গাংগুলীৰ পুত্ৰ আকাশ মুখাৰ্জী যোৱা নিশা এক দূৰ্ঘটনাত পতিত হয়৷ যাদৱপুৰ থানা এলেকাৰ গ'ল্ফ গাৰ্ডেনৰ বাসিন্দা আকাশ মুখাৰ্জীৰ বয়স 22 বছৰ৷ উল্লেখযোগ্য যে বৃহস্পতিবাৰে নিশা 9 মান বজাত নিজৰ চাৰি চকীয়া বাহন খনেৰে দ্ৰুত গতিত আহি ঘৰৰ কাষৰ গ'ল্ফ ক্লাৱৰ দেৱালত সজোৰে খুন্দা মাৰে ফলত কিছু পৰিমানে আঘাতপ্ৰাপ্ত হয় আকাশ৷ গাড়ীখন আকাশে নিজে চলাই আহিছিল৷ অকাশৰ বিৰূদ্ধে সুৰাপান কৰি গাড়ী চলোৱাৰ অভিযোগ উত্থাপন কৰে ক্ষুব্ধ স্থানীয় ৰাইজে৷ ৰাইজৰ অভিযোগ প্ৰতিদিনে এনেকৈয়ে সুৰাপান কৰি গাড়ী চলায় আকাশে৷ অঞ্চলটোৰ 94 নং ৱাৰ্ডৰ কাউঞ্চিলাৰ অৰ্চনা দেৱীয়ে কয় যে, আজি যিকোনো ডাঙৰ ঘটনা সংঘটিত হৈ গ'ল হেতেন, আনকি চালকৰ প্ৰাণহানি হোৱাৰো সম্ভাৱনা আছিল৷ বিজেপি সাংসদৰ পুত্ৰ বুলিয়ে কোনো কাৰণতে তোওঁক ৰেহাই দিয়া ন'হব৷ পুলিচক জনোৱা হৈছে আৰু তেওঁলোকে নিজৰ কাম কৰি আছে৷ ইতিমধ্যে গাড়ীখনৰ সৈতে আকাশক আটক কৰি থানালৈ লৈ যোৱা হৈছে লগতে আৰ বাঙুৰ চিকিৎসালয়ত আকাশৰ মেডিকেল চেক্আপো কৰোৱা হৈছে৷