নিউজ ডেস্ক, ২৪ এপ্ৰিলঃ উত্তৰাখণ্ডত লক ডাউনৰ সময়ত হ'ম কোৱাৰেণ্টাইন আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী-প্ৰশাসন । উত্তৰকাছী জিলাৰ ৰাজহ আৰক্ষীয়ে ৬ মহীয়া আৰু ২ বছৰৰ দুটি শিশুসহ মুঠ ৫১ জনৰ ওপৰত লক ডাউনৰ সময়ত হ'ম কোৱাৰেণ্টাইন নীতি নিয়ম উলংঘনৰ অপৰাধত ৰুজু কৰিছে গোচৰ ।
অৱশ্যে উত্তৰকাছী জিলা শাসকৰ মতে,জুভেলাইন ন্যায় আইনৰ অধীনত ৮ বছৰৰ বয়সৰ তলৰ শিশুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিব পৰা নাযায় । গতিকে এই ঘটনাৰ তদন্ত কৰা হ'ব বুলি উল্লেখ কৰা হয়। লগতে জুভিলাইন ন্যায় আইনৰ অধীনত শিশুৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা জিলাখনৰ কোভিড-১৯ শাসকৰ বিৰুদ্ধেও অনুশাসনমূলক আৰু নিলম্বনৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰে উত্তৰকাছী জিলা শাসককে । এই ঘটনা সন্দৰ্ভত প্ৰতিবেদনো বিচৰা হৈছে ।
বৰ্তমান দেশত কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে লক ডাউন চলি আছে । অতি আৱশ্যক সামগ্ৰী ক্ৰয়ৰ কৰাৰ বাদে সকলোকে ঘৰতে থকাৰ আহ্বান জনোৱা হৈছে আৰক্ষী প্ৰশাসন,চৰকাৰৰ তৰফৰ পৰা ।