ETV Bharat / bharat

উত্তৰ প্ৰদেশত প্ৰেমিকৰ সৈতে এগৰাকী মহিলাক জ্বলাই হত্যা কৰিলে পৰিয়ালৰ সদস্যই

author img

By

Published : Aug 7, 2020, 3:00 AM IST

এগৰাকী মহিলাক তেওঁৰ প্ৰেমিকৰ সৈতে অসংযত অৱস্থাত উদ্ধাৰ কৰি মহিলাগৰাকীৰ পৰিয়ালৰ সদস্যই দুয়োকে ঘৰৰ ভিতৰত আবদ্ধ কৰি কৰিলে অগ্নি সংযোগ । অগ্নি সংযোগৰ পূৰ্বে দুয়োকে চোকা অস্ত্ৰৰে কৰিলে আক্ৰমণ । আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইয়াৰে তিনি অভিযুক্তক আটক কৰিছে । লগতে আন সমূহ অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান ।

Couple burnt alive in 'honour killing' in Uttar Pradesh
উত্তৰ প্ৰদেশত প্ৰেমিকৰ সৈতে এগৰাকী মহিলাক জ্বলাই হত্যা কৰিলে পৰিয়ালৰ সদস্যই

নিউজ ডেস্ক,৬ আগষ্ট: বৃহস্পতিবাৰে আৰক্ষীয়ে সদৰি কৰা মতে,উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ এখন গাঁৱত প্ৰেমিকৰ সৈতে ১৯ বছৰীয়া এগৰাকী মহিলাক পৰিয়ালৰ সদস্যই জ্বলাই কৰিলে হত্যা ।

বুধবাৰে সন্ধিয়া জিলাখনৰ মাতাউন্ধ অঞ্চলৰ কাৰচা গাঁৱত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডৰ ঘটনা । অভিযুক্ত পৰিয়ালৰ সদস্য সকলৰ মতে ১৯ বছৰীয়া মহিলা গৰাকীক তেওঁৰ প্ৰেমিকৰ লগত অসংযত অৱস্থাত উদ্ধাৰ কৰাৰ পিছতেই অগ্নি সংযোগ কৰি দিয়া হৈছিল ।

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মহেন্দ্ৰ প্ৰতাপ সিঙে জানিবলৈ দিয়া মতে,পৰিয়ালৰ সদস্য সকলে এটা ঘৰৰ ভিতৰত আবদ্ধ কৰি অগ্নি সংযোগ কৰি দিছিল । শীৰ্ষ আৰক্ষী বিষয়া বিষয়াগৰাকীয়ে জনোৱা মতে,সংকটজনক অৱস্থাত দুয়োকে স্থানীয় চিকিৎসালয়লৈ নিয়া হৈছিল যদিও ভোলা নামৰ ২৩ বছৰীয়া প্ৰেমিকজনৰ চিকিৎসালয়ত মৃত্যু ঘটে ।

ইফালে প্ৰায় ৮০ শতাংশ জ্বলি যোৱা প্ৰিয়ঙ্কা নামৰ মহিলা গৰাকীক উন্নত চিকিৎসাৰ বাবে কানপুৰলৈ স্থানান্তৰিত কৰা হৈছিল যদিও চিকিৎসালয়লৈ নিয়াৰ পথতে তেওঁৰো মৃত্যু ঘটে ।

শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে অৱগত কৰা মতে,পৰিয়ালৰ ৯জনকৈ সদস্যৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে গোচৰ ৰুজু কৰি ইয়াৰে তিনি অভিযুক্তক আটক কৰিছে। লগতে আন সমূহ অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে চলাইছে অভিযান ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.