নিউজ ডেস্ক, 9 এপ্ৰিলঃ ছত্তিশগড়ৰ চুকমা জিলাৰ গাঁৱবাসীয়ে জিলা প্ৰশাসনক আন্তঃগাঁথনি নিৰ্মাণৰ কামত সহায় কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয় ৷ দেশব্যাপী চলি থকা লকডাউনৰ মাজতে এইদৰে প্ৰথমবাৰৰ বাবে চুকমাৰ গাঁৱবাসীয়ে জিলা প্ৰশাসন তথা নিৰাপত্তা বাহিনীক সহায় কৰিবলৈ মুকলিকৈ ওলাই অহা পৰিলক্ষিত হৈছে ৷
গাঁৱবাসীয়ে দোৰ্নাপল-জগৰগোন্দা পথৰ ওপৰত পোলামপল্লি গাঁৱৰ কাষত থকা এখন দলং নিৰ্মাণত সহায় কৰিবলৈ আগবাঢ়ি আহে ৷ বষ্টৰ ৰেঞ্জৰ আইজি পি সুন্দৰৰাজে প্ৰকাশ কৰা তথ্য অনুসৰি, 6-7 এপ্ৰিলৰ নিশাৰ ভাগত মাওবাদীয়ে আইইডিৰ দ্বাৰা দলংখন ধ্বংস কৰে ৷ এই পথটো 120খনৰো অধিক গাঁৱবাসীৰ বাবে যোগাযোগৰ একমাত্ৰ পথ আৰু এই পথেৰেই গাঁৱবাসীৰ বাবে ৰেচন, মেডিকেল আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ সৰবৰাহ কৰা হয় ৷
এই ঘটনাৰ পিচতেই জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু পেৰামিলিটাৰী বাহিনীয়ে দলংখনৰ নিৰ্মাণৰ কামত লাগি পৰে ৷ এইদৰে লকডাউনৰ সময়ত গাঁৱবাসীৰ মাজত যাতে অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনিয়ে দেখা নিদিয়ে তাৰ বাবেই তাৎক্ষণিকভাৱে গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ৷ প্ৰশাসনৰ গাঁৱবাসীৰ প্ৰতি থকা দায়িত্ববোধ দেখি স্থানীয় কেবাখনো গাঁৱৰ বহুসংখ্যক লোকে আহি নিৰ্মাণস্থলীত সহযোগিতা আগবঢ়ায় ৷