নিউজ ডেস্ক, 9 মে': বৃহস্পতিবাৰে বিশাখাপট্টনমত সংঘটিত হোৱা এল জি পলিমাৰ গেছ নিৰ্গমণ ফলত ইতিমধ্য়ে মৃত্যু হৈছে কেবাজনো লোকৰ, লগতে চিকিৎসালয়ত ভৰ্তি হৈ আছে সহস্ৰাধিক লোক ।
বহুতে ইতিমধ্যে বিষাক্ত ষ্টেৰলিন গেছ নিৰ্গমণৰ বাবে জগৰীয়া কৰিছে এল জি পলিমাৰ উদ্যোগ কতৃপক্ষক । উদ্যোগটোৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে গাঁওবাসী । শনিবাৰে দেখা গ'ল ক্ষোভৰ বহিঃ প্ৰকাশ ।
শনিবাৰে বহু কেইখন গাঁৱৰ বৃহৎ পৰিমানৰ লোকে উদ্যোগ টোৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । ভিন্ন শ্লগানেৰে আকাশ-বতাহ কঁপাই তোলে প্ৰতিবাদী ৰাইজে । আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীক আটক কৰি শান্ত কৰে পৰিস্থিতি।