ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আত্মীয়ক উত্তৰাখণ্ডত প্ৰৱেশত বাধা - যোগী অদিত্যনাথৰ পিতৃৰ অন্তিম সৎকাৰ

জিলা দণ্ডাধীশৰ পৰা অনুমতি পত্ৰ লৈ অহাৰ পাচতো আৰক্ষীয়ে প্ৰৱেশ কৰিব নিদিলে যাবলৈ বিচৰা ৰাজ্যখনত । সেয়ে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ দেউতাকৰ অন্তিম সৎকাৰত অংশ লব নোৱাৰিলে মাহীয়েকে ।

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ আত্মীয়ক উত্তৰাখণ্ডত প্ৰৱেশত বাধা

author img

By

Published : Apr 21, 2020, 11:39 AM IST

নিউজ ডেস্ক, 21 এপ্ৰিলঃ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ দেউতাকৰ মৃত্যু হৈছিল সোমবাৰে পুৱা । তাৰ পাচত অন্তিম সৎকাৰৰ বাবে তেওঁৰ শৱ দেহ লৈ যোৱা হৈছিল উত্তৰাখণ্ডৰ পাউৰি গাৰোৱালত থকা পিতৃৰ গাঁৱলৈ ।

অদিত্যনাথৰ পিতৃৰ অন্তিম সৎকাৰত অংশ ল'বলৈ নিজ ল'ৰাৰ সৈতে মাহীয়েক উত্তৰাখণ্ডলৈ ৰাওনা হৈছিল । কিন্তু উত্তৰাখণ্ডৰ সীমান্ত পোৱাৰ পাচতেই আৰক্ষীয়ে তেওঁলোকক প্ৰৱেশত বাধা দি উভতাই পঠিয়াই ।

তেওঁলোকে লগত চেহৰানপুৰৰ জিলা দণ্ডাধীশ অখিলেশ সিঙৰ পৰা অনুমতি পত্ৰ লৈ গৈছিল । সেইখন দেখুওৱাৰ পাচতো প্ৰৱেশ কৰিবলৈ নিদিলে উত্তৰাখণ্ডত থকা গাওঁখনত ।

উল্লেখ্য যে, দেশত চলি থকা লক ডাউনৰ বাবে প্ৰৱেশ কৰাত বাধা পালে তেওঁলোকে । আনহতে লক ডাউন চলি থকাৰ বাবেই মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে পিতৃৰ অন্তিম সৎকাৰত অংশ নোলোৱাৰ কথা ঘোষণা কৰিছিল ।

লগতে পঢ়কঃ উত্তৰাখণ্ডত কৰ'ণা ভাইৰাছৰ পৰীক্ষাৰ বাবে প্ৰেৰণ দুটা অসুস্থ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.