নেশ্যনেল ডেস্ক, ১ ডিচেম্বৰ: শেহতীয়াকৈ লোকসভাৰ মহাসচিব হিচাপে নিযুক্তি লাভ কৰা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিঙে মঙলবাৰে কাৰ্যভাৰ গ্ৰহণ কৰে । উত্তৰাখণ্ড কেডাৰৰ ১৯৮৬ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক বিষয়াগৰাকীয়ে কেবিনেট সচিবৰ পদ আৰু মৰ্যাদাৰে লোকসভা সচিবালয়ত দায়িত্ব পালন কৰিব । উৎপল কুমাৰ সিঙে জীৱনৰ ৩৪ বছৰ ৰাইজৰ সেৱক হিচাপে কাম কৰিছে ।
-
Welcoming the new Secretary-General: Shri Utpal Kumar Singh, the newly-appointed Secretary General of Lok Sabha & @LokSabhaSectt arrives in Parliament House pic.twitter.com/5UJdheoJLz
— LOK SABHA (@LokSabhaSectt) December 1, 2020 " class="align-text-top noRightClick twitterSection" data="
">Welcoming the new Secretary-General: Shri Utpal Kumar Singh, the newly-appointed Secretary General of Lok Sabha & @LokSabhaSectt arrives in Parliament House pic.twitter.com/5UJdheoJLz
— LOK SABHA (@LokSabhaSectt) December 1, 2020Welcoming the new Secretary-General: Shri Utpal Kumar Singh, the newly-appointed Secretary General of Lok Sabha & @LokSabhaSectt arrives in Parliament House pic.twitter.com/5UJdheoJLz
— LOK SABHA (@LokSabhaSectt) December 1, 2020
পূৰ্বৰ লোকসভাৰ মহাসচিব স্নেহলতা শ্ৰীবাস্তৱৰ কাৰ্যকাল ৩০ নৱেম্বৰত সমাপ্ত হয় । লোকসভা সচিবালয়ে জাৰি কৰা অধিসূচনা অনুসৰি, ২৮ আগষ্টত লোকসভা অধ্যক্ষ ও'ম বিৰলাৰ দ্বাৰা নিযুক্তিৰ অনুমতি প্ৰদান কৰা হয় আৰু উৎপল কুমাৰ সিঙক নিযুক্ত কৰা হয় । লোকসভা সচিবালয়ৰ তৰফৰ পৰা প্ৰকাশ কৰা হৈছে যে, পে' মেট্ৰিক্স পৰ্যায় ১৮ত চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ পৰা অধ্যক্ষৰ পৰৱৰ্তী আদেশ জাৰি কৰালৈকে সিঙক নিযুক্ত কৰা হৈছে ।
লগতে পঢ়ক:আৰৱ-বাৰেইনত কৰ্মৰত ভাৰতীয় সকলক পুনৰ উভতাই পঠাবলৈ সাজু ভাৰত