নিউজ ডেস্ক, ২৩ মাৰ্চঃ ভাৰতীয় নৌ-সেনাৰ পৰৱৰ্তী সেনাপ্ৰধান নিযুক্ত হ'ব ভাইচ-এডমিৰলে কৰমবীৰ সিং ৷ মাৰ্চ মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিবলগীয়া বৰ্তমানৰ নৌ-সেনা প্ৰধান এডমিৰেল সুনীল লানবাৰ ঠাইত স্থলাভিষিক্ত হ'ব ইষ্টাৰ্ণ নাভেল কামাণ্ডৰ ফ্লেগ অফিচাৰ চি ইন চি গৰাকী ৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ে শনিবাৰে প্ৰকাশ কৰিছে এই কথা ৷ ১৯৫৯ চনৰ ৩ নৱেম্বৰত জন্মগ্ৰহণ কৰা কৰমবীৰ সিঙেই হৈছে নৌ-সেনাৰ প্ৰথমগৰাকী হেলিকপ্টাৰ পাইলট যিয়ে বাহিনীটোৰ সৰ্বোচ্চ পদত অধিস্থিত হ'বলৈ সক্ষম হৈছে ৷
২০১৭ চনৰ ৩১ অক্টোবৰত ইষ্টাৰ্ণ নাভেল কামাণ্ডৰ ফ্লেগ অফিচাৰ কামাণ্ডিং ইন চীফ হিচাপে সেৱাভাৰ গ্ৰহণ কৰিছিল ভাইচ-এডমিৰেল কৰমবীৰ সিঙে ৷ নেশ্বনেল ডিফেন্স অকাডেমি, খাদাকৱাছলাৰ প্ৰাক্তন প্ৰশিক্ষাৰ্থী কৰণবীৰ সিঙে ১৯৮০ চনৰ জুলাই মাহত নৌ-সেনাত যোগদান কৰিছিল ৷ ১৯৮২ চনত ভাৰতীয় নৌ-সেনাত হেলিকপ্টাৰ পাইলট হিচাপে উইংগছ লাভ কৰিছিল আৰু নৌ-সেনাৰ চেটক আৰু কামোভ হেলিকপ্টাৰ ইউনিটক প্ৰতিনিধিত্ব কৰিছিল ৷ নিজৰ দক্ষতাৰ বলতেই ডিফেন্স চাৰ্ভিছেজ ষ্টাফ কলেজ, ৱেলিংটন আৰু মুম্বাইৰ কলেজ অৱ নাভেল ৱাৰফেয়াৰত উন্নত পৰ্যায়ৰ প্ৰশিক্ষণ লাভ কৰিছিল নৌ-সেনাৰ অভিজ্ঞ বিষয়াগৰাকীয়ে ৷ পৰৱৰ্তী সময়ত দুয়োটা অনুষ্ঠানৰে ডাইৰেক্টিং ষ্টাফক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছিল ভাইচ এডমিৰেলগৰাকীয়ে ৷
কৰমবীৰ সিঙে, ৩৭ বছৰীয়া কাৰ্যকালত ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ জাহাজ চান্দদিদিৰ লগতে নৌ-সেনাৰ ক্ষেপনাস্ত্ৰ পৰিবাহী জাহাজ আইএনএছ বিজয়দূৰ্গ, আইএনএছ ৰানা আৰু আইএনএছ দিল্লীৰ কামাণ্ডিং অফিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ ইয়াৰ উপৰিও নৌ-সেনাৰ এছোৰস্থিত ৱেষ্টাৰ্ণ ফ্লীটৰ ফ্লীট অফিচাৰ, নৌ-সেনা মুখ্যালয়ৰ নাভেল এয়াৰ ষ্টাফৰ সংযোগী নিৰ্দেশক তথা মুম্বাইস্থিত নৌ-সেনাৰ এয়াৰ ষ্টেচনৰ কেপ্টেইন এয়াৰ এণ্ড অফিচাৰ ইন চাৰ্জ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ নৌ-সেনাত ভাইচ এডমিৰেল হিচাপে পদোন্নতি হোৱাৰ পূৰ্বেই নৌ-সেনাৰ এয়াৰক্ৰিউ ইনষ্ট্ৰুমেন্ট ৰেটিং এণ্ড কেটাগোৰাইজেশ্বন ব'ৰ্ডৰ সদস্য হিচাপে কৰ্মৰত আছিল কৰমবীৰ সিং ৷
নৌ-সেনাত ভাইচ এডমিৰেল হিচাপে পদোন্নতি হোৱাৰ পূৰ্বে সেনাৰ তিনিওটা অংগৰ সংযোগী কামাণ্ডৰ অধীনস্থ আন্দামান নিকোবৰ দীপত চীফ অৱ ষ্টাফ আৰু মহাৰাষ্ট্ৰ তথা গুজৰাট নাভেল অঞ্চলৰ ফ্লেগ অফিচাৰ কামাণ্ডিং বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কৰমবীৰ সিঙে ৷ নৌ-সেনাত ভাইচ এডমিৰেল হিচাপে প্ৰজেক্ট চি-বাৰ্ডক প্ৰতিনিধিত্ব কৰাৰ লগতে কাৰৱাৰস্থিত নৌ-সেনাৰ অত্যাধুনিক শিৱিৰৰ ইন-চাৰ্জৰ দায়িত্বও লাভ কৰিছিল ৷ পৰৱৰ্তী সময়ত প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ ইন্টিগ্ৰেটেড হেডকোৱাৰ্টাৰৰ নৌ-সেনা শাখাৰ ডেপুটি চীফ অৱ নাভেল ষ্টাফ আৰু ভাইচ চীফ অৱ নাভেল ষ্টাফ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল ৷
অহা 31 মাৰ্চত ভাৰতীয় সৈণ্যবাহিনীৰ সৰ্বাধিনায়ক ভাৰতৰ ৰাষ্ট্ৰপতি মহামান্য ৰামনাথ কোৱিন্দৰ পৰা নৌ-সেনা প্ৰধান হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰিব ভাইচ-এডমিৰেলগৰাকীয়ে ৷ সিদিনাই ভাইচ-এডমিৰলে পদৰ পৰা এডমিৰেল পদলৈ পদোন্নতি লাভ কৰিব কৰমবীৰ সিঙে ৷ নৌ-সেনাত আগবঢ়োৱা উৎকৃষ্ট সেৱাৰ বাবে সৰ্বোচ্চ সামৰিক সন্মান পৰম বিশিষ্ট সেৱা মেডেল আৰু অতি বিশিষ্ট সেৱা মেডেলেৰে সন্মানিত হৈছে কৰমবীৰ সিঙ ৷