ETV Bharat / bharat

হাথৰস কাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ দাবীৰে মহিলাৰ আমৰণ অনশন - হাথৰস কাণ্ড

বাঘপাট জিলাৰ নিৰপুড়া গাঁৱৰ প্ৰধান মুনেশ দেৱীয়ে উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডৰ দোষীত উচিত শাস্তি প্ৰদানৰ দাবীৰে শনিবাৰে পুৱাৰ পৰা আমৰণ অনশন কৰে ৷ দোষীয়ে শাস্তি নোপোৱা পৰ্যন্ত তেওঁৰ অনশন অব্যাহত থাকিব বুলি তেওঁ উল্লেখ কৰে ৷

থৰস কাণ্ডৰ দোষীক শাস্তি প্ৰদান
থৰস কাণ্ডৰ দোষীক শাস্তি প্ৰদান
author img

By

Published : Oct 4, 2020, 8:29 PM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ হাথৰসত এগৰাকী যুৱতীক গণধৰ্ষণ কৰাৰ লগতে যুৱতীগৰাকীৰ মৃতদেহ বলপূৰ্বকভাৱে দাহ কৰাৰ বাবে উত্তৰ প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে সম্প্ৰতি সৰৱ হৈ পৰিছে বহু লোক ৷

বাঘপাট জিলাৰ নিৰপুড়া গাঁৱৰ প্ৰধান গৰাকীয়ে এই ঘটনাৰ লগত জড়িত দোষীক কঠোৰ শাস্তি প্ৰদানৰ উদ্দেশ্য আমৰণ অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ যেতিয়ালৈ দোষীয়ে শাস্তি লাভ নকৰে তেতিয়ালৈ তেওঁ সেই অনশন অব্যাহত ৰাখিব বুলি সংবাদ মাধ্যমযোগে উল্লেখ কৰে ৷

শনিবাৰে পুৱাৰ পৰা গাঁওখনৰ প্ৰধান মুনেশ দেৱীয়ে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে ৷ হাথৰস কাণ্ডক তীব্ৰ গৰিহণা প্ৰদান কৰি তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথলৈ দোষীক উচিত শাস্তি প্ৰদানৰ দাবীৰে এখন পত্ৰও প্ৰেৰণ কৰে ৷

গাঁও প্ৰধান গৰাকীয়ে উল্লেক কৰে যে, "এনে ধৰণৰ ঘটনাই আমাৰ দেশত নাৰী কিমান অসুৰক্ষিত তাকেই দৰ্শায় ৷ অভিযুক্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীৰে মই মুখ্যমন্ত্ৰীক পত্ৰ প্ৰেৰণ কৰিছো ৷"

শনিবাৰে বাওঁপন্থী দল আৰু কংগ্ৰেছৰ নেতাসকলে হাথৰাসৰ গণধৰ্ষণৰ বিৰুদ্ধে কলকাতাত প্ৰতিবাদ সাব্যস্ত কৰিছিল ৷ যিয়ে দেশব্যাপী ক্ষোভৰ জুই একুৰাৰ উন্মেষ ঘটাইছিল ৷

দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে পত্ৰ প্ৰেৰণ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ

41 ছেপ্তেম্বৰত এগৰাকী 19 বছৰীয়া দলিত যুৱতীক হাথৰসৰ এখন গাঁৱত 4 জন লোকে ধৰ্ষণ কৰিছিল ৷ ভুক্তভোগী গৰাকীৰ অৱস্থাই জটিল ৰূপ ধাৰণ কৰাত তেওঁক দিল্লীৰ সফদৰজং চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল, য'ত তেওঁ মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে ৷

বুধবাৰে যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হৈছিল ৷ ভুক্তভোগীৰ পৰিয়ালবৰ্গই অভিযোগ কৰা অনুসৰি, স্থানীয় আৰক্ষীয়ে তেওঁলোকক নিশাই যুৱতীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰাৰ বাবে বাধ্য কৰাইছিল ৷

লগতে পঢ়ক: উত্তৰ প্ৰদেশ আৰু বিহাৰত সংঘটিত ধৰ্ষণৰ ঘটনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.