ETV Bharat / bharat

ভাৰতৰ লোকসভা নিৰ্বাচনক অবিশ্বাস্য ঘটনা আখ্যা আমেৰিকাৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু এন ডি এক নিৰ্বাচনী বিজয়ৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আগন্তুক সময়ত নতুন চৰকাৰখনৰ সৈতে সন্ত্ৰাসবাদ নিৰ্মূলৰ দৰে বিষয়ত একেলেগে কাম কৰি যাবলৈ আশাবাদী বুলিও মুখপাত্ৰ গৰাকীয়ে মন্তব্য কৰে ৷

author img

By

Published : May 24, 2019, 4:30 PM IST

US praises

নিউয়ৰ্ক , 24 মে' :ভাৰতৰ সদ্যসমাপ্ত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিকা পৰিকল্পনাক প্ৰশংসা কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ দেশখনৰ প্ৰায় 66 শতাংশ ভোটাৰে ভোটদান কৰা নিৰ্বাচনৰ সফল পৰিকল্পনা প্ৰশংসাৰ যোগ্য বুলি মন্তব্য কৰে "ষ্টেট ডিপাৰ্টমেণ্ট" মুখপাত্ৰ মৰগান অৰটাগচে ৷

তেওঁ লগতে কয় যে ,যি সময়ত ভাৰতৰ একাংশ দলে ই ভি এমৰ বিৰোধিতা কৰি বেলট পেপাৰৰ উভতাই আনিবলৈ দাবী জনাই আহিছে ৷ সেই সময়তে প্ৰায় 900 মিলিয়ন ভোটাৰেৰে ন্যায় আৰু সততাৰ ওপৰত বিশ্বাস ৰাখি নিৰ্বাচনৰ পৰিকল্পনা কৰাটো সঁচাই প্ৰশংসাৰ যোগ্য ৷ লোকসভা নিৰ্বাচনক এক অবিশ্বাস্য ঘটনা আখ্যা দি আমেৰিকাই ভাৰত চৰকাৰে কৰা নিৰ্বাচনৰ পৰিকল্পনা তথা ইয়াৰ সফল উপস্থাপনক প্ৰশংসা কৰে ৷

US praises Indian elections, terms it 'incredible event'
320-214-3371456-445-3371456-1558686071361.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.