ETV Bharat / bharat

উত্তৰ প্ৰদেশ চৰকাৰে জাৰী কৰিব 'আনলক ৱান'ৰ নিয়মাৱলী

author img

By

Published : May 31, 2020, 5:04 PM IST

উত্তৰ প্ৰদেশ চৰকাৰে দেওবাৰে বিয়লি ৰাজ্যবাসীৰ বাবে জাৰী কৰিব 'আনলক ৱান'ৰ নিয়মাৱলী । ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে উল্লেখ কৰা অনুসৰি ৰাজ্যবাসীৰ বাবে সামাজিক দুৰত্ব বৰ্তাই ৰখা আৰু মাস্ক বাধ্যতামূলক হ'ব ।

up govt to issue guidelines for unlock 1

নিউজ ডেস্ক, ৩১ মে' : উত্তৰ প্ৰদেশবাসীৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে জাৰী কৰিব 'আনলক ৱান'ৰ নিয়মাৱলী । এই নিয়মাৱলীত আন্তঃৰাজ্যিক বাছ তথা টেক্সি সেৱা আৰম্ভ, অধিকসংখ্যক লোকৰ সমাগম বন্ধ, সামাজিক দুৰত্ব বৰ্তাই ৰখা আৰু মাস্ক বাধ্যতামূলক হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ।

কেন্ত্ৰীয় গৃহ মন্ত্ৰণালয়ে শনিবাৰে জাৰী কৰা নিয়মাৱলী অনুসৰি 8 জুনৰ পৰা দেশত খোলা থাকিব ধৰ্মীয় স্থান, হোটেল, ৰেষ্টুৰেণ্ট, শ্বপিং মল আদি ৷ আনহাতে, ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ চৰকাৰৰ লগত আলোচনা কৰি বিদ্যালয়, কলেজ, কোচিং চেণ্টাৰ আদি খোলাৰ নিৰ্দেশ দিব চৰকাৰে ৷

পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি আন্তৰাষ্ট্ৰীয় বিমান সেৱা, মেট্ৰ' ৰেল, চিনেমা হল, জিম, চুইমিং পুল, এণ্টাৰটেইনমেণ্ট পাৰ্ক আদি খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব গৃহ মন্ত্ৰণালয়ে ৷ কিন্তু 'Containment zone'সমূহত 30 জুনলৈকে বাহাল থাকিব লকডাউন ৷ 'Containment zone'সমূহত এমাহ পাছত জাৰী কৰা হ'ব নতুন নিয়মাৱলী ।

লকডাউন শিথিল কৰিলেও নিশা 9 বজাৰ পৰা পুৱা 5 বজালৈকে কোনো ব্যক্তিয়ে ঘূৰা ফুৰা কৰিব নোৱাৰিব বুলি গৃহ মন্ত্ৰণালয়ে গাইডলাইনত উল্লেখ কৰে ৷ ইয়াৰ বিপৰীতে আন্তঃৰাজ্যিক ভ্ৰমণত এতিয়াৰে পৰা নাথাকিব কোনো বাধা ৷ লগতে, ভ্ৰমনৰ বাবে কোনো অনুমতি অথবা 'e-permit'ৰ প্ৰয়োজন নহয় ৷

আনহাতে, 65 বছৰৰ উৰ্দ্ধৰ লোক, গৰ্ভৱতী মহিলা আৰু 10 বছৰৰ তলৰ শিশুক ঘৰত থকাৰ নিৰ্দেশ গৃহ মন্ত্ৰণালয়ৰ ৷ স্বাস্থ্যজনিত কাৰণত চৰকাৰে জাৰী কৰে এই নিৰ্দেশনা ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.