নিউজ ডেস্ক, ৯ জুনঃ উত্তৰ প্ৰদেশৰ মহোৱা জিলাত মঙলবাৰে সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । সুৰাপায়ী জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে কৰিলে কনিষ্ঠ ভাতৃক । ঘৰুৱা কাজিয়াৰ পৰিণতিতেই এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।
আনহাতে, জ্যেষ্ঠ ভাতৃৰ হাতত মৃত্যু হোৱা ৰাজাবাবুয়ে গালিয়ৰৰ এটা ইটা ভাটাত কৰ্মৰত আছিল । সোমবাৰে সন্ধিয়া নিচাসক্ত অৱস্থাত দুয়োগাকী ভাতৃৰ মাজত হোৱা তুমুল বিতৰ্কৰ বাবেই জ্যেষ্ঠ ভাতৃয়ে কনিষ্ঠ ভাতৃক এখন বেলছাৰে গুৰুতৰভাৱে আহত কৰে । আহত কনিষ্ঠ ভাতৃক সংকটজনক অৱস্থাত পৰিয়ালৰ অন্য সদস্য তথা স্থানীয় লোকে হাস্পতালত ভৰ্তি কৰাই যদিও চিকিৎকে মৃত ঘোষণা কৰে ।
উল্লখ্য যে, ইতিমধ্যে স্থানীয় আৰক্ষীয়ে জ্যেষ্ঠ ভাতৃক আটক কৰাৰ উপৰিও ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিবলৈ দিয়ে ।