ETV Bharat / bharat

বহু ইতিহাস বুকুত বান্ধি 87 বছৰ অতিক্ৰম কৰিলে বিশাখাপট্টনম বন্দৰে

author img

By

Published : Oct 7, 2020, 10:33 PM IST

বুধবাৰে ৮৭ বছৰ সম্পূৰ্ণ কৰিলে বিশাখাপট্টনম বন্দৰে । ভৌগলিক মহত্ব আৰু সামুদ্ৰিক গুৰুত্ব থকা বন্দৰখনে দেশৰ অৰ্থনীতি আৰু বাণিজ্যিক ক্ষেত্ৰখনক প্ৰভাৱিত কৰি আহিছে ।

Vishakapatanam port completes 87 years today
বহু ইতিহাস বুকুত বান্ধি 87 বছৰ অতিক্ৰম কৰিলে বিশাখাপট্টনম বন্দৰে

নিউজ ডেস্ক, 7 অক্টোবৰ : পাহাৰ আৰু উপকূলে বিশাখাপট্টনমৰ সৌন্দৰ্য অক্ষুণ্ণ ৰখাত অৱদান আগবঢ়াই আহিছে ৷ বিশাখাপট্টনমৰ ভূগোল মতে,প্ৰাকৃতিক বন্দৰ আৰু ভিমুনিপট্টনমৰ পৰা সৃষ্টি হৈছে চহৰখনৰ ৷ প্ৰাচীন কালৰে পৰা পোৰ্ট চহৰ হিচাপে বিখ্যাত আছিল এই চহৰখন ।

ঐতিহাসিকভাৱে, ডাচ্চে ভীমিলিত শৰণ লয়। পৰৱৰ্তী সময়ত ইংৰাজ সকলে বিশাখাপট্টনমত ইষ্ট ইণ্ডিয়া কোম্পানীৰ এটা শাখা স্থাপন কৰে। ভিমুনিপট্টনমৰ পৰা বিশাখাপট্টনম ক্ৰমান্বয়ে পৰিবহনৰ বাবে এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হৈ পৰিছিল। ডলফিন নাক আৰু ৰছ হিলছৰ মাজত বন্দৰ নিৰ্মাণৰ কাম দুখন জাহাজ,জানছ আৰু ৱেল্ডনৰ কংকালেৰে আৰম্ভ কৰা হৈছিল। ডব্লিউ চি এশ, ৰটনবেৰীয়ে এই বন্দৰৰ ডিজাইন কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়লৈ,মেগদিগড্ডা এটা বন্দৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। উক্ত বন্দৰৰ নিৰ্মাণত ৩৭৮ লাখ টকা ব্যয় কৰা হৈছিল।

১৯৩৩ চনৰ ৭ অক্টোবৰত এই বন্দৰটো উদ্বোধন কৰা হৈছিল। তাৰ পিছৰে পৰা এই বন্দৰে ৭ অক্টোবৰ তাৰিখে ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি আহিছে। ১৯৩৩ চনৰ ১৯ ডিচেম্বৰত এই পোৰ্টটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল, সেই সময়ৰ ভাইচৰয়, গভৰ্ণৰ জেনেৰেল বিলিংটনে। প্ৰথম বছৰত তিনিটা কাৰ্গোত বন্দৰটোৰ জৰিয়তে 1.2 লাখ টন সামগ্ৰী পৰিবহন কৰা হৈছিল। ইয়াৰ ভিতৰত 1.1 লাখ টন ৰপ্তানি কৰা হৈছিল আৰু বাকীবোৰ আমদানি কৰা হৈছিল।

২য় বিশ্বযুদ্ধৰ সময়ত প্ৰতিৰক্ষা কৌশলৰ ক্ষেত্ৰত এই বন্দৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। স্বাধীনতাৰ পিছত পাঁচ বছৰীয়া পৰিকল্পনাৰ পুঁজিৰ পৰা বন্দৰটোৰ বিকাশ দ্ৰুতগতিত বাঢ়িছিল। বাহিৰৰ বন্দৰত 200 হেক্টৰত ছয়খন বেৰ আছে। ভিতৰৰ হাৰবাৰত প্ৰতি শ হেক্টৰত 18 টা বেৰ আছে। মাছধৰাৰ ক্ষেত্ৰত বিশেষকৈ মাছমৰীয়াসকলৰ দ্বাৰা ব্যৱহাৰ কৰা হৈছিল হাৰবাৰ সমূহ।

প্ৰথম বছৰত এক লাখ টনৰো অধিক কাৰ্গো পৰিচালনা কৰা এই বন্দৰে যোৱা বিত্তীয় বৰ্ষত ইয়াৰ ক্ষমতা 72.72 নিযুত মেট্ৰিক টন বৃদ্ধি কৰিছে, যি এক নতুন ৰেকৰ্ড গঢ়িছে । তীব্ৰ প্ৰতিযোগিতা স্বত্বেও বন্দৰ প্ৰশাসনে নিৰন্তৰ নতুন লক্ষ্য প্ৰাপ্ত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

বিশাখাপট্টনম বন্দৰত বহুতো বিকাশৰ কাম বৰ্তমান চলি আছে। যদি 633 কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা কণ্টেইনাৰ টাৰ্মিনেলৰ সম্প্ৰসাৰণ সম্পূৰ্ণ হয় তেন্তে আৰু 5.4 লাখ টন মালৰাং বৃদ্ধি হ'ব।

এক আৰু দুই নম্বৰ বৰ্থত অতিৰিক্ত তেলৰ নিয়ন্ত্ৰণ কৰা হয়। এবাৰ সম্পূৰ্ণ হোৱাৰ পিছত, টাৰ্মিনেলখনে 80,000 টন তেল টেংকাৰ পৰিচালনা কৰিব পাৰিব। 77 কোটি টকা ব্যয়েৰে ক্ৰুজ টাৰ্মিনেলৰ বিকাশে ক্ৰু জাহাজ সমূহৰ অহা যোৱা সহজ কৰি তুলিব।

বিশাখাপট্টনম বন্দৰে সৌৰ শক্তি প্ৰকল্পৰ যোগেৰে বিদ্যুৎ উৎপাদন কৰাৰ উপৰিও অতিৰিক্ত শক্তিক পাৱাৰ গ্ৰিডৰ সৈতে সংযোগ কৰি ৰাজহ উপাৰ্জন কৰি আছে।

লগতে পঢ়ক: গুজৰাটৰ পৰা দিল্লীলৈ প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক জীৱনৰ ২০বছৰীয়া যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.