ETV Bharat / bharat

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: নিহত ৫জন

author img

By

Published : Oct 6, 2020, 12:16 PM IST

উত্তৰ প্ৰদেশৰ দেৱৰিয়াত ভয়াৱহ পথ দুৰ্ঘটনা। স্কুটী, বাইক আৰু এছ ইউ ভি বাহনৰ সংঘৰ্ষত প্ৰাণ গ'ল ৫জনৰ। চালেমপুৰ-লাৰ পথত সংঘটিত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আন এজন লোক।

উত্তৰ প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত ৫জন নিহত

নেশ্যনেল ডেস্ক, ৬অক্টোবৰ: উত্তৰ প্ৰদেশৰ দেৱৰিয়াত স্কুটী, বাইক আৰু এছ ইউ ভি বাহনৰ মাজত সংঘৰ্ষ। ভয়াৱহ এই দুৰ্ঘটনাত মৃত্যু হয় ৫জন লোকৰ। গুৰুতৰভাৱে আহত হয় আন এজন লোক। দেৱৰিয়াৰ চালেমপুৰ আৰু লাৰ সংযোগী পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আটাইকেইজন লোককে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও ৫জনক চিকিৎসকে মৃত ঘোষণা কৰে। মৃত ব্যক্তিসকলৰ ভিতৰত ৰাজন সিং,প্ৰমোদ যাদৱ,প্ৰিন্স তিৱাৰীৰ পৰিচয় উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষী বিষয়া টি জে সিঙে। সম্প্ৰতি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৫গৰাকী লোকৰে মৃতদেহ। আনহাতে, এতিয়াও চিকিৎসাধীন হৈ আছে সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা লোকজন। দুৰ্ঘটনাৰ ফলত বাহনকেইখনৰো যথেষ্ট ক্ষতি হয়।

লগতে পঢ়ক: কাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.