ETV Bharat / bharat

ভাৰত-নেপাল সীমান্তত অবৈধ চীনা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ - হেন লেই নামৰ চীনা নাগৰিকক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ ভাৰত-নেপাল সীমান্তৰ মহাৰাজগঞ্জত চীনা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ সীমা বলৰ জোৱানে। দেওবাৰে মহাৰাজগঞ্জৰ ছ'নৌলি সীমান্তৰে অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল চীন দেশৰ নাগৰিকজনে।

ভাৰত-নেপাল সীমান্তত অবৈধ চীনা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ

author img

By

Published : Aug 24, 2020, 2:57 PM IST

নেশ্যনেল ডেস্ক,২৪আগষ্টঃ উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ ভাৰত-নেপাল সীমান্তত অবৈধ চীনা অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে সশস্ত্ৰ সীমা বলৰ জোৱানে। মহাৰাজগঞ্জৰ ছ'নৌলিৰ পৰা দেওবাৰে সশস্ত্ৰ সীমা বলৰ জোৱানে গ্ৰেপ্তাৰ কৰে চীন দেশৰ নাগৰিকজনক । হেন লেই নামৰ ৩৭বছৰীয়া চীনা লোকজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ধাৰাৰ অধীনত প্ৰতাৰণাৰ গোচৰ ৰুজু কৰা হৈছে । বৰ্তমান ক'ৰোনা মহামাৰীৰ বিভীষিকা অব্যাহত থকা বাবে বিদেশী নাগৰিকৰ প্ৰৱেশ ভাৰতত নিষিদ্ধ কৰা হৈছে । এনে পৰিস্থিতিত ভাৰতত প্ৰৱেশ কৰা বাবে গ্ৰেপ্তাৰ কৰা হৈছে চীনা লোকজনক।

হেন লেইয়ে নিজকে এগৰাকী ব্যৱসায়ী বুলি দাবী কৰিছে । ২০১৯ চনৰ ১১ছেপ্টেম্বৰৰ পৰা 20২০ চনৰ ৯ছেপ্টেম্বৰলৈকে প্ৰযোজ্য হোৱাকৈ ভাৰতৰ ভিজাও আছে তেওঁৰ লগত । আৰক্ষীৰ জেৰাত নাগৰিকজনে কৈছে যে, তেওঁ চলিত বৰ্ষৰ ৩০ জানুৱাৰীত ভাৰতলৈ আহিছিল আৰু ৮ মে'ত দিল্লীৰ পৰা কাঠমাণ্ডুলৈ গৈছিল । যোৱা ৬ জুনত নেপালত তেওঁৰ পৰ্যটকৰ বাবে থকা ভিজাৰ নিৰ্ধাৰিত দিন উকলিছিল । তেতিয়াৰে পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা চলাই আছিল তেওঁ ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.