ETV Bharat / bharat

ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ - ভিডিঅ' ভাইৰেল

ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ ৷ কান্দোনত ভাঙি পৰিল মহিলা গৰাকী ৷ ভিডিঅ' ভাইৰেল ৷

ভিডিঅ' ভাইৰেল
ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ
author img

By

Published : May 30, 2020, 3:34 PM IST

নেশ্যনেল ডেস্ক, 30 মে': অষ্ট্ৰেলিয়াৰ এগৰাকী মহিলাই কৰ্ণাটকত সহায়ৰ বাবে ভিক্ষা কৰি কান্দোনত ভাঙি পৰা এক ভিডিঅ' চ'ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ ধাৰৱাড় জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত কান্দোনত ভাঙি পৰে অষ্ট্ৰেলিয়াৰ মহিলাগৰাকী ৷

ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ

সেই সময়ত কাৰ্যালয়ৰ বাহিৰত উপস্থিত কোনো লোকে মহিলা গৰাকীৰ ভিডিঅ' সংগ্ৰহ কৰি ৰাখে ৷ নাইছা নামৰ মহিলা গৰাকীয়ে উপায়ুক্ত কাৰ্যালয়ৰ বাহিৰত থকা আৰক্ষী বিষয়াক সহায়ৰ বাবে কাতৰ অনুৰোধ জনোৱা পৰিলক্ষিত হয় ৷ মহিলা গৰাকীয়ে জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ ফলত ঘোষণা কৰা লকডাউনৰ ফলত ভাৰততে আৱদ্ধ হৈ পৰা মহিলা গৰাকীৰ ভিছাৰ ম্যাদ কিছুদিন পূৰ্বে উকলি যায় ৷

উপায়ুক্তৰ কাৰ্যালয় ভ্ৰমণ কৰা ধাৰৱাড়ৰ আৰক্ষী অধীক্ষক ভাৰ্টিকা কাটিয়াৰক অনুৰোধ জনাই আৰু আৰক্ষী বিষয়া গৰাকীয়ে সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ কাটিয়াৰে কয় যে, তেওঁ অষ্ট্ৰেলিয়ান মহিলা গৰাকীক দিল্লীলৈকে যোৱাৰ লগতে অষ্ট্ৰেলিয়াৰ দূতাবাসৰ সৈতে যোগাযোগ কৰাত সহায় কৰিব ৷

ভিডিঅ' ভাইৰেল
ভাৰতত আৱদ্ধ অষ্ট্ৰেলিয়াৰ মহিলাৰ কাতৰ অনুৰোধ

উল্লেখ্য যে, এই মহিলা গৰাকীয়ে হুবলীত ভাৰতীয় সংস্কৃতি, যোগাভ্যাস আৰু আধ্যাত্মিকতা সম্পৰ্কত অধ্যয়নৰ বাবে আহিছিল আৰু লকডাউন ঘোষণা কৰাৰ ফলত ভাৰততে আৱদ্ধ হৈ পৰিছিল ৷

এমাহতকৈ অধিক সময় অপেক্ষা কৰাৰ পাচত নাইছাই দিল্লীত উপস্থিত হ'বৰ বাবে উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ সহায়ৰ অনুৰোধ জনায় ৷ বহুবাৰৰ অনুৰোধৰ অন্ততো নাইছাই কোনো সহায় লাভ কৰা নাছিল ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.