নিউজ ডেস্ক, ১১ জুলাইঃ পশ্চিম বংগৰ দক্ষিণ চৌবিশ পৰগনা জিলাৰ কোৱাৰেণ্টাইন কেন্দ্ৰৰ সমীপত শুকুৰবাৰে আৰক্ষী কৰ্মীৰ সৈতে সংঘৰ্ষত লিপ্ত হয় পাথৰপ্ৰতিমাৰ গাঁৱৰ গাঁওৱাসী । কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এজন স্বেচ্ছা সেৱকৰ গ্ৰেপ্তাৰৰ দাবীতে এই সংঘৰ্ষ হয় বুলি সদৰি কৰে আৰক্ষীয়ে। আনহাতে, আৰক্ষী-গাঁওৱাসীৰ মাজত হোৱা এই সংঘৰ্ষত বহুকেইজন গাঁওৱাসী,কোৱাৰেণ্টাইন কেন্দ্ৰৰ স্বেচ্ছা সেৱক আঘাটপ্ৰাপ্ত হোৱাৰ উপৰিও আৰক্ষী আৰু আৰক্ষীৰ বাহনও ক্ষতিগ্ৰস্ত হয় ।
উল্লেখ্য যে,কোৱাৰেণ্টাইন কেন্দ্ৰৰ এজন স্বেচ্ছা সেৱকে বৃহস্পতিবাৰে কোৱাৰেণ্টাইন কেন্দ্ৰৰ ভিতৰত প্ৰৱেশ কৰি কোৱাৰেণ্টাইন হৈ থকা এগৰাকী মহিলাৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ অভিযোগ উত্থাপন হয় । যাৰ পৰিপ্ৰেক্ষিততে পাথৰপ্ৰতিমাৰ গাঁওৱাসীয়ে কোৱাৰেণ্টাইন কেন্দ্ৰৰ সন্মুখত অভিযুক্ত গৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও স্থানীয় লোকসকলে কোৱাৰেণ্টাইন কেন্দ্ৰত থকা স্বেচ্ছা সেৱকসকলকৰ লগতে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।