ETV Bharat / bharat

বন্দে ভাৰত আঁচনিঃ বহুসংখ্যক ভাৰতীয় নাগৰিকক লৈ ঢাকাৰ পৰা ৰাওনা বিশেষ বিমান

author img

By

Published : Jun 16, 2020, 5:08 PM IST

Updated : Jun 16, 2020, 7:37 PM IST

বন্দে ভাৰত আঁচনিৰ অধিনত ইতিমধ্যে ১,৬৫,৩৭৫ গৰাকী ভাৰতীয় নাগৰিকক দেশলৈ উভতাই অনা হৈছে। ইয়াৰ ভিতৰত ২৯,০৩৪ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিকো আছে।

বন্দে ভাৰত আঁচনিঃ বহুসংখ্যক ভাৰতীয় নাগৰিকক লৈ ধাকাৰ পৰা ৰাওনা বিশেষ বিমান

ইণ্টাৰনেশ্বনেল ডেস্ক,১৬ জুনঃ বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ অংশ হিচাপে মঙলবাৰে বাংলাদেশৰ ঢাকাৰ পৰা দিল্লী অভিমুখে ৰাওনা হয় এখন বিশেষ বিমান। দিল্লী আৰু আহমেদাবাদৰ বহুসংখ্যক যাত্ৰী লৈ বাংলাদেশৰ পৰা উৰা মাৰে এয়াৰ-ইণ্ডিয়াৰ বিশেষ বিমানখনে। বাংলাদেশৰ উচ্চায়ুক্তই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

বন্দে ভাৰত আঁচনিঃ বহুসংখ্যক ভাৰতীয় নাগৰিকক লৈ ধাকাৰ পৰা ৰাওনা বিশেষ বিমান
বন্দে ভাৰত আঁচনিঃ বহুসংখ্যক ভাৰতীয় নাগৰিকক লৈ ঢাকাৰ পৰা ৰাওনা বিশেষ বিমান

ভাৰত চৰকাৰৰ বন্দে ভাৰত আঁচনিৰ জড়িয়তে কোভিড-১৯ সংকটৰ বাবে বিশ্বৰ ভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক নিজ ৰাজ্যলৈ উভতাই অনাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে এই আঁচনিৰ অধিনত ১,৬৫,৩৭৫ গৰাকী লোকক দেশলৈ উভতাই অনা হৈছে। ইয়াৰ ভিতৰত আছে ২৯,০৩৪ গৰাকী প্ৰব্ৰজনকাৰী শ্ৰমিক। বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ১১ জুনত এই তথ্য প্ৰকাশ কৰে।

উল্লেখ্য যে,৭ মে'ত আৰম্ভ হৈছিল বন্দে ভাৰত আঁচনিৰ প্ৰথম পৰ্যায়ৰ কাম,১৬ মে'ত দ্বিতীয় পৰ্যায় আৰু ১১ জুনত এই আঁচনিত তৃতীয় পৰ্যায়ৰ কাম আৰম্ভ হৈছিল। ১১ জুনত আৰম্ভ হোৱা বন্দে ভাৰত আঁচনিৰ তৃতীয় পৰ্যায়ৰ কাম ৩০ জুনত অন্ত পৰিব ।

লগতে চাওকঃ মহানগৰীৰৰ 12 টা স্থানত মুকলি কোভিড 19ৰ বাবে স্বাৱ টেষ্ট কেন্দ্ৰ

Last Updated : Jun 16, 2020, 7:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.