ETV Bharat / bharat

জে এন ইউত মুখা পৰিহিত ঘাতকৰ সন্ত্ৰাস

author img

By

Published : Jan 6, 2020, 3:28 PM IST

5 জানুৱাৰীৰ সন্ধিয়া 6.30 মিনিটত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে অচিনাক্ত দুৰ্বৃত্তৰ দল ৷ মূৰত টুপী আৰু মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ দলটোক চিনি পোৱাটো সম্ভৱ নাছিল ৷ হাতে হাতে লাঠি-ৰ'ড-হকী ষ্টিক লৈ জে এন ইউৰ চৌহদত বিচৰণ দুৰ্বৃত্তৰ৷

UNKNOWN MISCREANT ATTACKED IN JNU
জে এন ইউত মুখা পৰিহিত ঘাতকৰ সন্ত্ৰাস

নেশ্বনেল ডেস্ক, 6 জানুৱাৰী : অচিনাক্ত দুৰ্বৃত্তৰ সন্ত্ৰাসত ত্ৰস্তমান দেশৰ আগশাৰীৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয় ৷ দেশৰ ভিতৰতে মেধাৱী শিক্ষাৰ্থীৰে ভৰি থকা জে এন ইউত মুখা পিন্ধা দুৰ্বৃত্তৰ ভয়ংকৰ আক্ৰমণ ৷ 5 জানুৱাৰীৰ সন্ধিয়া 6.30 মিনিটত দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ব বিদ্যালয়ৰ চৌহদত প্ৰৱেশ কৰে অচিনাক্ত দুৰ্বৃত্তৰ দল ৷ মূৰত টুপী আৰু মুখত কাপোৰ বান্ধি অহা দুৰ্বৃত্তৰ দলটোক চিনি পোৱাটো সম্ভৱ নাছিল ৷ হাতে হাতে লাঠি-ৰ'ড-হকী ষ্টিক লৈ জে এন ইউৰ চৌহদত বিচৰণ দুৰ্বৃত্তৰ৷ এফালৰ পৰা দুৰ্বৃত্তই ভাঙি গ'ল ছাত্ৰাবাস-ছাত্ৰীনিবাসৰ দুৱাৰ-খিৰিকী ৷ নিৰ্বিচাৰভাৱে প্ৰহাৰ কৰিলে ছাত্ৰ একতা সভাৰ বিষয়বৱীয়াৰ লগতে ছাত্ৰ-ছাত্ৰীক ৷ এই আক্ৰমণৰ ভয়াৱহতা ইমানেই বেছি আছিল যে, আক্ৰমণকাৰীৰ হাতৰ পৰা সাৰি নগ'ল গৱেষক শিক্ষাৰ্থী আৰু অধ্যাপক-অধ্যাপিকাও ৷ 10-15 জনীয়া একোটা গোটত ভাগ হৈ মুখা পিন্ধা দুৰ্বৃত্তই নিৰ্বিচাৰভাৱে চলাই গ'ল সন্ত্ৰাস ৷

জে এন ইউত মুখা পৰিহিত ঘাতকৰ সন্ত্ৰাস

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত সংঘটিত এই ভয়ংকৰ আক্ৰমণৰ ঘটনাত গুৰুতৰভাৱে আহত হয় ছাত্ৰ একতা সভাৰ সভাপতি আইছি ঘোষসহ প্ৰায় 20 জন শিক্ষাৰ্থী আৰু শিক্ষক ৷ ততাতৈয়াকৈ আহতসকলক ভৰ্তি কৰোৱা হয় এইমচত ৷ ঘটনা সংঘটিত হোৱাৰ বহু পলমকৈ জে এন ইউত উপস্থিত হয় দিল্লী আৰক্ষীৰ দল ৷ আনহাতে, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তাৎক্ষণিকভাৱে জে এন ইউৰ আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্যপালক অনুৰোধ জনায় ৷

এই নৃশংস আক্ৰমণৰ বাতৰি বিয়পি পৰাৰ লগে লগেই আতংকই বিৰাজ কৰিছে জে এন ইউ চৌহদত ৷ এনে ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা জনায় দেশৰ ভিন্ন প্ৰান্তৰ ছাত্ৰসমাজৰ লগতে বিজ্ঞমহলে ৷ কিন্তু আশ্চৰ্যজনক কথা যে, কোনে শিক্ষানুষ্ঠানখনত আক্ৰমণৰ পৰিকল্পনা ৰচিছিল সেইয়া এতিয়াও পোহৰলৈ অহা নাই ৷ অৱশ্যে বিজেপি দলৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্যই এই আক্ৰমণ সংঘটিত কৰাৰ অভিযোগ তুলিছে একাংশই ৷ দেশৰ ৰাজধানীত এইদৰে বিশ্ববিদ্যালয়ৰ ভিতৰতেই শিক্ষাৰ্থীক প্ৰহাৰৰ ঘটনাই কেন্দ্ৰ চৰকাৰৰ সুৰক্ষা ব্যৱস্থাক যেন উপহাস কৰিছে ৷

Intro:Body:

JNU INCIDENT OVERALL

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.